Logo
image

হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লাগিব অখিল

আমাৰ অসম, ৩০ অক্টোবৰ: গুৰুতৰভাৱে অসুস্থ কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ৷ হৃদৰোগত আক্ৰান্ত হোৱা বিধায়কজন বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে যদিও উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লাগিব৷ জিএমচিএইচৰ বিশেষজ্ঞ চিকিৎসকে অখিল গগৈৰ হৃদযন্ত্ৰৰ গুৰুতৰ সমস্যা ধৰা পেলোৱাৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ লগতে শীঘ্ৰে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছে৷ কিন্তু জিএমচিএইচ বা অসমৰ হাস্পতালত এই অস্ত্ৰোপচাৰৰ কোনো সুবিধা নথকাত দেশৰ আগশাৰীৰ চিকিৎসালয়ত উক্ত অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছে চিকিৎসকে৷ বৰ্তমান জিএমচিএইচৰ কাৰ্ডিঅ’লজী বিভাগৰ পেয়িং কেবিনত চিকিৎসাধীন হৈ থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক অস্ত্ৰোপচাৰৰ বাবে অচিৰেই ৰাজ্যৰ বাহিৰলৈ নিয়া হ’ব বুলি দলীয় নেতৃত্বই জানিবলৈ দিছে৷ ইফালে, জিএমচিএইচত শনিবাৰে বিধায়ক গগৈক কংগ্ৰেছৰ বিধায়ক তথা অন্যতম কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থই সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়৷ উল্লেখ্য, ‘কা’বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হৈ জে’লত থকাৰ সময়ত বুকুৰ বিষত আক্ৰান্ত হোৱা অখিল গগৈ বিগত ২৬ অক্টোবৰত দিল্লী ভ্ৰমণলৈ যোৱাৰ সময়তে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল৷ কিন্তু অলপ সুস্থ হৈ গুৱাহাটীলৈ উভটি অহাৰ পাছতেই পুনৰ অসুস্থ হৈ পৰাত শুকুৰবাৰে জিএমচিএইচত ভৰ্তি হৈছিল৷ শনিবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত হৃদযন্ত্ৰৰ এটি বিশেষ সমস্যা ধৰা পেলায় চিকিৎসকে৷ ফলত অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যত চিকিৎসাৰ পৰামৰ্শ আগবঢ়াইছে জিএমচিএইচৰ চিকিৎসকে৷