Logo
image

কাইলৈৰ পৰা অসমত ভাৰত জোড়ো, বিজেপিৰ মতে হ’ব ফ্লপ

আমাৰ অসম, ৩১ অক্টোবৰ: পহিলা নৱেম্বৰত ধুবুৰীৰ গোলগঞ্জৰ পৰা শদিয়ালৈ ‘ভাৰত জোড়ো যাত্ৰা অসম’ শীৰ্ষক পদযাত্ৰা আৰম্ভ কৰা হ’ব৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰম্ভ কৰিব এই কাৰ্যসূচী৷ ৭০ দিনত এই পদ যাত্ৰা কাৰ্যসূচীয়ে ৮৩৫ কিলোমিটাৰ পথ সামৰি ল’ব৷ ধুবুৰী জিলাৰ গোলোকগঞ্জ চহৰৰ পৰা আৰম্ভ হ’বলগীয়া এই ‘ভাৰত জোড়ো যাত্ৰা-অসম’ বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ (গ্ৰাম্য), গুৱাহাটী(মেট্ৰ), মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া  জিলাৰ মাজেৰে আগবাঢ়ি শদিয়াত সমাপ্ত হ’ব৷ এই যাত্ৰাই কংগ্ৰেছ নেতা-কৰ্মীসকলৰ উপৰি সৰ্বসাধাৰণ ৰাইজ, বিভিন্ন দল, সংগঠনৰ বিপুল সঁহাৰি লাভ কৰিব বুলি আশা কৰা হৈছে৷ ইতিমধ্যে ‘ভাৰত জোড়ো যাত্ৰা অসম’ৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকল উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ ৩১ অক্টোবৰত ধুবুৰী জিলাত উপস্থিত হ’ব৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কাইলৈ পুৱা ৯ বজাত গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে যাত্ৰাৰম্ভ কৰিব৷ বিয়লি ৩ বজাত তেওঁ গৌৰীপুৰৰ মহামায়া মন্দিৰত প্ৰাৰ্থনা জনাব৷ বিয়লি ৪ বজাত তেওঁ পাণবাৰী মছজিদত উপস্থিত হৈ প্ৰাৰ্থনা জনাব, সন্ধিয়া ৬ বজাত ধুবুৰীৰ গুৰু টেগ বাহাদূৰ গুৰুদ্বাৰত প্ৰাৰ্থনা জনাব৷ ১ নৱেম্বৰত প্ৰদেশ কগ্ৰেছৰ সভাপতিজনে পুৱা ৯ বজাত সত্ৰশালৰ শ্ৰীশ্ৰীধাম ৰামবাইকুঠী সত্ৰৰ নামঘৰত উপস্থিত হৈ প্ৰাৰ্থনা জনাব, পুৱা ১১ বজাত  পৰা গোলোকগঞ্জৰ বেলগুড়িত ‘ভাৰত জোডো. যাত্ৰা অসম’ৰ উদ্বোধনী সভাত অংশগ্ৰহণ কৰিব৷ পুৱা ১১ বজাৰ পৰা গোলোকগঞ্জৰ বেলগুড়িৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা অসম’ৰ পদযাত্ৰা আৰম্ভ কৰিব৷ ইফালে, অসমত কংগ্ৰেছৰ ভাৰত জোড়ো কাৰ্যসূচী ছূপাৰ ফ্লপ হ’ব বুলি কয় মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ তেওঁ কয়– ভাৰত জোড়া যাত্ৰাৰ সকলোতকৈ চুপাৰফ্লপ হ’ব অসমত তেওঁলোকৰ নেতৃত্বই এই কথা গম পায় যে অসমত ভাৰত জোড়া যাত্ৰা কৰিবলৈ মানুহ নাই৷ অসমৰ মানুহে সঁহাৰিও নিদিয়ে৷ কেইটামান বিশেষ অঞ্চলত চেগা চোৰোকাকৈ হ’ব৷ তাতো আজিকালি কংগ্ৰেছ নেতৃবৃন্দৰ সন্দেহ৷ গতিকে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব নহাতো স্বাভাৱিক৷ কাৰণ লাজ পাবলৈ কোন আহিব? মানুহেই নহ’ব৷ ২০০, ৩০০, ৫০০ মানুহ লৈ সমদল কৰিব ৷ তাত শীৰ্ষ নেতৃত্ব আহিব নোৱাৰে৷ নিজৰ সন্মান বজাবলৈ নেতৃবৃন্দ নাহে৷ তেওঁলোকে এইটো ভাল সিদ্ধান্ত লৈছে৷ ক’ৰবাত খুব বেছি এহাজাৰ মানুহ হ’ব পাৰে৷ তাতকৈতো আৰু বেছি নহয়৷ দেশত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে যেনেকৈ কাম কৰি আছে তাৰ প্ৰতি মানুহৰ আগ্ৰহ থাকিব নে যিয়ে ২০-৩০ লাখ টকা দি চাকৰি ল’বলগীয়া দলটোৰ প্ৰতি আগ্ৰহ থাকিব?