Logo
image

নিৰাপত্তা প্ৰতিষ্ঠানৰ লাইচেঞ্চ দিয়েই বিপুল ধন সংগ্ৰহ শৰ্মাৰ

আমাৰ অসম, ৩০ অক্টোবৰঃ এইবাৰ বেজৰ নাকতে খৰ৷ যি গৃহ বিভাগৰ নেতৃত্বত ৰাজ্যত চৰকাৰী কৰ্মচাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলিছে, সেই গৃহ বিভাগৰে যুটীয়া সচিব পৰ্যায়ৰ এজন শীৰ্ষ বিষয়া উৎকোচ লোৱা অৱস্থাত ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া  হ’ল৷ ব্যক্তিগত সুৰক্ষাৰক্ষী অৰ্থাৎ ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা-পত্ৰ নবীকৰণৰ নামত ৯০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে শুকুৰবাৰে নিশা অসম আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ৰ অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে এ চি এছ বিষয়া কিষাণ কুমাৰ শৰ্মা ওৰফে কে কে শৰ্মাক৷ শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ হাউচফেডস্থিত ফ্লেটত ছিকিউৰিটী ফাৰ্মখনৰ স্বত্বাধিকাৰীৰ পৰা ধন লোৱাৰ সময়তে ভিজিলেন্সে হাতে লোটে গ্ৰেপ্তাৰ কৰে গৃহ বিভাগৰ আমোলাজনক৷ তদন্তকাৰী আৰক্ষীয়ে কে কে শৰ্মাৰ বাসগৃহত তালাচী চলাই নগদ ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা জব্দ কৰে৷ এ চি এছ বিষয়াজনৰ বাসগৃহত জাপে জাপে পৰ্বতসম টকা উদ্ধাৰ হোৱা ঘটনাই চৰকাৰী বিষয়াই যে দুৰ্নীতি অব্যাহত ৰাখিছে তাৰ সত্যতা নিশ্চিত কৰিলে৷ উল্লেখ্য, ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্য চৰকাৰে গৃহৰক্ষী জোৱানৰ দৰমহা বৃদ্ধি কৰাৰ ফলত ব্যক্তিগত সুৰক্ষাকৰ্মী এজেন্সিসমূহত কৰ্মচাৰীৰ অভাৱে দেখা দিছে৷ ফলত বিভিন্ন প্ৰতিষ্ঠানত সুৰক্ষা কৰ্মীৰ চাহিদা বৃদ্ধি পোৱাত নতুনকৈ বিভিন্ন এজেন্সীয়ে আত্মপ্ৰকাশ কৰিছে৷ সুৰক্ষা এজেন্সী খোলাৰ বাবে গৃহ বিভাগৰ  অনুমতিৰ প্ৰয়োজন হোৱাত যুটীয়া সচিব কে কে শৰ্মাৰ টেবুলত আবেদনৰ ফাইলৰ দ’ম বান্ধিছে৷ ইয়াৰে সুযোগ লৈ খোচখোৰ আমোলাজনে এজেন্সিসমূহে বিভিন্ন বিভাগীয় চৰ্ত পূৰণ কৰাত সহায় কৰি দিয়াৰ নামত মুকলিকৈ ধন দাবী কৰাত নামি পৰে৷ অৱশ্যে সচিবালয়ৰ কাৰ্যালয়ত এই ধন লোৱাৰ সুযোগ নথকাত আবেদনকাৰীক ঘৰলৈ মাতি নি উৎকোচ লোৱাৰ পৰাও বিৰত থকা নাই ঘোচখোৰ কে কে শৰ্মা৷ কিন্তু এশ সৰু মাৰিলে বাঘৰো মৰণৰ দৰে অৱশেষত ৯০ হাজাৰ টকা উৎকোচ লৈ ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল গৃহ বিভাগৰ জ্যেষ্ঠ আমোলাজন৷ শনিবাৰে ধৃত কে কে শৰ্মাক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাই প্ত দিনৰ জিন্মাত লয় ভিজিলেন্সে৷