Logo
image

নৰেন্দ্ৰ মোদীক মহাপুৰুষ বুলি কৈ প্ৰাৰ্থিত্ব বিচাৰিলে কংগনাই

আমাৰ অসম, ৩০ অক্টোবৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহাপুৰুষ বুলি অভিহিত কৰি নিজকে ৰাজনীতিৰ বাবে আগবঢ়াই দিলে বলীউডৰ মহাবিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱতে৷ যদিহে বিজেপিয়ে টিকট দিয়ে তেন্তে তেওঁ ২০২৪ চনত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা সাংসদ হিচাপে ভোটত যুঁজিবলৈ সাজু থকা বুলি ঘোষণা কৰিছে৷ এক সাক্ষাৎকাৰত কংগনা ৰাণাৱতে কয় যে, যদিহে ৰাইজে তেওঁক বিচাৰে আৰু পাৰ্টিয়েও তেওঁক টিকট প্ৰদান কৰে তেন্তে মাণ্ডিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত আপত্তি নাই৷ ইণ্ডিয়া টুডে গ্ৰুপৰ এক অনুষ্ঠানত সাক্ষাৎকাৰত কংগনা ৰাণাৱতে এনেদৰেই নিজকে বিজেপিৰ প্ৰতি আগবঢ়াই দিয়ে৷ অৱশ্যে এতিয়ালৈকে গেৰুৱা দলটোৱে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই আৰু ইতিপূৰ্বে তেওঁক দলত যোগদান কৰা বা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কেতিয়াও প্ৰস্তাৱ আগবঢ়োৱা নাই৷ অথচ বলীউডত অভিনয় কৰিলেও কংগনা ৰাণাৱত বিজেপিৰ স্বঘোষিত সমৰ্থক৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত হোৱা সকলো কাৰ্যকলাপ আৰু পদক্ষেপ তেওঁ নিৰ্বিবাদে সমৰ্থন কৰে৷ মোদী চৰকাৰক কোনোবাই সমালোচনা কৰিলে কংগনা ৰাণাৱতে সেই সমালোচকক তুলাধুনা দিয়ে আৰু দেশদ্ৰোহী বুলি অভিহিত কৰিবলৈ কেৰেপ নকৰে৷ সেই দিশৰ পৰা কংগনা ৰাণাৱতক কেতিয়াবাই বিজেপিয়ে দলত যোগদান কৰোৱাব লাগিছিল৷ অন্ততঃ তেনে ধৰণৰ সাংস্কৃতিক জগতৰ সমৰ্থকক বিজেপিয়ে যিকোনো ৰাজ্যতে বিনাদ্বিধাই আদৰি লোৱাৰ উদাহৰণ আছে৷ পিছে ঘোৰ সমৰ্থক হোৱা সত্ত্বেও এতিয়ালৈকে কংগনা ৰাণাৱতক কিয় বিজেপিয়ে দলভুক্ত কৰা নাই আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোৱা নাই সেয়া এক ৰহস্য৷ সম্প্ৰতি কংগনা ৰাণাৱতৰ গৃহৰাজ্য হিমাচল প্ৰদেশত বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে৷ তেওঁ অৱশ্যে বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগ্ৰহ দেখুওৱা নাই৷ ইয়াৰ বিপৰীতে সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি লোকসভালৈ যোৱাৰহে পক্ষপাতী বিতৰ্কিত অভিনেত্ৰীগৰাকী৷ ইণ্ডিয়া টুডে গ্ৰুপৰ আজটকৰ ষ্টুডিঅ’ত বহি তেওঁ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগ্ৰহ দেখুওৱাৰ লগতে বিজেপিত যোগদান কৰাৰো ইংগিত দিয়ে৷ অৱশ্যে তেওঁলৈ বিজেপিত যোগদান কৰাৰ বাবে এতিয়ালৈকে কোনো প্ৰস্তাৱ আহিছে নে নাই সেই সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে৷ ইয়াৰ পৰিৱৰ্তে তেওঁ বিজেপিত যিকোনো ধৰণে তেওঁক ব্যৱহাৰ কৰিলেই তাৰবাবে প্ৰস্তুত থকা বুলি মন্তব্য কৰে৷ তেওঁ কয়, যি ধৰণৰ পৰিৱেশেই হওক, চৰকাৰে মোৰ অংশগ্ৰহণ যেনেদৰেই বিচাৰক, মই তেনে সকলোধৰণৰ অংশগ্ৰহণৰ বাবে নিজকে সাজু কৰি ৰাখিছো৷ সেই সাক্ষাৎকালতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহাপুৰুষ আখ্যা দিয়ে৷ কংগনাই কয়, ৰাহুল গান্ধীৰ সৈতে প্ৰধানমন্ত্ৰীৰ প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱাটো অতি দুখৰ বিষয়৷ কিন্তু মোদীজীয়ে জানে দেশত তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই৷ তেওঁ সাধাৰণ পুৰুষ নহয়, তেওঁ মহাপুৰুষ৷