Logo
image

অসমৰ আইন-শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত

চিন্তন শিবিৰত মুখ্যমন্ত্ৰী শৰ্মা

আমাৰ অসম, ২৯ অক্টোবৰঃ সশস্ত্ৰবাহিনীৰ বিশেষ ক্ষমতা আইনৰ [আফস্পা] পৰা মুক্ত হৈছে অসমৰ ৬৫শতাংশ এলেকা৷ এয়া এদিনতে সম্ভৱ নাছিল৷ পিছে শেহতীয়াকৈ অসমৰ আইন-শৃংখলা পৰিস্থিতি ব্যাপক উন্নতিসাধন হৈছে৷ অসমৰ আইন-শৃংখলা পৰিস্থিতি এতিয়া যথেষ্ট উন্নত৷ যাৰ বাবেই ৰাজ্যৰ অধিকাংশ এলেকাৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰা সম্ভৱপৰ হৈছে৷ নতুন দিল্লীৰ সমীপৱৰ্তী হৰিয়ানাৰ সুৰজকুণ্ডৰ দুদিনীয়া চিন্তন শিবিৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত এই কথা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য যে, দেশৰ আভ্যন্তৰীণ সুৰক্ষাকলৈ ৰাজ্যসমূহৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালিৰে পৰা দুদিনীয়া ‘চিন্তন শিবিৰ’ৰ আয়োজন কৰিছিল৷ লক্ষণীয়ভাৱে শিবিৰৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আলোচনাত অংশ লয়৷ নিজৰ ভাষণত প্ৰধানমন্ত্ৰীজনে চিন্তিন শিবিৰক সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ আদৰ্শ উদাহৰণ বুলি চিহ্নিত কৰে৷ তেওঁ কয় যে, আইন-শৃংখলা নিয়ন্ত্ৰণ ‘২৪x৭’ কাম৷ স্মাৰ্ট প্ৰযুক্তি অবিহনে আইন-শৃংখলা নিয়ন্ত্ৰণ সম্ভৱ নহয় বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷ লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰীজনে আজি ‘এক ৰাষ্ট্ৰ, এক আৰক্ষী ইউনিফৰ্ম’ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷ এয়া দেশৰ আইন বলবৎকাৰীসকলক সম পৰিচিতি [কমন আইডেনণ্টিটী] প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ মত ব্যক্ত কৰে৷ আনহাতে, নক্সালবাদকলৈ প্ৰধানমন্ত্ৰীয়ে উদ্বিগ্নতা ব্যক্ত কৰা পৰিলক্ষিত হয়৷ মোদীৰ তাৎপৰ্যপূৰ্ণ বক্তব্য— বন্দুকৰ জৰিয়তেই হওক কিম্বা কলমৰ জৰিয়তে, নক্সালবাদৰ সকলো ৰূপক সমূলে উচ্ছেদ কৰিব লাগিব৷ প্ৰধানমন্ত্ৰীৰ আন এক তাৎপৰ্যপূৰ্ণ বক্তব্য— উগ্ৰপন্থী মোকাবিলাত বিতৰ্কিত ইউএপিএ আইনখনে হেনো নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে৷ মন কৰিবলগীয়া চিন্তন শিবিৰত অসমৰ গৃহ বিভাগক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অংশগ্ৰহণ কৰে৷ নিজৰ ভাষণত মুখ্যমন্ত্ৰীজনে অসমৰ উন্নত আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ত বিশদভাৱে দাঙি ধৰি কয় যে বিগত কিছু বছৰত অসমত বৃহৎ কূটাঘাতমূলক ঘটনা সংঘটিত হোৱা নাই৷ ইয়াৰ বিপৰীতে উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰা হৈছে৷ বিশেষকৈ বড়ো চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ তৎপৰতা অৱলম্বন কৰা হৈছে তথা কেডাৰসকলৰ পুনৰ্সংস্থাপনৰ ব্যৱস্থা লোৱা হৈছে৷ আনহাতে, যোৱা বছৰ ১৫ ছেপ্টেম্বৰত ইউ এল বি নামেৰে নতুনকৈ এটা বড়ো উগ্ৰপন্থী সংগঠনৰ জন্ম লৈছিল যদিও আৰক্ষী-প্ৰশাসনৰ তৎপৰতাত ২৯ ছেপ্টেম্বৰতেই সংগঠনটোৰ সকলো কেডাৰে আত্মসমৰ্পণ কৰে৷ ইয়াৰ আগদিনা অৰ্থাৎ ২৮ ছেপ্টেম্বৰত আন এক বড়ো উগ্ৰপন্থী সংগঠন এন এল এফ বিৰ ১৬৪জন কেডাৰে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল৷ একেদৰে আৰক্ষীৰ সক্ৰিয় ভূমিকাৰ বাবেই ডি এন এল এ-ৰ সভাপতি আৰু উপ-সেনাধ্যক্ষই কেইবাজনো কেডাৰৰ সৈতে আত্মসমৰ্পণ কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ ভূয়সী প্ৰশংসা কৰি কয় যে, এক গৌৰৱময় অতীতৰ অধিকাৰী অসম আৰক্ষী হৈছে সম্পূৰ্ণ পেছাদাৰী বাহিনী৷ পাছত টুইটাৰত দুদিনীয়া চিন্তন শিবিৰৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যসমূহৰ চিন্তন শিবিৰত অংশগ্ৰহণ কৰি দেশৰ আভ্যন্তৰীণ সুৰক্ষা মজবুত কৰাৰ হকে মই মোৰ চিন্তা-ভাৱনা ব্যক্ত কৰাৰ সুযোগ লাভ কৰি মই সন্মানিত বোধ কৰিছোঁ৷ যুক্তৰাষ্ট্ৰীয় সহায়-সহযোগিতাৰ আধাৰত অনুষ্ঠিত এই চিন্তন শিবিৰে আমাৰ দৃষ্টিভংগী প্ৰসাৰিত কৰাৰ লগতে আৰক্ষী কতৃৰ্ক আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণতো উদগণি দিব বুলি মুখ্যমন্ত্ৰীয়ে টুইটাৰযোগে মত ব্যক্ত কৰে৷ উল্লেখ্য যে, দেশৰ আভ্যন্তৰীণ নিৰাপত্তাকলৈ প্ৰথমবাৰৰ বাবে আয়োজিত দুদিনীয়া চিন্তন শিবিৰৰ আজি সামৰণি পৰে৷ শিবিৰত অ-বিজেপিশাসিত ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনে অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকা পৰিলক্ষিত হয়৷ আলোচনাত অ-বিজেপি মুখ্যমন্ত্ৰী হিচাপে কেৱল কেৰালা আৰু পাঞ্জাৱৰ ক্ৰমে পিনাৰাই বিজয়ন আৰু ভগৱন্ত মানে অংশগ্ৰহণ কৰে৷ ইয়াৰ বিপৰীতে বিজেপিশাসিত ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিচাপে হৰিয়ানাৰ মনোহৰ লাল খট্টৰ, উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ, মণিপুৰৰ এন বীৰেণ সিং, গোৱাৰ প্ৰমোদ সাৱন্ত, ত্ৰিপুৰাৰ মাণিক সাহা, উত্তৰা খণ্ডৰ পুষ্কৰ সিং ধামি আৰু চিকিমৰ প্ৰেম সিং তামাঙৰ লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে৷ উপ-মুখ্যþমন্ত্ৰী হিচাপে মহাৰাষ্ট্ৰৰ দেবেন্দ্ৰ ফড়নাবিশ আৰু নাগালেণ্ডৰ ৱাই পেটনে চিন্তন শিবিৰত উপস্থিত থাকে৷