Logo
image

ভাৰতৰ পৰাজয় মহাবিপদত পাকিস্তান

আমাৰ অসম,৩১ অক্টোবৰ: ভাৰত আৰু জিম্বাব’ৱেৰ হাতত পৰাস্ত হোৱাৰ পাছত টুৱেণ্টী২০ বিশ্বকাপত দেওবাৰে পাকিস্তানে নেডাৰলেণ্ডছক ছয় উইকেটত পৰাস্ত কৰি প্ৰথম জয়ৰ সোৱাদ পাইছিল৷ কিন্তু এই জয়ৰ পাছতো দলটোৰ ছেমিফাইনেলত উপনীত হোৱাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ৷ দেওবাৰে ‘ছুপাৰ-১২’ পৰ্যায়ৰ গ্ৰুপ ‘দুই’ৰ আন এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হয় পাঁচ উইকেটত৷ এই খেলখনৰ ফলাফলেও পাকিস্তানক নিৰাশ কৰে৷ ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিব পৰা হ’লে পাকিস্তানৰ সম্ভাৱনা বৃদ্ধি পালেহেঁতেন৷ বৰ্তমানৰ স্থিতিত পাকিস্তানৰ ছেমিফাইনেলৰ পথ যথেষ্ট কঠিন৷ বাকী থকা দুখন খেলত পাকিস্তানৰ প্ৰতিদ্বন্দ্বী হ’ব দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশ৷ দলটো দুয়োখন খেলতে জয়ী হ’লেও যথেষ্ট নহ’ব, নেডাৰলেণ্ডেছ যদি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়ী হয় আৰু ভাৰতে বাংলাদেশক পৰাস্ত কৰে, তেতিয়াহে পাকিস্তানৰ ছেমিফাইনেলৰ পথ মুকলি থাকিব৷ যদি জিম্বাব’ৱে বাকী থকা দুখন খেলৰ এখনত জয়ী হয়, তেতিয়া পাকিস্তানে বিদায় ল’বলগীয়া হ’ব পাৰে৷ দুখন খেলত জয়ী হ’লে জিম্বাব’ৱেৰ পইণ্ট হ’বগৈ ৫৷ 
দেওবাৰে ভাৰত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱাৰ পাছত সলনি হৈ গ’ল গ্ৰুপ ‘দুই’ৰ সমীকৰণ৷ পাৰ্থৰ বাউন্সী উইকেটত দক্ষিণ আফ্ৰিকাৰ পেচ আক্ৰমণৰ সন্মুখত অসহায় হৈ পৰিছিল ভাৰতৰ বেটাৰ৷ প্ৰথমে বেটিং কৰি ২০ অভাৰত ভাৰতে ১৩৩ ৰান সংগ্ৰহ কৰাৰ পাছত দক্ষিণ আফ্ৰিকাই ১৯.৩ অভাৰত পাঁচটা উইকেট হেৰুৱাই সেই লক্ষ্য অতিক্ৰম কৰে৷ খেলখনৰ এই ফলাফল পাছত  তিনিখন খেলৰ পৰা পাঁচ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হৈছে দক্ষিণ আফ্ৰিকা৷ সমান সংখ্যক খেলৰ পৰা চাৰি পইণ্টেৰে দ্বিতীয় স্থানত আছে ভাৰত৷ চাৰি পইণ্টেৰে বাংলাদেশৰো চাৰি পইণ্ট সংগ্ৰহ যদিও নেট ৰান-ৰেটৰ ভিত্তিত দলটো ভাৰতৰ তলত আছে৷ চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে জিম্বাব’ৱে (৩ পইণ্ট) আৰু পাকিস্তান (২ পইণ্ট)৷ দক্ষিণ আফ্ৰিকাই পৰৱৰ্তী দুখন খেলত খেলিব পাকিস্তান আৰু বাংলাদেশৰ বিৰুদ্ধে৷ দক্ষিণ আফ্ৰিকা যদি পাকিস্তানৰ হাতত পৰাস্ত হয় আৰু বাংলাদেশৰ বিৰুদ্ধে জয়ী হয়, তেতিয়াও ছেমিফাইনেলত দলটোৰ স্থান নিশ্চিত হ’ব৷ দ্বিতীয় স্থানত থকা ভাৰতৰ পৰৱৰ্তী প্ৰতিদ্বন্দ্বী হ’ব বাংলাদেশ আৰু জিম্বাবৱে৷ দুয়োখন খেলত জয়ী হ’লে ভাৰত গ্ৰুপৰ শীৰ্ষৰ দুটা স্থানত থকাটো নিশ্চিত হ’ব৷ ইপিনে, বাংলাদেশে গ্ৰুপৰ বাকী দুখন খেলত খেলিব লাগিব ভাৰত আৰু পাকিস্তানৰ বিৰুদ্ধে৷ যদি দলটো দুয়োখন খেলত জয়ী হৈ অঘটন ঘটাবলৈ সক্ষম হয়, তেন্তে অন্তিম চাৰি স্থানলৈ উন্নীত হোৱাৰ সম্ভাৱনা থাকিব দলটোৰ৷ অৱশ্যে, অসম্ভৱ নহ’লেও দুয়োখন খেলত জয়ী হোৱাটো বাংলাদেশৰ বাবে হ’ব যথেষ্ট কঠিন৷