Logo
image

দেওবাৰেও স্কুললৈ গ’ল হিমন্তবিশ্ব : এহাজাৰ চৰকাৰী স্কুল উন্নয়নৰ সংকল্প , কেজৰিৱালৰ প্ৰত্যাহ্বান গ্ৰহণ?

এহাজাৰ চৰকাৰী স্কুল উন্নয়নৰ সংকল্প , কেজৰিৱালৰ প্ৰত্যাহ্বান গ্ৰহণ?
আমাৰ অসম, ৩১অক্টোবৰ: দেওবাৰৰ স্কুল বন্ধৰ দিনটোতে একালত নিজে পঢ়া কামৰূপ একাডেমীৰ লগতে মহানগৰীৰ ঐতিহ্যমণ্ডিত স্কুলে স্কুলে ঘূৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ সৈতে সংগী হ’ল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শিক্ষা বিভাগৰ উপদেষ্টা ড॰ ননীগোপাল মহন্তৰ লগতে শিক্ষা তথা গড়কাপ্টানি বিভাগৰ উচ্ছপদস্থ বিষয়াসকল৷ সাংবাদিকৰ আগত এই স্কুল ভ্ৰমণৰ সন্দৰ্ভত ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এনেদৰে ক’লে– ‘গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ অসমৰ এক হাজাৰখন মাধ্যমিক বা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ক আমি নতুন দিনৰ বিদ্যালয় হিচাপে ৰূপান্তৰিত কৰিব বিচাৰিছোঁ৷ ২০২৬ চনৰ পূৰ্বে এই স্বপ্ন পূৰণৰ বাবে আমি সাজু হৈছো৷ ইয়াৰ বাবে পাঁচ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব৷ অনাগত দিনত চৰকাৰৰ এইখনেই হ’ব সৰ্ববৃহৎ অভিলাষী আঁচনি৷ ইয়াত শ শ অভিযন্তা, স্থপতিবিদক নিয়োগ কৰা হ’ব৷ ইতিমধ্যে স্বাধীনতা দিৱসৰ ভাষণত এই অভিলাষী আঁচনিৰ সন্দৰ্ভত মই ঘোষণা কৰিছো৷  ‘ক’ মানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে  বিদ্যালয়সমূহত অত্যাধুনিক শ্ৰেণীকোঠাৰ লগতে সকলো সা-সুবিধাৰ ব্যৱস্থা কৰা হ’ব৷ লগতে প্ৰতিখন বিদ্যলয়তে থাকিব উন্নত খেলপথাৰ তথা খেলা-ধূলাৰ সুবিধা৷ খেল পথাৰত থাকিব ফ্লাড লাইট৷ আজি মই ক্ৰমে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সোণাৰাম উচ্ছতৰ মাধ্যমিক বিদ্যালয়, কটন কলেজিয়েট উচ্ছতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ অকাডেমী উচ্ছতৰ মাধ্যমিক বিদ্যালয়, টি চি উচ্ছতৰ মাধ্যমিক বিদ্যালয়, গোপাল বড়ো উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰ্যৱেক্ষণ কৰিলো৷ অহা দেওবাৰে বা তাৰ পাছত আৰু পাঁচখন বিদ্যালয় পৰ্যৱেক্ষণ কৰিম৷ আমি পৰীক্ষামূলকভাৱে গুৱাহাটী আৰু গুৱাহাটীৰ কাষৰীয়া দহ-বাৰখন বিদ্যালয়ক প্ৰথমতে আটকধুনীয়াকৈ গঢ়ি তুলিব বিচাৰিছো৷ সেই সম্পৰীক্ষাত সফল হ’লে আমি পৰৱৰ্তী পৰ্যায়ত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ আঠৰ পৰা নখন  বিদ্যালয়ক নতুন দিনৰ বিদ্যালয় হিচাপে গঢ়ি তুলিম৷ এটা দশকৰ ভিতৰত আমি এনেদৰে ৰাজ্যৰ চাৰি হাজাৰখন স্কুলকে আটকধুনীয়া বিদ্যালয়লৈ ৰূপান্তৰ কৰিম৷ কামৰূপ অকাডেমীত এসময়ত মই নিজে পঢ়িছিলো৷ স্বাভাৱিকতে মোৰ ক্লাছ ৰুমটো দেখিলে মই নষ্টালজিক হওঁ৷ কিন্তু, নষ্টালজিয়া আৰু বাস্তৱতাৰ সামঞ্জস্য ৰক্ষা কৰি আমি আগবাঢ়িব লাগিব৷ এই ক্ষেত্ৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মতামতকো বিশেষ গুৰুত্ব দিয়া হ’ব৷ এশ বছৰ পুৰণি বিদ্যালয়সমূহে যদিহে ঐতিহ্য ভৱন সংৰক্ষণ কৰিব বিচাৰে তেনেহ’লে এই ক্ষেত্ৰতো চৰকাৰে সহযোগ কৰিব৷ একো একোখন বিদ্যালয় নিৰ্মাণত পাঁচৰ পৰা আঠ কোটি টকা ব্যয় হ’ব৷ আমাৰ বিদ্যালয়সমূহ এনেদৰে সজাই তোলা হ’ব যাতে ইংৰাজী মাধ্যম বা যিকোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত ফেৰ মাৰিব পাৰে৷’ লক্ষণীয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দুমাহ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ সৈতে শিক্ষা তথা স্কুলকেন্দ্ৰিক বিষয়ত তুমুল টুইটযুদ্ধত অৱতীৰ্ণ হৈছিল৷ এই যুদ্ধ ইমানেই ব্যাপ্ত হৈছিল যে সমগ্ৰ দেশতে বিষয়টোৱে চৰ্চা লাভ কৰিছিল৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰীক দিল্লীৰ বিদ্যালয় চাবলৈ আমন্ত্ৰণ জনোৱাৰ লগতে অসমত শিক্ষাখণ্ডত কৰা কামবোৰ দেখুৱাবলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আহ৩ান জনাইছিল৷ কেজৰিৱালে অন্তিমটো টুইটত কৰা এই আহ৩ান  গ্ৰহণ কৰিয়েই  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে এক হাজাৰখন চৰকাৰী স্কুল আটকধুনীয়াকৈ সজোৱাৰ সংকল্প  লৈ কামত জপিয়াই পৰা বুলি চৰ্চা হৈছে৷