Logo
image

সৌৰভনগৰ বিবৰ্ণ

ৰংহীন ‘অচ্যুৎ ভৱন’

আমাৰ অসম, ২৯ অক্টোবৰঃ সৌৰভ নগৰ এতিয়া বিবৰ্ণ, বেদনাদগ্ধ৷ সুদীৰ্ঘ সময় ধৰি  সৌৰভ নগৰত সৌৰভ বিলাই থকা লোকজন নীৰৱে আজি গ’লগৈ৷ দীপালী বৰঠাকুৰক হাতত ধৰি ১৯৮১-৮২ চন মানত সৌৰভ নগৰলৈ আহিছিল নীলপৱন বৰুৱা৷ তেতিয়াৰে পৰা বিগত প্ৰায় চাৰিদশক ধৰি সৌৰভ নগৰত যেন সৌৰভ বিলাই আছিল দীপালি বৰঠাকুৰ-নীলপৱন বৰুৱা যুটীয়ে৷ ২০১৮ চনত নীলপৱন বৰুৱাক অকলশৰীয়া কৰি অজান্তিমূলকলৈ যাত্ৰা কৰিছিল দীপালি বৰঠাকুৰ৷ ইয়াৰ আগলৈ সৌৰভ নগৰৰ বসুন্ধৰা কলা নিকেতন যেন আছিল অসমৰ শান্তি নিকেতন স্বৰূপ৷ দীপালি বৰঠাকুৰৰ সন্মোহিনী সংগীতে দশকৰ পাছত দশক ধৰি মোহাচ্ছন্ন কৰি ৰাখিছিল অসমৰ সমাজ জীৱনক৷ সৌৰভ নগৰৰ সেই বিশেষ ঘৰটো আৰু ইয়াৰ চৌহদত যেন সকলো সময়তে প্ৰতিধবনিত হৈ আছিল দিপালী বৰঠাকুৰে দৰদী কণ্ঠেৰে গোৱা গীতৰ কলি৷ বেলতলাৰ সৌৰভ নগৰ অসমবাসীৰ বাবে এটা চিনাকি নাম হৈ পৰিছিল দীপালি বৰঠাকুৰ- নীলপৱন বৰুৱাযুটীৰ বাবে৷ কিন্তু ১৯১৮ চনৰ ২১ ডিচেম্বৰত দীপালি বৰঠাকুৰৰ মৃত্যুৱে হঠাৎ যেন অকলশৰীয়া কৰি তোলে নীলপৱন বৰুৱাক৷ বসুন্ধৰা কলা নিকেতনৰ চৌহদতে নীলপৱন বৰুৱাৰ ৰং-তুলিকাত  প্ৰাণ পাই উঠিছিল বহু কালজয়ী ছবিয়ে৷ শুভাকাংক্ষীৰে সততে ভিৰ হৈ থকা সৌৰভ নগৰৰ সেই ঘৰটো যেন হঠাৎ ৰং হীন হৈ পৰিল৷ প্ৰথমে দীপালি বৰঠাকুৰ আৰু এতিয়া নীলপৱন বৰুৱাৰ মৃত্যুৱে হঠাৎ যেন নিস্তব্ধতা কঢ়িয়াই আনিলে ফুল-গছ-গছনিৰে আবৃত্ত সৌৰভ নগৰৰ ঘৰটোলৈ৷ নীলপৱন বৰুৱাৰ মৃত্যুৰ লগে লগে আজি উকা হৈ পৰিল বসুন্ধৰা কলা নিকেতন চৌহদ৷ দীপালি বৰঠাকুৰ -নীলপৱন বৰুৱা যুটীক হেৰুৱাই সমগ্ৰ অসমবাসীৰ লগতে সৌৰভনগৰবাসীয়েও যেন আজি বাকৰুদ্ধ৷ নিজৰ অতি মৰমৰ, অতি আপোন শিল্পীজনৰ সান্নিধ্য আৰু কেতিয়াও নাপাব সৌৰভনগৰবাসীয়ে৷

জন্মভূমি টীয়কত শোকৰ বন্যা, ৰংহীন ‘অচ্যুৎ ভৱন’

