Logo
image

চিৰবিদায়

সহস্ৰজনৰ উপস্থিতিত নীলপৱনৰ শেষকৃত্য

আমাৰ অসম, ৩০ অক্টোবৰঃ স্বৰ্গীয় প্ৰেমৰ চিনাকি বন্দৰ উকা কৰি পঞ্চভূতত বিলীন হ’ল প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱা৷ শনিবাৰে অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে বৰেণ্য চিত্ৰশিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ আজন্ম প্ৰেমিক বৰুৱাৰ মুখাগ্নি কৰে তেওঁৰ ভতিজা সুজয় বৰুৱাই৷ প্ৰসিদ্ধ চিত্ৰশিল্পীগৰাকীৰ শেষকৃত্যত ভাগ ল’বলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে সৰ্বস্তৰৰ লোক৷ অসমৰ চিত্ৰশিল্পক অনন্য মাত্ৰা প্ৰদান কৰা, স্বৰ্গীয় প্ৰেমেৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা বৰেণ্য চিত্ৰশিল্পীগৰাকীক শেষবাৰৰ বাবে চাবলৈ কোন অহা নাই নৱগ্ৰহ শ্মশান অথবা বেলতলাৰ সৌৰভ নগৰৰ বাসগৃহলৈ৷ বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁই, প্ৰসিদ্ধ সাহিত্যিক য়েছে দৰজে ঠংচি, বিশিষ্ট সাংবাদিক-লেখক নিত্য বৰা, বিশিষ্ট ভাস্কৰ বীৰেণ সিংহকে আদি কৰি বিভিন্ন ক্ষেত্ৰৰ অগণন লোকে নৱগ্ৰহ শ্মশানলৈ আহি বৰেণ্য চিত্ৰশিল্পীগৰাকীক চিৰবিদায় দিয়ে৷ শেষকৃত্য অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উপস্থিত থাকে মন্ত্ৰী বিমল বড়া৷ শেষকৃত্যৰ পূৰ্বে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝাৰ উপস্থিতিত অসম আৰক্ষীৰ জোৱানে গান চ্যেলুটেৰে বৰেণ্য চিত্ৰশিল্পীগৰাকীক সন্মান জনায়৷ ইয়াৰ পূৰ্বে শনিবাৰে দিনৰ ১২ বজাত বেলতলাৰ সৌৰভ নগৰৰ বাসগৃহৰ পৰা বৰুৱাৰ নশ্বৰ দেহ বশিষ্ঠস্থিত চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়লৈ লৈ যোৱা হয়৷ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীয়ে বৰেণ্য চিত্ৰশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় গুৱাহাটী আৰ্টিষ্ট গীল্ডলৈ৷ গীল্ডৰ বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় ৰবীন্দ্ৰ ভৱনলৈ৷ ৰবীন্দ্ৰ ভৱনৰ বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত অসম চাৰু-কাৰু কলা পৰিষদৰ কাৰ্যালয়লৈ নিয়া হয় বৰুৱাৰ নশ্বৰদেহ৷ তাত পৰিষদৰ বিষয়ববীয়াসকলে বৰেণ্য চিত্ৰশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়৷ ইয়াৰ পাছতে বৰুৱাৰ নশ্বৰ দেহ লৈ যোৱা হয় শ্বহীদ ন্যাসলৈ৷ ন্যাসত ছাত্ৰসন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ছাত্ৰ সন্থাৰ পতাকাৰে বৰেণ্য চিত্ৰশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়৷ ছাত্ৰসন্থাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত বৰেণ্য চিত্ৰশিল্পীগৰাকীক নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হয়৷ বৰেণ্য চিত্ৰশিল্পীগৰাকীৰ শেষ যাত্ৰাত আগভাগ লয় বৰেণ্য চিত্ৰশিল্পীগৰাকীৰ কণিষ্ঠ ভাতৃ সুলেখক নীলপৱন বৰুৱা সমন্বিতে পৰিয়ালৰ সদস্যসকল, সদৌ অসম ছাত্ৰ সন্থা, গুৱাহাটী  আৰ্টিষ্ট গীল্ড আৰু অসম চাৰু-কাৰু কলা পৰিষদৰ বিষয়ববীয়াই৷ উল্লেখ্য, গুৱাহাটীৰ সৌৰভ নগৰৰ পৰাই ওৰেটো জীৱন কেৱল চিত্ৰশিল্পৰ সৌৰভ বিলাই চিনাকি ৰং, চিনাকি কেনভাছ এৰি শুকুৰবাৰে নীলাকাশলৈ বাট বুলিলে প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাই৷ যি বাটেৰে চাৰি বছৰ আগতেই গুচি গৈছিল প্ৰেমিকা পত্নী কোকিলকণ্ঠী গায়িকা দীপালি বৰঠাকুৰ৷ ২৮ অক্টোবৰ শুকুৰবাৰে বিয়লি প্ৰায় ৩-১৫ বজাত তেওঁ ‘জীৱন’ নামৰ ‘কেনভাছ’খন এৰি মেলানি মাগিলে৷ ২২ ছেপ্টেম্বৰৰ পৰা তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ ১৯৩৬ চনৰ ১ জুনত যোৰহাটত টীয়কৰ তামুলীচিঙা গাঁৱত জন্মগ্ৰহণ কৰিছিল নীলপৱন বৰৱাই৷ ধবনি কবি বিনন্দ চন্দ্ৰ বৰুৱা আৰু লাৱণ্য প্ৰভা বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ আছিল নীলপৱন বৰুৱা৷ ১৯৮৬ চনৰ পৰা ২০২০ চনলৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসৰ সভাপতিৰ দায়িত্ব পালন কৰা নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত কলেজীয়া শিক্ষা লোৱা নাছিল৷ কিন্তু পাছত প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ শান্তি নিকেতনত শিক্ষা লোৱাৰ মানস কৰে আৰু কলকাতালৈ যায়৷ প্ৰথমে তেওঁৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ৷ কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণীসমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষাগ্ৰহণ কৰে৷ ১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল৷ শান্তি নিকেতনৰ চিত্ৰকলাৰ শিক্ষা শেষ কৰি তেওঁ শান্তি নিকেতনৰ পৰা গ্ৰেজেড পট্টাৰী বিষয়ত শিক্ষা লয়৷ পাছলৈ তেওঁ নতুন দিল্লীৰ ‘গাৰ্হি ষ্টুডিঅ’তো চিত্ৰাকংনৰ শিক্ষা লয়৷ ১৯৬৬ চনত কলিকতাৰ পৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি ‘গুৱাহাটী আৰ্ট কলেজ’ত শিক্ষকৰ কামত যোগ দিয়ে৷ ১৯৭১ চনত তেওঁ অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে৷ লগতে ‘বসুন্ধৰা কলা নিকেতন’ নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰশিল্পৰ বিদ্যালয় স্থাপন কৰে৷ ইয়াৰ পাছৰে পৰা তেওঁ চিত্ৰশিল্প সৃষ্টিৰ কামত গভীৰভাৱে মনোনিৱেশ কৰে৷ নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ কলকাতাৰ বিৰলা একাডমি অফ আৰ্ট এণ্ড কালচাৰ, ভুৱনেশ্বৰৰ ‘লক্ষ্ণৌ ললিত কলা একাডেমি’কে আদি কৰি বিভিন্ন ঠাইত প্ৰদৰ্শিত হৈছে৷ তেওঁৰ অংকিত ছবিয়ে দিল্লীৰ ললিত কলা একাডেমিত অসমক প্ৰতিনিধিত্ব কৰিছিল৷ ১৯৮২ চনত তেওঁ অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল৷ মুখা শিল্পৰ কৰ্মশালাত মাজুলীৰ মুখাশিল্পীয়ে অংশগ্ৰহণ কৰিছিল৷ তেওঁ বৃন্দাৱনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰুজ্জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল৷ বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ অসম শিল্পী সমাজে৷ এটা শোকবাৰ্তাত সদৌ অসম শিল্পী সমাজৰ সভাপতি প্ৰাঞ্জল শইকীয়া, কাৰ্যকৰী সভাপতি গোপাল জালান আৰু সম্পাদক দুলাল দাসে কয়– অসম চাৰু-কাৰু কলা নিকেতনৰ প্ৰতিষ্ঠাতা নীলপৱন বৰুৱাৰ মৃত্যুত অসমৰ অপূৰণীয় ক্ষতি হ’ল৷ তেওঁৰ ৰং-তুলিকাত বাংময় ৰূপ পোৱা চিত্ৰসমূহৰ লগতে তেওঁৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত সদায় অমৰ হৈ থাকিব৷

চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্মৰ শোক প্ৰকাশ

অসমৰ প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপবন বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰে ভাস্কৰ্য্যশিল্পী ৰবিৰাম ব্ৰহ্মই৷ আজি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ব্ৰহ্মই কয়– ‘কিছুদিন পূৰ্ৱে মই নীলপবনৰ সৈতে সাক্ষাৎ হৈছিলোঁ৷ তেওঁৰ স্বাস্থ্যৰ অৱস্থা খুব ভাল নাছিল যদিও প্ৰথমাৱস্থাত মোক চিনি পোৱা নাছিল৷ কিন্তু পৰৱৰ্তী সময়ত মোৰ নামটো কোৱাৰ পাছত তেখেতে মোৰ সৈতে সুন্দৰভাৱে কথা পাতিলে৷ বৰুৱাৰ বিয়োগত মই মৰ্মাহত হ’লোঁ৷’