Logo
image

আকৌ খহিল গেৰুকামুখৰ পাহাৰ

প্ৰকৃতিৰ ৰোষৰ পৰা নিস্তাৰ পোৱা নাই নামনি সোৱণশিৰি বান্ধে

আমাৰ অসম, ২৯ অক্টোবৰঃ পুনৰ অঘটন সংঘটিত হৈছে গেৰুকামুখত৷ এইবাৰ ভয়ংকৰৰূপত গেৰুকামুখৰ বালিয়া পাহাৰৰ লগত সোৱণশিৰিৰ বক্ষলৈ খহি আহিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি৷ যোৱা দুমাহ পূৰ্বৰে পৰা নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্পৰ মূল বান্ধৰ কাষত এনেদৰে পাহাৰ খহি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে৷ প্ৰকৃতিৰ ৰোষত পৰা এন এইচ পি চি কতৃৰ্পক্ষই এতিয়া বান্ধটো সম্পূৰ্ণ কৰি উলিওৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ সঘনাই হোৱা ভূমিস্খলনৰ ফলত বান্ধটো সম্পূৰ্ণ হৈ উঠাৰ ক্ষেত্ৰত চৰম অনিশ্চয়তা আহি পৰিছে৷ যাৰ ফলত এতিয়া এন এইচ পি চি কতৃৰ্পক্ষই একপ্ৰকাৰে দিক্‌বিদিক্‌ হেৰুৱাই পেলাইছে৷ ২৭ অক্টোবৰৰ পুৱা প্ৰায় ১০.৩০ বজাত প্ৰকল্পস্থলীত আকৌ পাহাৰ খহি পৰাত প্ৰকল্প নিৰ্মাণকাৰী সংস্থাটো কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে৷ উল্লেখ্য যে, ইতিপূৰ্বে গেৰুকামুখত ভূমিস্খলনৰ ফলত দুটাকৈ ডাইভাৰ্ছন টানেল বন্ধ হৈ পৰাত অতিপাত বৰষুণৰ সময়ত নিৰ্মীয়মান মূল বান্ধৰ ওপৰেৰে পানী বাগৰি প্ৰকল্পস্থলীত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে৷ কেইদিনমানৰ পূৰ্বে প্ৰকল্পস্থলীত গাৰ্ডৱাল খহি নদীত পৰাৰ ফলত সেই ভগ্ন অংশৰে সোমাই অহা পানীয়ে প্ৰকল্পটোৰ মূল চালিকা শক্তি পাৱাৰ হাউচপৰ্যন্ত বুৰাই পেলায়৷ পাৱাৰ হাউচত সৃষ্টি হোৱা পানী এইপৰ্যন্ত সিঁচি শেষ কৰিব পৰা নাই এন এইচ পি চিয়ে৷ উল্লেখনীয় কথা যে, সঘনাই প্ৰকল্পস্থলীত ভূমিস্খলন হৈ অহাৰ পাছত এন এইচ পি চিৰ আহ্বানক্ৰমে গেৰুকামুখৰ নিৰ্মীয়মান প্ৰকল্পস্থলীত দিল্লীৰ পৰা অহা ভূ-তত্ত্ববিদৰ দলে পাহাৰ খহাৰ দৃশ্য পৰ্যবেক্ষণ কৰি ঘূৰি গৈছে যদিও এইপৰ্যন্ত পাহাৰখন স্থিৰ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ সমীপতে এনেদৰে সঘনাই পাহাৰ খহি অহাত প্ৰকল্প নিৰ্মাণকাৰ্যত বাধাৰ সৃষ্টি হৈছে৷ মূল বান্ধৰ সংলগ্ন পাহাৰ খহি অহাৰ ফলত এন এইচ পি চি কতৃৰ্পক্ষই দীৰ্ঘদিন ধৰি প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ ৰাখিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ একপ্ৰকাৰে গেৰুকামুখত এতিয়া বহুজাতিক কোম্পানীটোৱে ঢুকে ঢুকে পানী খাবলগা পৰিস্থিতিৰ সন্মুখীন হৈছে৷ তাৎপৰ্যপূৰ্ণ কথা যে এন এইচ পি চিয়ে যদি এই বৃহৎ নদীবান্ধ প্ৰকল্পটো গেৰুকামুখত সম্পূৰ্ণ কৰি উলিয়াব নোৱাৰে তেনেহ’লে উত্তৰ-পূৰ্বাঞ্চলত এন এইচ পি চিয়ে পুনৰ বান্ধ নিৰ্মাণৰ কাম লাভ কৰাতো কঠিন হৈ পৰিব৷ সেয়েহে এন এইচ পি চি কতৃৰ্পক্ষই যিকোনো উপায়েৰে  গেৰুকামুখৰ এই ২০০০ মেগাৱাট শক্তিসম্পন্ন প্ৰকল্পটো নিৰ্মাণ কৰাৰ বাবে উঠি-পৰি লাগিছে৷ উল্লেখনীয় কথা যে, অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত এন এইচ পি চিয়ে সোৱণশিৰিৰ নদীৰ ওপৰত ২০০০ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ গৈ পদে পদে সমস্যাৰ সন্মুখীন হৈ আহিছে৷ ১১৬ মিটাৰ উচ্ছতাৰ এই বান্ধটোৰ নিৰ্মাণকাৰ্য প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠাৰ সময়তে এনেদৰে প্ৰকৃতিৰ ৰোষত পৰিছে এন এইচ পি চি৷ ২০২৩ বৰ্ষৰ মাৰ্চ মাহত এন এইচ পি চিয়ে দুটা ইউনিটৰ জৰিয়তে ৫০০ মেগাৱট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্যৰে পূৰ্ণগতিত প্ৰকল্প নিৰ্মাণৰ কাম কৰি গৈছিল যদিও চলিত বৰ্ষত বাৰিষাৰ সময়ত প্ৰকল্পটোত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিয়ে এই লক্ষ্যত উপনীত হ’ব নোৱাৰিব বুলি সৰ্বত্ৰে চৰ্চিত হৈছে৷

