Logo
image

এক দেশ এক পুলিচ এক পোছাক

প্ৰধানমন্ত্ৰী মোদীৰ নতুন চিন্তা

আমাৰ অসম, ২৯অক্টোবৰ: সময়ে সময়ে একোটা উদ্ভট সিদ্ধান্ত গ্ৰহণ কৰি সমগ্ৰ দেশতে সীমাহীন বেমেজালি আৰু বিশৃংখলতাৰ সৃষ্টি কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উৰ্বৰ মস্তিষ্কলৈ বেছ কিছুদিনৰ বিৰতিত আকৌ এটা নতুন ‘আইডিয়া’ আহিছে৷ বিতৰ্কৰ ভয়তে সম্ভৱতঃ তেওঁ এইবাৰৰ নতুন ধাৰণাটো সিদ্ধান্ত বুলি কোৱাৰ পৰা বিৰত থাকি প্ৰস্তাৱ বুলি কৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা এইবাৰৰ নতুন প্ৰস্তাৱটো হৈছে– এক দেশ, এক পুলিচ এক, এক আৰক্ষী, এক ইউনিফৰ্ম৷ অৰ্থাৎ দেশৰ প্ৰত্যেকখন ৰাজ্যৰ আৰক্ষীৰ বাবে একে পোছাক বা ইউনিফৰ্ম৷ সম্প্ৰতি দেশৰ ভিন ভিন ৰাজ্যত আৰক্ষীৰ পোছাক ভিন ভিন৷ অসমত আৰক্ষীয়ে খাকী সাজ পৰিধান কৰে, যান-বাহন আৰক্ষীয়ে গুৱাহাটী মহানগৰৰ বাহিৰে সমগ্ৰ ৰাজ্যত বগা সাজ পিন্ধে আৰু মহানগৰৰ যান বাহন আৰক্ষী অৰ্থাৎ ‘স্মাৰ্ট’ পুলিচে পৰিধান কৰে পাতল নীলা চাৰ্ট আৰু গাঢ় নীলা ট্ৰাউজাৰ বা পেণ্ট৷ পশ্চিম বংগত আৰক্ষীৰ পোছাক বগা আৰু দিল্লীত আৰক্ষীয়ে খাকী পিন্ধিলেও যান-বাহন আৰক্ষীয়ে খাকী পেণ্টৰ সৈতে পৰিধান কৰে বগা চাৰ্ট৷ সেইদৰে দক্ষিণৰ ৰাজ্যতো আৰক্ষীৰ ইউনিফৰ্ম ভিন ভিন৷ শুকুৰবাৰে হাৰিয়ানাত চলি থকা দেশৰ বিভিন্ন ৰাজ্যৰ গৃহমন্ত্ৰীৰ চিন্তন বৈঠকত ৰাজধানী দিল্লীৰ পৰাই ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো আৰক্ষীৰ পোছাক অৰ্থাৎ ইউনিফৰ্ম একে কৰিব লাগে বুলি কোৱাৰ লগে লগে বিতৰ্ক আৰম্ভ হৈছে৷ কিয়নো এই বিষয়টো সম্পূৰ্ণৰূপে ৰাজ্যৰ এক্টিয়াৰভুক্ত৷ অৰ্থাৎ এই বিষয়ত ৰাজ্যই স্বাধীনভাৱে সিদ্ধান্ত ল’ব পাৰে৷ নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পাছৰ পৰাই ৰাজ্যই লোৱা বহু সিদ্ধান্ত কেন্দ্ৰৰ হাতলৈ নি মোদী চৰকাৰে সংবিধানস্বীকৃত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত কুঠাৰাঘাত কৰা বুলি সমালোচনা হৈ আছে৷ এনে সময়তে ৰাজ্যৰ নিজা স্বাধীনতা থকা আন এটা বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে হস্তক্ষেপ কৰা বুলি তেওঁৰ বক্তব্যৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে৷ আইন শৃংখলা বিষয়টো স্বৰূপাৰ্থতে ৰাজ্যৰ এক্টিয়াৰভুক্ত বিষয়৷ তথাপি মোদীৰ শাসনকালত হকে বিহকে কেন্দ্ৰীয় এজেন্সি ৰাজ্যৰ আইন শৃংখলাৰ ঘটনাত নিযুক্ত কৰা, কেন্দ্ৰীয় এজেন্সিৰ ক্ষমতা বৃদ্ধি আদিৰে এই পৰ্যন্ত ৰাজ্যৰ ওপৰত বহু হস্তক্ষেপ কৰিছে কেন্দ্ৰই৷ জাতীয় স্বাৰ্থৰ উদ্ধৃতি দি মোদী চৰকাৰে এন আই এ, ইডিৰ ক্ষমতা বৃদ্ধি কৰিছিল আৰু পৰৱৰ্তী সময়ত ৰাজ্যই ৰাজ্যই বিভিন্ন অজুহাতত হকে-বিহকে এই এজেন্সি ব্যৱহাৰ কৰিছিল৷ এইবাৰৰ পদক্ষেপো তেনে ঘটনাৰ অনুৰূপ বুলি ধাৰণা কৰা হৈছে আৰু সেই প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ ক্ষমতা কৰ্তনৰ ষড়যন্ত্ৰ কৰা বুলি বিতৰ্ক আৰম্ভ হৈছে৷
এই বৈঠকত নতুন দিল্লীৰ পৰা ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ অখণ্ডতাৰ বাবে অস্ত্ৰ ব্যৱহাৰ কৰা মাওবাদী আৰু তাত্বিক মাওবাদী নেতৃত্বৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ৰাজ্যৰ গৃহমন্ত্ৰীক আহ৩ান জনায়৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত ভুৱা খবৰ বিয়পোৱাৰ বিৰুদ্ধে সকলোকে সবলভাৱে থিয় হ’বলৈ নিৰ্দেশ দিয়ে৷ উল্লেখ্য, চৰকাৰী বক্তব্য বা সিদ্ধান্তৰ বিৰোধিতা কৰিলেই এতিয়া শিক্ষিত লোকক আৰবান নক্সাল বুলি অভিযুক্ত কৰাৰ বিজেপিৰ যি প্ৰৱণতা গঢ় লৈ উঠিছে, প্ৰধানমন্ত্ৰীৰ বক্তব্যতো সেই বিষয়েই তাত্বিক মাওবাদী হিচাপে স্থান পোৱা বুলি চৰ্চা হৈছে৷