Logo
image

নীলাকাশলৈ নীলপৱন

আধুনিকতাবাদৰ ধবজাবাহী বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জীৱনাৱসান, শোকস্তব্ধ অসম

আমাৰ অসম, ২৯ অক্টোবৰঃ ৰং-তুলিকাৰে জীৱনটো সজাব খোজা মানুহজনে মাটিত ভৰি থৈ আকাশ চুব খুজিছিল৷ নীলা আকাশ মানুহজনৰ অতি প্ৰিয়৷ বিভিন্ন প্ৰসংগত নীলাকাশৰ বন্দনা কৰিছিল তেওঁ৷ কেৱল ছবি আঁকিয়েই দায়িত্ব শেষ বুলি ভবা নাছিল মানুহজনে৷ ছবি অঁকাৰ লগে লগে দেশৰ প্ৰতি, দহৰ প্ৰতি, সমাজৰ প্ৰতি, জাতিৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ ক্ষেত্ৰত সততে পিছহুঁহকি অহা নাছিল মানুহজন৷ প্ৰেমৰ ক্ষেত্ৰততো ক’বই নালাগে৷ পৃথিৱীৰ ভিতৰতে ব্যতিক্ৰম প্ৰেমিকৰূপে চিনাকি দি থৈ গৈছে এই মানুহজনে– তেওঁৰ ব্যতিক্ৰম কৰ্মৰে৷ ৰং-তুলিকাৰ সমান্তৰালভাৱে নীলা আকাশ, শইচভৰা পথাৰ, সুৰীয়া গীত আৰু ছন্দময় কবিতাৰ আজন্ম প্ৰেমিক এই মানুহজন৷ হয়, নীলপৱন বৰুৱাৰ কথা কৈছোঁ৷ ‘ককাদেউতাৰ হাড়’খ্যাত প্ৰখ্যাত সাহিত্যিক, কবি, সমালোচক, শিক্ষাবিদ নৱকান্ত বৰুৱাই নীলপৱন বৰুৱাৰ বিষয়ে কাব্যিক ভাষাৰে এইদৰে কৈছে– ‘বৰুৱা শ্ৰীমান নীলপৱন, ৰঙৰ খেলাত বৰ মগন, ঘৰৰ আগত বৰ চোতাল, তাতে বহি ভাবে আকাশ পাতাল, ৰঙেৰে ভৰাব নীল গগন৷’ প্ৰসিদ্ধ কবি সমীৰ তাঁতীয়ে নীলপৱন বৰুৱাৰ বিষয়ে এইদৰে লিখিছে– ‘...মন আছে, ৰং আছে, সন্ধ্যা আছে, স্পৰ্শ আছে, জোনাক আছে, স্নেহ চাৱনিও আছে৷ আৰুনো কি কি আছে? যি যি আছে সেয়াইতো আপোনাৰ আপুনি৷ নীলা, সেউজীয়া, মটীয়া, ৰঙা আৰু বেঙুনীয়া৷ আটাইবোৰেইতো ছাঁ-পোহৰৰ খেলা৷...’ এইজন নীলপৱন বৰুৱাই হাজাৰ হাজাৰ গুণমুগ্ধ আৰু অনুৰাগীক কন্দুৱাই শুকুৰবাৰে শেষনিশ্বাস ত্যাগ কৰে৷ বগা-সেউজীয়া-নীলাৰ প্ৰেমত আকণ্ঠ ডুবি থকা, আধুনিকতাৰ ধবজাবাহী এই বৰেণ্য চিত্ৰশিল্পীজনক যেন হাতবাউলি মাতিলে নীলা আকাশখনে৷ সেইবাবেই হয়তো হাজাৰ হাজাৰ অনুৰাগীক শোকৰ সাগৰত পেলাই নীলপৱন বৰুৱাও পৃথিৱীৰ মায়া এৰি গুচি গ’ল নীল আকাশলৈ, নীলা আকাশলৈ– নীলাকাশলৈ৷