নিৰ্মাণ বন্ধৰ দাবীত ধেমাজিত বিক্ষোভ

নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্পৰ নিৰ্মাণ বন্ধ কৰাৰ দাবীত ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী৷ দীৰ্ঘদিন ধৰি এন এইচ পি চিৰ বিৰুদ্ধে দল-সংগঠনৰ আন্দোলনৰ প্ৰতি কৰ্ণপাত নকৰাকৈ নিৰ্মাণকাৰ্য অব্যাহত ৰখাৰ পাছত শেহতীয়াকৈ প্ৰকৃতিৰ ৰোষত একপ্ৰকাৰ তছ-নচ হৈ পৰিছে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্প৷ অসমৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ আওকাণ কৰি এন এইচ পি চি কতৃৰ্পক্ষই প্ৰকল্পৰ কাম অব্যাহত ৰখাৰ ফলত লখিমপুৰ, ধেমাজি, মাজুলীকে ধৰি নামনিবাসী জনসাধাৰণ ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হোৱাৰ আশংকাত সন্ত্ৰস্ত হৈ পৰিছে৷  বৃহৎ নদীবান্ধ বন্ধৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে ধেমাজিত আজি জাতীয়তাবাদী যুৱ পৰিষদৰ শতাধিক প্ৰতিবাদকাৰীয়ে ধেমাজিৰ ৰাজপথত এন এইচ পি চিৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ লগতে অসম চৰকাৰৰ হঠকাৰী কাৰ্যৰ বিৰুদ্ধে তীব্ৰ শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ লগতে শীঘ্ৰে চৰকাৰে স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত সিদ্ধান্ত নল’লে আগন্তুক দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে৷