Logo
image

এপিএছচিৰ বাছনিত উঠিল ভুৱা প্ৰাৰ্থীও! আজি নিযুক্তি

আৰ্থিকভাৱে দুৰ্বল আৰু প্ৰতিবন্ধীৰ জাল প্ৰমাণপত্ৰ

আমাৰ অসম, ২৯ অক্টোবৰঃ অসম লোকসেৱা আয়োগৰ সংস্কাৰ সাধন কৰা বুলি চৰকাৰে দাবী কৰি অহাৰ সময়তে এ পি এছ চিত পুনৰ অনিয়ম সংঘটিত হোৱাৰ চাঞ্চল্যকৰ অভিযোগ উঠিছে৷ অৱশ্যে এইবাৰ ৰাকেশ পালৰ কাৰ্যকালত সংঘটিত হোৱাৰ দৰে উত্তৰ বহী তথা টেবুলেশ্বন শ্বীটত নম্বৰ বৃদ্ধি কৰি কোনো প্ৰাৰ্থীক বাছনি কৰা নাই যদিও ই ডব্লিউ এছ প্ৰমাণপত্ৰ আৰু প্ৰতিবন্ধীৰ প্ৰমাণপত্ৰ জালিয়াতিয়ে  কেইবাজনো প্ৰাৰ্থীয়ে এ চি এছ, এ পি এছ তথা সংলগ্ন সেৱাৰ পদত বাছনি লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অসম আৰক্ষীৰ কনিষ্টবলৰ চাকৰিত ভুৱা কম্পিউটাৰ শিক্ষাৰ প্ৰমাণপত্ৰৰে প্ৰাৰ্থী বাছনি হোৱা ঘটনাৰ তদন্ত অব্যাহত থকাৰ মাজতে এ পি এছ চিত ভুৱা ই ডব্লিউ এছ আৰু দিব্যাংগ প্ৰমাণপত্ৰৰ জৰিয়তে একাংশই চাকৰিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ বহু বিতৰ্ক তথা দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত বিগত ২১ অক্টোবৰত অসম লোকসেৱা আয়োগে ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ৩৩১ টা পদৰ ফলাফল ঘোষণা কৰে৷ এই ফলাফল তালিকাত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী অৰ্থাৎ ই ডব্লিউ এছৰ সংৰক্ষিত পদত ৪৩ জন প্ৰাৰ্থী আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ সংৰক্ষিত পদত ১১ জন প্ৰাৰ্থীয়ে বাছনি লাভ কৰিছিল৷ শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এ পি এছ চিয়ে বাছনি কৰা মুঠ ৩৩১ জন প্ৰাৰ্থীকে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব৷ কিন্তু নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰাকমুহূৰ্তত এ চি এছ আৰু এ পি এছৰ পদত ভুৱা ই ডব্লিউ এছ প্ৰমাণ পত্ৰৰে দুজন প্ৰাৰ্থীয়ে বাছনি লাভ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে৷ আৰ্থিকভাৱে সৱল পৰিয়ালৰ সদস্য হোৱাৰ পাছতো ভুৱা তথ্যৰে ই ডব্লিউ এছৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি সংৰক্ষিত পদত চয়নিকা হাজৰিকা আৰু অমৰ জ্যোতি শইকীয়া নামৰ প্ৰাৰ্থীদ্বয়ে বাছনি লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংস্থাটোৱে৷ এ পি এছ চিৰ অনিয়মৰ বিৰুদ্ধে সততে মাত মাতি অহা সংস্থাটোৰ অভিযোগ ই ডব্লিউ এছ প্ৰমাণপত্ৰ জালিয়াতিয়ে এ চি এছৰ ৯৩সংখ্যক স্থান লাভ কৰিছে চয়নিকা হাজৰিকাই আৰু এ পি এছৰ ৫১সংখ্যক স্থানত বাছনি লাভ কৰিছে অমৰজ্যোতি শইকীয়াই নামৰ প্ৰাৰ্থীজনে৷ নগাঁৱৰ মিলনপুৰৰ বাসিন্দা চয়নিকা হাজৰিকাৰ পিতৃ হৈছে গজেন হাজৰিকা আৰু মাতৃ ইতি বৰকাকতি হাজৰিকা৷ গজেন হাজৰিকা পেছাত ঠিকাদাৰ তথা ব্যৱসায়ী আৰু মাতৃ ইতি হাজৰিকা নগাঁও ল’ৰা