Logo
image

গুৱাহাটী মেডিকেলত চিকিৎসাধীন বিধায়ক অখিল

আমাৰ অসম, ২৯ অক্টোবৰ: বুকুৰ বিষত আক্ৰান্ত বিধায়ক অখিল গগৈ৷ অসুস্থ অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি শুকুৰবাৰে জি এম চি এইচৰ কাৰ্ডিঅ’লজী বিভাগৰ আইচিইউত ভৰ্তি হয় শিৱসাগৰ সমিষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ ‘কা’ বিৰোধী আন্দোলনৰ সময়ত কাৰাগাৰত থকাৰ পাছৰে পৰাই বুকুৰ বিষত ভুগি আহিছিল অখিল গগৈয়ে৷ বিগত ২৬ অক্টোবৰত দিল্লী ভ্ৰমণলৈ গৈ হঠাতে অসুস্থ হৈ পৰিছিল বিধায়কজন৷ ইয়াৰ পাছতেই তেওঁক দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও কিছু সুস্থ হোৱাত গুৱাহাটীলৈ ঘুৰি আহিছিল৷ কিন্তু পুনৰ তীব্ৰ বুকুৰ বিষত আক্ৰান্ত হোৱাত শুকুৰবাৰে জি এম চি এইচত স্বাস্থ্য পৰীক্ষা কৰোৱাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি হাস্পতালত ভৰ্তি হয়৷ জি এম চি এইচ কতৃৰ্পক্ষই বিধায়ক গগৈ ২-৩ দিন হাস্পতালত থাকিব লাগিব বুলি জানিবলৈ দিছে৷