যোৰহাট জিলাৰ টীয়কৰ বামুণ গাঁৱত অৱস্থিত বিখ্যাত ‘অচ্যুৎ ভৱন’ৰ জ্যোতি আজি ম্লান পৰিল৷ চৌহদৰ গছ-লতিকায়ো যেন নীৰৱে উচুপিছে৷ এই ভৱনটোৱে জন্ম দিয়া ধবনি কবি বিনন্দ বৰুৱাৰ পুত্ৰ, প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মহাপ্ৰয়াণত সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট আৰু টীয়কো শোকস্তব্ধ৷ উল্লেখ্য, ধবনি কবিজনে আটোমটোকাৰিকৈ নিৰ্মাণ কৰোৱা এই ভৱটোৱে জন্ম দিছিল সুযোগ্য সন্তান নীলপৱন বৰুৱাক৷ সেয়ে আজিও টীয়কবাসীয়ে এই ভৱনটোলৈ শ্ৰদ্ধাৰে মূল দোৱোঁৱাৰ লগতে গৌৰৱবোধ কৰে৷ দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত আজি বিয়লি প্ৰসিদ্ধ চিত্ৰশিল্পীজনৰ  মৃত্যুৰ বাতৰি বিয়লি পৰাৰ লগে লগে জন্মস্থান টীয়কৰ লগতে যোৰহাটতো গভীৰ শোকৰ ছাঁ পৰিছে৷ বিশিষ্ট শিল্পীজনৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে টীয়কৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠী, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতি, টীয়ক ব্যৱসায়ী সন্থা, টীয়ক প্ৰেছ ক্লাব আদিকে ধৰি বিভিন্ন সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ প্ৰতিনিধিৰ লগতে টীয়ক অঞ্চলৰ বিভিন্ন জন বিশিষ্ট ব্যক্তি বৰাবজাৰত সমবেত হয়৷ নীলপৱন বৰুৱাৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰি সকলো স্তৰৰ লোকে গভীৰ শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে বিভিন্নজনে নীলপৱন বৰুৱাৰ স্মৃতিচাৰণ কৰে৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত  অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত শিক্ষক হিমেন ভট্টাচাৰ্যই কয় যে টীয়কত জন্মগ্ৰহণ কৰি গুৱাহাটীৰ বাসিন্দা হৈ অসমৰ চিত্ৰশিল্পৰ ক্ষেত্ৰখনত এক নেতৃত্বশীল ভূমিকা পালন কৰা বিশিষ্ট শিল্পীজনৰ মৃত্যু সমগ্ৰ ৰাজ্যৰ লগতে টীয়কৰ বাবেও এক অপূৰণীয় ক্ষতি৷ টীয়ক বামুণ গাঁৱৰ বাসিন্দা ধবনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ নীল পৱন বৰুৱাই শিল্প কৰ্মৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ দেশত নিজৰ পৰিচয় দাঙি ধৰি টীয়ককো গৌৰৱান্বিত কৰিলে৷ অনুষ্ঠানত শিক্ষক প্ৰশান্ত দাস, প্ৰশান্ত গোস্বামী, বলীন চেতীয়া, আবিউদ্দিন আহমেদ প্ৰমুখ্যে বিভিন্ন জনে টীয়কৰ সন্তান তথা প্ৰখ্যাত শিল্পীজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ জন্মস্থান অচ্যুত ভৱনৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ অনুষ্ঠানত আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিয়েও বক্তব্য আগবঢ়ায়৷ ইফালে  প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত যোৰহাটৰ বিভিন্ন দল-সংগঠন ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ গুৱাহাটী ফাইন আৰ্টছ ছ’চাইটিৰ জন্মদাতা যোৰহাটৰ সন্তান বৰুৱাৰ মৃত্যুত যোৰহাট ফাইন আৰ্ট্‌ছ ছচাইটীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ এক বিবৃতিত ছচাইটীৰ সভাপতি বিজয় চন্দ্ৰ বৰঠাকুৰ আৰু সাধাৰণ সম্পাদক সৌৰভজ্যোতি বৰুৱাই নীলপৱন বৰুৱাক অসমৰ এজন অন্যতম শ্ৰেষ্ঠ চিত্ৰশিল্পী বুলি অভিহিত কৰি তেওঁৰ মৃত্যু অসমৰ শিল্প জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি প্ৰকাশ কৰে৷ বিজেপিৰ যোৰহাট জিলা সভাপতি হেমন্ত কলিতাই স্বনামধন্য শিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু বৰুৱাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক ডাঙৰ ক্ষতি বুলি অভিহিত কৰিছে৷ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়েও প্ৰসিদ্ধ শিল্পীজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