এম ভি স্কুলৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী৷ ই ডব্লিউ এছ প্ৰমাণপত্ৰ লাভ কৰিবলৈ প্ৰাৰ্থীজনৰ পৰিয়ালৰ বাৰ্ষিক আয় ৮ লাখ টকাৰ ভিতৰত হ’ব লাগিব আৰু চহৰাঞ্চলৰ বাসিন্দা হ’লে ডেৰ কঠাতকৈ অধিক ভূমিৰ গৰাকী হ’ব নোৱাৰিব৷ ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চিৰ অভিযোগ চয়নিকা হাজৰিকাৰ পৰিয়ালৰ বাৰ্ষিক আয় জ্জ্ব লাখ টকাতকৈ অধিক আৰু নগাঁও টাউনৰ মিলনপুৰত বহুমহলীয়া অট্টালিকা আছে৷ একেদৰে ই ডব্লিউ এছ প্ৰমাণপত্ৰৰ নামত জালিয়াতি কৰা অমৰ জ্যোতি শইকীয়াৰো ঘৰ নগাঁৱত৷ অমৰজ্যোতিৰ পিতৃ ৰুদ্ৰ হাজৰিকা আঞ্চলিক কৃষি গৱেষণা ষ্টেচনৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু মাতৃ জীনা বৰা অসম আৰক্ষীৰ এছ পি কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ  সহায়ক৷ অমৰজ্যোতি শইকীয়াৰ পৰিয়ালৰ নগাঁৱৰ তিনি স্থানত মাটি-সম্পত্তি আছে৷ ৰাইডঙীয়াত পৈতৃক মাটি-সম্পত্তি থকাৰ বিপৰীতে মিলনপুৰতো আন এটা ঘৰ-ভেটি আছে৷ তদুপৰি নগাঁৱৰ লাওখোৱা ৰোডতো আছে বৃহৎ পৰিমাণৰ ভূমি-সম্পত্তি৷ আৰ্থিকভাৱে প্ৰতিপত্তি হোৱাৰ পাছতো অমৰজ্যোতি শইকীয়াক কি যুক্তিত প্ৰশাসন তথা চক্ৰ বিষয়াই ই ডব্লিউ এছৰ প্ৰমাণপত্ৰ দিলে বুলিও প্ৰশ্ন কৰিছে সংস্থাটোৱে৷ এই সন্দৰ্ভত এটা বিবৃতিত ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চিৰ আহ্বায়ক দেৱজ্যোতি গোস্বামীয়ে কয়– ‘অসম চৰকাৰে স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰা বুলি যিমানেই ঢাক ঢোল বজাই নাথাকক কিয়, অসম লোকসেৱা আয়োগৰ পৰীক্ষাসমূহ যে পূৰ্বৰ ৰাকেশ পালৰ সময়তকৈও অধিক অস্বচ্ছ হৈ পৰিছে– সেই কথা আজি ৰাজহুৱাকৈ ক’বলৈ সাহস নকৰিলেও প্ৰাৰ্থীসকলে পদে পদে অনুভৱ কৰি আহিছে৷ আনকি অসামৰিক সেৱাৰ পৰীক্ষা-২০২০ অনুষ্ঠিত হোৱাৰ পাছত ভাষাৰ যোগ্যতামূলক কাকতখন প্ৰত্যাহাৰ কৰি এক নজিৰবিহীন ইতিহাস অসম চৰকাৰৰ লগতে আয়োগে সৃষ্টি কৰি থৈ গ’ল৷ তথাকথিত সংস্কাৰৰ পাছতো আজিলৈকে অসামৰিক সেৱা পৰীক্ষা-২০২০ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ প্ৰাপ্ত নম্বৰ আৰু কাট অফ নম্বৰটো ৰাজহুৱা নকৰিলে৷ আনকি বৰ্তমানেও বাছনিভূক্ত প্ৰাৰ্থীসকলৰ লগতে মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা আন প্ৰাৰ্থীসকলৰো মূল পৰীক্ষা বা মৌখিক পৰীক্ষাৰ নম্বৰ ৰাজহুৱা নহ’ল৷ অথচ স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰা বুলি দাবী কৰি আহিছে৷ এতিয়া ভূতৰ ওপৰত দানহ পৰাদি ভুৱা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ [EWS] প্ৰমাণপত্ৰ লৈও বহুজন বাছনিভূক্ত হোৱাৰ  খবৰে সকলোকে হতচকিত কৰি তুলিছে৷ একাংশ প্ৰাৰ্থী আৰু প্ৰাৰম্ভিক অনুসন্ধানৰ পৰা পোৱা তথ্য অনুসৰি চলিত বৰ্ষৰ আয়োগৰ পৰীক্ষাত ই ডব্লিউ এছ কোটাত এ চি