Logo
image

অহা দুমাহত পাঁচখন ঠাইত অসম গ্ৰন্থমেলা

আমাৰ অসম, ২৯ অক্টোবৰ: ৰাজ্যখনত গ্ৰন্থ আন্দোলনক অধিক বিস্তাৰিত কৰাৰ উদ্দেশ্যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অসমৰ ভিন্ন প্ৰান্তত আয়োজিত অসম গ্ৰন্থমেলাৰ এইবাৰ অহা দুমাহত পাঁচখন ঠাইত আৰম্ভণি হ’ব ধেমাজিৰ পৰা৷ ধেমাজিৰ কাছাৰী ময়দানত ৪ নৱেম্বৰ পৰা ১৩ নৱেম্বৰলৈ ১০ দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা অসম গ্ৰন্থমেলা-শুকুৰবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ সভাগৃহত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই৷ তেওঁ লগতে কয়-ধেমাজিৰ মণ্ডপ নিৰ্মাণ, বিপণী আৱণ্টন তথা ১০ দিনৰ কাৰ্যসূচী প্ৰস্তুতিৰ কাম পূৰ্ণগতিত আগবাঢ়িছে৷ ৪ নৱেম্বৰত বিয়লি ৪ বজাত ‘অসম গ্ৰন্থমেলা, ধেমাজি’ৰ শুভ উদ্বোধন কৰিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই সন্মানীয় অতিথি আৰু লেখক, গৱেষক প্ৰদীপজ্যোতি মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ অসম গ্ৰন্থমেলা, ধেমাজিৰ যোৱা ১৯ অক্টোবৰৰ গাম্ভীৰ্যপূৰ্ণ লাইখুঁটা স্থাপন অনুষ্ঠানৰ পাছৰ পৰা চহৰখন তথা সমগ্ৰ ধেমাজি জিলাত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ধেমাজিত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই গ্ৰন্থমেলাত ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ ১০০খন গ্ৰন্থ বিপণীৰ অংশগ্ৰহণ নিশ্চিত হৈছে৷ দিল্লী আৰু কলকাতাৰ কেইবাখনো আগশাৰীৰ গ্ৰন্থ বিপণীয়ে এই গ্ৰন্থমেলাত অংশগ্ৰহণৰ সিদ্ধান্ত লৈছে৷ গ্ৰন্থমেলাৰ ১০ দিনীয়া কাৰ্যসূচীৰ ভিতৰত থাকিব সাহিত্য বিষয়ক বিভিন্ন আলোচনা সত্ৰ, কবি সন্মিলন, শিশুৰ দিন, অৰুণাচলৰ অসমীয়া লেখকসকলৰ অন্তৰংগ আলাপ, ধেমাজি জিলাৰ প্ৰতিভাধৰসকলৰ সমাৰোহ, যুৱ লেখকৰ সাহিত্যানুষ্ঠান তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান৷ আনহাতে, এই বছৰ অসম প্ৰকাশন পৰিষদৰ ‘সাহিত্য বঁটা’ৰ বিজয়ীয়ে লাভ কৰিব ৫ লাখ টকা আৰু প্ৰকাশকে লাভ কৰিব ৩ লাখ টকা৷ এইবাৰ ধেমাজিৰ লগতে যোৰহাট, গুৱাহাটী, নলবাৰী আৰু বঙাইগাঁৱত দুয়োটা প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত একোখনকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ধেমাজি গ্ৰন্থমেলাৰ সমান্তৰালভাৱে নলবাৰীৰ ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত ৮ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ‘অসম গ্ৰন্থমেলা, নলবাৰী’ অনুষ্ঠিত হ’ব৷ নলবাৰীৰ হৰি মন্দিৰ বাকৰিত ৮ নৱেম্বৰত অসম গ্ৰন্থমেলা, নলবাৰী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহা আৰু লেখক প্ৰশান্ত চক্ৰৱৰ্তী উপস্থিত থাকিব৷ প্ৰায় ৫০খন গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই গ্ৰন্থমেলাৰ বাবে ইতিমধ্যে সাহিত্য, গ্ৰন্থ তথা সংস্কৃতি বিষয়ক বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰি তোলা হৈছে৷ এইবাৰ ২ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ যোৰহাটৰ কাছাৰী ময়দানত অনুষ্ঠিত হ’ব লগা ‘অসম গ্ৰন্থমেলা, যোৰহাট’ৰ আয়োজনো পূৰ্ণ গতিত চলি আছে৷ অসম গ্ৰন্থমেলা, যোৰহাটত যোৰহাটৰ অসম শৈক্ষিক কেন্দ্ৰও সহযোগী হিচাপে আছে৷ ২ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কুলদীপ চান্দ অগ্নিহোত্ৰীয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ সন্মতি দিছে৷ ১৫০তকৈও অধিক গ্ৰন্থ বিপণীৰ বাবে প্ৰস্তুত হৈ উঠিবলগীয়া অসম গ্ৰন্থমেলা, যোৰহাটৰ লাইখুঁটা স্থাপন অনুষ্ঠান ১৫ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ যোৰহাটৰ পাছতে ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ‘দ্বিতীয় অসম গ্ৰন্থমেলা, গুৱাহাটী’ অনুষ্ঠিত হ’ব৷ ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, শিক্ষামন্ত্ৰীৰ লগতে ৰাজ্যখনৰ প্ৰথিতযশা লেখকক আমন্ত্ৰণৰ দিহা কৰা হৈছে৷ অসম গ্ৰন্থমেলা, গুৱাহাটীত ৰাজ্যখনৰ উপৰি দিল্লী, কলকাতা তথা বিদেশৰো গ্ৰন্থ বিপণীয়ে যোগদানৰ বাবে ইচ্চা কৰিছে৷ সংবাদ মেলত পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা, উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সম্পাদক ধীৰাজ গোস্বামী আৰু সহকাৰী সম্পাদক প্ৰবোধ দাসে জানিবলৈ দিয়া মতে গুৱাহাটীৰ পাছতে বঙাইগাঁও চহৰত পঞ্চমখন অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব৷ বঙাইগাঁও গ্ৰন্থমেলাৰ বাবে তাৰিখ ধাৰ্য কৰা নাই যদিও শতাধিক গ্ৰন্থ বিপণীয়ে যোগদান কৰিব পৰাকৈ মণ্ডপ নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব৷ গ্ৰন্থমেলাখনিত গ্ৰন্থপ্ৰেমী ৰাইজৰ পূৰ্ণ সহযোগিতা তথা দিহা-পৰামৰ্শ উদ্যোক্তাসকলে কামনা কৰিছে৷