Logo
image

সুন্দৰীৰ হাতত ধৰি পুনৰ বিতৰ্কত ৰাহুল

আমাৰ অসম, ৩১ অক্টোবৰ: দলীয় কৰ্মী, কিন্তু সুন্দৰী অভিনেত্ৰীৰ হাতত ধৰি ভাৰত জোড়ো যাত্ৰাত খোজকাঢ়ি তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ তেলেংগানাৰ মাজেৰে সম্প্ৰতি আগবাঢ়িছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা৷ সেই ভাৰত জোড়ো যাত্ৰাত পদব্ৰজে আগবঢ়াৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দক্ষিণৰ সু্‌ন্দৰী অভিনেত্ৰী পুনম কৌৰৰ হাতত ধৰি কিছুসময় খোজ কাঢ়িছিল৷ ৰাহুল গান্ধীয়ে পুনম কৌৰৰ হাতত ধৰি গৈ থকা ফটোখন প্ৰচাৰ হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ লগে লগে আৰম্ভ হৈ যায় বিজেপিৰ আক্ৰমণ৷ বিজেপিৰ নেতা-নেত্ৰীয়ে ৰাহুল গান্ধী আৰু পুনম কৌৰৰ হাত ধৰা ফটোখনক লৈ অশ্লীল মন্তব্য আৰম্ভ কৰে৷ প্ৰথমেই বিজেপিৰ নেত্ৰী প্ৰীতি গান্ধীয়ে এই ফটোখন টুইট কৰি লিখে– আজোককাকৰ পদাংক অনুসৰণ কৰিছে ৰাহুল গান্ধীয়ে ৷ এই টুইটৰ পাছতে কংগ্ৰেছ আৰু বিজেপিৰ বাকযুদ্ধ আৰম্ভ হৈ যায়৷ প্ৰীতি গান্ধীৰ বক্তব্যক অসুস্থ মানসিকতা বুলি কটাক্ষ কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে৷ কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীমাতে প্ৰীতি গান্ধীৰ উদ্দেশ্যে টুইট কৰি কয়– এই দেশক একত্ৰিত কৰাৰ বাবেই ৰাহুল গান্ধীয়ে তেওঁৰ আজোককাকক অনুসৰণ কৰিছে৷ আপোনাৰ মানসিক অৱস্থা সঠিক নহয়৷ দেশ, পৰিয়াল আৰু বন্ধুৰ পক্ষে আপোনাৰ এই অৱস্থা অত্যন্ত ক্ষতিকৰ৷  ৰাহুল গান্ধীয়ে অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে৷
হায়দৰাবাদত জন্ম পুনম কৌৰে এন আই এফ টিৰ পৰা ফেচন ডিজাইনিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি তেলুগু ছবিত অভিনয় আৰম্ভ কৰে৷ সুন্দৰী আৰু দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী পুনমে তামিল আৰু কানাড়া ছবিতো অভিনয় কৰিছে৷ পুনমে ইতিমধ্যে কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰিছে৷ বিজেপিয়ে কৰা আক্ৰমণত ক্ষুণ্ণ পুনম কৌৰে এই মন্তব্যক অশালীন আখ্যা দি কয়– ফটোক লৈ সস্তীয়া ৰাজনীতি কৰা হৈছে৷ যিটো দলৰ প্ৰধানমন্ত্ৰীয়ে কথাই কথাই নাৰীশক্তিৰ কথা কয়, সেই দলৰ নেতা-নেত্ৰীৰ মুখত এনেকথা শোভা নাপায়৷ সেয়া অত্যন্ত নিন্দনীয়৷ মই উজুতি খাই পৰি যাব খুজিছিলোঁ৷ ৰাহুল গান্ধীয়ে মোক পৰি যোৱাৰ পৰা ধৰি ৰাখিলে৷