এছৰ ৯৩সংখ্যক স্থান লাভ কৰা চয়নিকা হাজৰিকা আৰু এ পি এছৰ ৫১ সংখ্যক স্থান লাভ কৰা অমৰ জ্যোতি শইকীয়া নামৰ প্ৰাৰ্থীদ্বয়ৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ [EWS] প্ৰমাণপত্ৰ ভুৱা৷ আৰ্থিকভাৱে যথেষ্ট স্বচ্ছল আৰু পিতৃ-মাতৃ দুয়োজনেই উচ্ছ দৰমহা পোৱা চৰকাৰী চাকৰিয়াল হোৱা স্বত্বেও তেওঁলোকে  ভুৱা প্ৰমাণপত্ৰৰে বাছনিভুক্ত হৈছে৷ ভুৱা ই ডব্লিউ এছ প্ৰমাণপত্ৰৰে ইয়াৰ পূৰ্বেও এ পি এছ চিৰ পৰীক্ষাত বহুকেইজন প্ৰাৰ্থী বাছনিভুক্ত হৈছে৷ আয়োগে ই ডব্লিউ এছ প্ৰমাণপত্ৰৰ বৈধতা থকা স্বত্বেও একাংশ যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰাৰো অভিযোগ আছে৷ শেহতীয়াকৈ জলসিঞ্চনৰ মেকানিকেল সহকাৰী অভিযন্তা পদত ভুৱা ই ডব্লিউ এছ প্ৰমাণপত্ৰৰে বাছনিভুক্ত হোৱা যোৰহাটৰ স্বাগত প্ৰবীণ শইকীয়া নামৰ এজন প্ৰাৰ্থীৰ বিৰুদ্ধেও একেধৰণৰ অভিযোগ আহিছিল৷  কিন্তু আজিলৈকে এই অভিযোগৰ তদন্ত নকৰিলে চৰকাৰে৷ ভুৱা কম্পিউটাৰ চাৰ্টিফিকেটেৰে আৰক্ষীৰ কনিষ্টবলৰ পৰীক্ষা দিবলৈ অহা প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰি বাঃ বাঃ লোৱা অসম চৰকাৰে ভুৱা ই ডব্লিউ এছ প্ৰমাণপত্ৰৰে বাছনিভুক্ত এ চি এছ-এ পি এছ বিষয়াৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা লবলৈ সৎ সাহস কৰিবনে? ভুৱা তথ্যৰ আধাৰত ই ডব্লিউ এছৰ চাৰ্টিফিকেট দিয়া চক্ৰ বিষয়াসকলে শাস্তি পাবনে? ন্যায়িক আয়োগে জালিয়াতিত লিপ্ত বুলি দোষী সাব্যস্ত কৰা পাছতো সগৌৰৱেৰে এ চি এছ-এ পি এছৰ চাকৰি কৰি অহাসকলৰ দৰেই এইসকলক মুখ্যমন্ত্ৰীয়ে স্বীকৃতি দিয়াৰ পৰিৱৰ্তে লোকসেৱা আয়োগৰ পৰীক্ষাত ই ডব্লিউ এছ প্ৰমাণপত্ৰ লৈ বাছনিভুক্ত সকলো প্ৰাৰ্থীৰ প্ৰমাণপত্ৰৰ পুনৰীক্ষণৰ ব্যৱস্থা কৰক৷’ উল্লেখ্য, কেৱল ই ডব্লিউ এছ প্ৰমাণপত্ৰ জালিয়াতিৰেই নহয়, বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদতো সন্দেহজনক দিব্যাংগ প্ৰাৰ্থীয়ে বাছনি লাভ কৰাৰ সন্দেহ ব্যক্ত কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই৷ আন এটা পৃথক বিবৃতিত অসম প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয়– ‘শেহতীয়াকৈ প্ৰাথমিক টে’ট শিক্ষকৰ প্ৰায় ৬০০ পদত প্ৰতিবন্ধী প্ৰাৰ্থীক নিযুক্তিৰ বাবে বাছনি কৰিছিল৷ কিন্তু শিক্ষা বিভাগে মেডিকেল ব’ৰ্ডৰ জৰিয়তে নতুনকৈ প্ৰতিবন্ধী প্ৰাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাত ৫০ শতাংশ প্ৰাৰ্থীয়েই অযোগ্য ঘোষিত হ’ল৷ এ পি এছ-এ চি এছ পদতো এনেদৰে ভুৱা প্ৰতিবন্ধী প্ৰাৰ্থীয়ে বাছনি লাভ কৰাৰ পূৰ্ণ আশংকা আছে৷ সেয়েহে সংৰক্ষিত পদত বাছনি লাভ কৰা ১১ জন প্ৰাৰ্থীক মেডিকেল ব’ৰ্ডৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰি নিযুক্তিৰ ব্যৱস্থা কৰি প্ৰকৃত যোগ্যজনক চৰকাৰে বাছনি কৰক৷’