Logo
image

লখিমপুৰৰ পৰা উৰণ সহজ হ’ল চুবুৰীয়া ৰাজ্যলৈ

আমাৰ অসম, ৩১ অক্টোবৰ: আঞ্চলিক যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্ৰা সংযোজনেৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয় আৰু মিজোৰামক সামৰি এলায়েন্স এয়াৰৰ বিমান পৰিবহণ সেৱা ভাৰ্চুৱেল মাধ্যমৰ যোগেদি ফ্লেগ অফ কৰি শুভ আৰম্ভণি কৰে৷ এলায়েন্স এয়াৰৰ এই নতুন বিমান পৰিবহণ সেৱাই লীলাবাৰী, জিৰো, শ্বিলং, ইম্ফল আৰু মিজোৰামক সামৰি ল’ব৷ এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ দিনটো এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে৷ তেওঁ কয় যে এলায়েন্স এয়াৰৰ এই বিমান পৰিবহণ সেৱাই উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু মণিপুৰৰ মাজত বিমান পৰিবহণৰ পৰিসৰ বৃদ্ধি কৰিব৷ এই বিমান পৰিবহণ সেৱা আৰম্ভ কৰাটো কেৱল আকাশী পথৰ সম্প্ৰসাৰণে নহয়, তাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এই সেৱাই মানুহৰ মাজত যোগাযোগ, পৰ্যটন আৰু বাণিজ্যৰ ক্ষেত্ৰখনক বহু দূৰ আগুৱাই লৈ যাব৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে লখিমপুৰ জিলাৰ লীলাবাৰী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ কৰিড’ৰ৷ বিভিন্ন পৰ্যটনস্থলীৰ কৰিড’ৰ হিচাপেও এই বিমান বন্দৰটোৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে ৷ ইিতমধ্যে বিমান বন্দৰটোৰ বেছিক ষ্ট্ৰীপ আৰু আইচ’লেশ্যন বে নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৮৪ একৰ ভূমি হস্তান্তৰ কৰিছে৷ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নতুন টাৰ্মিনেলৰ কাম চৰকাৰে হাতত লৈছে আৰু এই কামে ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰিছে৷ ১৯৮৪ চনৰে পৰা বন্ধ হৈ থকা পশ্চিম অসমৰ ৰূপচী বিমান বন্দৰ উড়ান আঁচনিৰ জৰিয়তে পুনৰ উন্নয়ন সাধন কৰা হৈছে আৰু যোৱা বছৰৰ মে’ মাহৰ পৰা এই বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ উড়ান আঁচনি বলবৎ হোৱাৰ লগে লগে ২০১৭ চনৰ আগষ্টৰ পৰা ২০২২ চনৰ আগষ্টলৈকে উত্তৰ পূবত বিমান চলাচলৰ সংখ্যা ৭৯৭৩ খনলৈ বৃদ্ধি পাইছে৷ এই বৃদ্ধিৰ হাৰ পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ মণ্ডলৰ বৃদ্ধিৰ হাৰতকৈও ৩৬ শতাংশ অধিক৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভি কে সিং, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাং, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, এলায়েন্স এয়াৰৰ চি ই অ’ বিনীত ছুডে নিজ নিজ স্থানৰ পৰা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ফ্লেগ অফ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷
লীলাবাৰী বিমানবন্দৰৰ পৰা ‘এলায়েন্সৰ এয়াৰ’ৰ সেৱা আৰম্ভ
আজিৰে পৰা লীলাবাৰী বিমানকোঠৰ পৰা চলিছে এলায়েন্স এয়াৰৰ বিমান সেৱা৷ উত্তৰ পূবৰ আকাশত সেয়ে একেদিনাই উৰিব ৫ খনকৈ এলায়েন্স এয়াৰৰ বিমান ৷ ‘উৰাণ’ আঁচনিৰ অন্তৰ্গত লীলাবাৰী, জিৰ’, শ্বিলং, ইম্ফল আৰু আইজল এই বিমানকোঠ কেইটাৰ পৰা চলাচল কৰিব আকাশীযান৷ আজি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজ্যমন্ত্ৰী জি কে সিঙৰ সৈতে ভাৰ্চুৱেলি নতুন দিল্লীৰ পৰা লখিমপুৰ লীলাবাৰী বিমানবন্দৰ আৰু শ্বিলং, জিৰ’লৈ এই বিমান সেৱা শুভাৰম্ভ কৰে৷ লীলাবাৰীৰ পৰা সপ্তাহত চাৰিটা দিন শ্বিলঙলৈ আৰু দুদিন জিৰ’লৈ চলিব এই বিমান সেৱা৷ ভাৰ্চুৱেলী শুভাৰম্ভ কৰা এই কাৰ্যসূচীত লখিমপুৰ লীলাবাৰী বিমান কোঠত উপস্থিত থাকে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, লখিমপুৰ জিলা উপায়ুক্ত সুমিত সত্তাৱন, আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু বিমান প্ৰাধিকৰণৰ বিষয়াবৰ্গ৷ লীলাবাৰী বিমান বন্দৰত এই উপলক্ষে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকাই কেক কাটি বিমান সেৱাৰ  আনুষ্ঠানিকতা সম্পন্ন কৰে৷