চিনাকি কেন্‌ভাছ এৰি অজান্তি মুলুকলৈ নীলপৱন বৰুৱা

গুৱাহাটীৰ সৌৰভ নগৰৰ পৰাই ওৰেটো জীৱন কেৱল চিত্ৰশিল্পৰ সৌৰভ বিলাই চিনাকি ৰং, চিনাকি কেনভাছ এৰি নীলাকাশলৈ বাট বুলিলে প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাই৷ যি বাটেৰে চাৰি বছৰ আগতেই গুচি গৈছিল প্ৰেমিকা পত্নী কোকিলকণ্ঠী গায়িকা দীপালি বৰঠাকুৰ৷ ২৮ অক্টোবৰ শুকুৰবাৰে বিয়লি প্ৰায় ৩-১৫ বজাত তেওঁ ‘জীৱন’ নামৰ ‘কেনভাছ’খন এৰি মেলানি মাগিলে৷ ২২ ছেপ্টেম্বৰৰ পৰা তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ বৰেণ্য চিত্ৰশিল্পীগৰাকীৰ মৃত্যুৰ লগে লগে শিল্পীসত্তাৰ এটা যুগৰ অন্ত পৰিল৷ ১৯৩৬ চনৰ ১ জুনত যোৰহাটত টীয়কৰ তামুলীচিঙা গাঁৱত জন্মগ্ৰহণ কৰিছিল নীলপৱন বৰৱাই৷ ধবনি কবি বিনন্দ চন্দ্ৰ বৰুৱা আৰু লাৱণ্য প্ৰভা বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ আছিল নীলপৱন বৰুৱা৷ ১৯৮৬ চনৰ পৰা ২০২০ চনলৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসৰ সভাপতিৰ দায়িত্ব পালন কৰা নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত কলেজীয়া শিক্ষা লোৱা নাছিল৷ কিন্তু পাছত প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ শান্তি নিকেতনত শিক্ষা লোৱাৰ মানস কৰে আৰু কলকাতালৈ যায়৷ প্ৰথমে তেওঁৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ৷ কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণীসমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষাগ্ৰহণ কৰে৷ ১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল৷ শান্তি নিকেতনৰ চিত্ৰকলাৰ শিক্ষা শেষ কৰি তেওঁ শান্তি নিকেতনৰ পৰা গ্ৰেজেড পট্টাৰী বিষয়ত শিক্ষা লয়৷ পাছলৈ তেওঁ নতুন দিল্লীৰ ‘গাৰ্হি ষ্টুডিঅ’তো চিত্ৰাকংনৰ শিক্ষা লয়৷ ১৯৬৬ চনত কলিকতাৰ পৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি ‘গুৱাহাটী আৰ্ট কলেজ’ত শিক্ষকৰ কামত যোগ দিয়ে৷ ১৯৭১ চনত তেওঁ অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে৷ লগতে ‘বসুন্ধৰা কলা নিকেতন’ নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰশিল্পৰ বিদ্যালয় স্থাপন কৰে৷ ইয়াৰ পাছৰে পৰা তেওঁ চিত্ৰশিল্প সৃষ্টিৰ কামত গভীৰভাৱে মনোনিৱেশ কৰে৷ নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ কলকাতাৰ বিৰলা একাডমি অফ আৰ্ট এণ্ড কালচাৰ, ভুৱনেশ্বৰৰ ‘লক্ষ্ণৌ ললিত কলা একাডেমি’কে আদি কৰি বিভিন্ন ঠাইত প্ৰদৰ্শিত হৈছে৷ তেওঁৰ অংকিত ছবিয়ে দিল্লীৰ ললিত কলা একাডেমিত অসমক প্ৰতিনিধিত্ব কৰিছিল৷ ১৯৮২ চনত তেওঁ অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল৷ মুখা শিল্পৰ কৰ্মশালাত মাজুলীৰ মুখাশিল্পীয়ে অংশগ্ৰহণ কৰিছিল৷ তেওঁ বৃন্দাৱনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰুজ্জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল৷ উল্লেখ্য, নীলপৱন বৰুৱাই ‘চাৰমিনাৰ’ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছিল৷ নীলপৱন বৰুৱাই পূৰ্বতে উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল আৰু যিটো সময়ত তেওঁ প্ৰচুৰ ধূমপান কৰিছিল৷ সৃষ্টিৰ বিশালতাৰে এটা অনুষ্ঠান স্বৰূপ হৈ নীলপৱন বৰুৱাই অসমৰ খ্যাতনামা কণ্ঠশিল্পী দীপালি বৰঠাকুৰক নিজৰ জীৱন সংগী কৰি লৈছিল৷ কণ্ঠশিল্পী দীপালি বৰঠাকুৰে ‘মটৰ-নিউৰণ ৰোগ’ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰুওৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো ‘হুইল চেয়াৰ’ৰ আশ্ৰয় ল’বলগীয়া হৈছিল৷ এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হৈছিল৷ বিয়াৰ পাছত মৃত্যু পৰ্যন্ত তেওঁ পাঁচ দশককাল দীপালি বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছিল৷ প্ৰেমিকা পত্নী দীপালি বৰঠাকুৰৰ মৃত্যুৰ পাছত তেওঁ অকলশৰীয়া হৈ পৰিছিল৷ অন্য এক গতি [সংকলন], বসুন্ধৰা-ৰ আৰু বসুন্ধৰা-২ তেওঁৰ উল্লেখযোগ্য ৰচনা৷ বহু সন্মানেৰে সন্মানিত হোৱা নীলপৱন বৰুৱাক ২০২১ চনত অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটাৰে সন্মানিত কৰিছিল৷ উল্লেখ্য, নীলপৱন বৰুৱাৰ চিত্ৰসমূহ বিমূৰ্ত আৰু সেই সৃষ্টিসমূহে একো একোটা মৌলিক ধাৰণা প্ৰকাশ কৰে৷ কিছুমান ক্ষেত্ৰত তেওঁৰ চিত্ৰত  লুকাই থকা অন্তনিৰ্হিত অৰ্থই তেওঁক সৰ্বোচ্ছ স্তৰৰ শিল্পী কৰি তোলে৷ নীলপৱন বৰুৱাই নিজৰ চিন্তাক কেৱল কেনভাছতেই আৱদ্ধ কৰি ৰখাই নহয়, পুৰণি কাৰ্ডবৰ্ডৰ বাকচ, মেচব’, চিগাৰেটৰ পেকেট আদিতো মূৰ্তমান হয় বহু কথা৷ তেওঁ নিজৰ চৌপাশৰ সকলো বস্তুতে শিল্পকলা দেখা পাইছিল৷ আনহাতে বহু গ্ৰন্থৰ ক’ভাৰ পেজত তেওঁৰ ডিজাইনত উদ্ভাসিত হৈছে৷ এইগৰাকী শিল্পীৰ মৃত্যুত আজি শোকস্তব্ধ সমগ্ৰ ৰাজ্য৷ কাইলৈ দিনৰ ১২ বজাত সৌৰভ নগৰৰ নৱনিৰ্মিত দীপালি-নীলপৱন স্মাৰক ভৱন পৰা তেওঁৰ নশ্বৰদেহ বশিষ্ঠস্থিত ৰাজ্যিক আৰ্ট কলেজলৈ নিয়া হ’ব৷ তাত৷ দ্ধাঞ্জ লি জনোৱাৰ পাছত তেওঁৰ নশ্বৰদেহ গুৱাহাটী আৰ্ট গীল্ডলৈ লৈ যোৱা হ’ব৷ আৰ্টিষ্ট গীল্ডত৷ দ্ধাঞ্জ লি জনোৱাৰ পাছত তেওঁৰ নশ্বৰদেহ ৰবীন্দ্ৰ ভৱনলৈ নিয়া হ’ব৷ পাছত অসম চাৰু-কাৰু কলাপৰিষদৰ কাৰ্যালয়লৈ নিয়া হ’ব বৰুৱাৰ নশ্বৰদেহ৷ তাত৷ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত বৰুৱাৰ নশ্বৰদেহ শ্বহীদ ন্যাসলৈ নিয়া হ’ব৷ ন্যাসত ছাত্ৰ সন্থাৰ নেতৃত্বই৷ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত তেওঁৰ নশ্বৰদেহ নৱগ্ৰহ শ্মশানলৈ সমদল কৰি লৈ গৈ শেষকৃত্য সম্পন্ন কৰা হ’ব৷ বৰেণ্য চিত্ৰশিল্পীগৰাকীৰ নশ্বৰদেহ আজিসৌৰভ নগৰৰ দীপালি-নীলপৱন স্মাৰক ভৱনত ৰখা হয়৷ কাইলৈ দিনৰ ১২ বজালৈ দীপালি-নীলপৱন স্মাৰক ভৱনতে ৰখা হ’ব তেওঁৰ নশ্বৰদেহ৷ উল্লেখ্য, কোকিল কণ্ঠী গায়িকা দীপালি বৰঠাকুৰ আৰু প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ উদ্দেশ্যে এটা প্ৰকল্প হাতত লোৱা হৈছিল৷ উক্ত প্ৰকল্পৰ অংশৰূপে নিৰ্মাণ কৰা হয় দীপালি-নীলপৱন স্মাৰক ভৱন৷ ২০১৮ চনত আৰম্ভ কৰা উক্ত ভৱনটো ২৬ অক্টোবৰত সম্পূৰ্ণ হয় যদিও সেই ঘৰত জীৱন্তে থকা নহ’ল বৰেণ্য চিত্ৰশিল্পীগৰাকীৰ৷ থাকিল তেওঁৰ নিষ্প্ৰাণ শৰীৰ৷