Logo
image

বাঘ ঐ বাঘ! গঞাৰ লগতে বাঘ খেদিলে উপায়ুক্তয়ো

আমাৰ অসম, ৩১ অক্টোবৰঃ দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা বাঘ এটাক খেদি ৰাইজক নিৰাপত্তা প্ৰদানৰ উদ্দেশ্যেৰে গঞাক লগত লৈ দেওবাৰে পুৱাই মিছামাৰী চৰত উপস্থিত হয় মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস¸ শৰ্মা৷ উল্লেখ্য, মৰিগাঁও জিলাৰ ভুৰাগাঁও এলেকাৰ মিছামাৰী চৰত এটা বাঘে চলোৱা সন্ত্ৰাসত সাতটাকৈ গৰু নিহত হোৱাৰ লগতে পাচটা গৰু বাৰুকৈয়ে আহত হয়৷ প্ৰায় ৬০-৬৫টা পৰিয়ালৰ লোকে বসবাস কৰা এই চৰ-চাপৰিৰ ৰাইজৰ মাজত বাঘৰ আতংকই  বিৰাজ কৰিছিল৷ চৰবাসীয়ে ৰাতি নিজৰ নিজৰ গৰু-ছাগলীকে ধৰি নিজৰ লৰা-ছোৱালী তথা পৰিয়ালক লৈ অত্যন্ত আতংকৰ মাজত ৰাতিটো পাৰ কৰিব লগা হয়৷ বাঘৰ আতংকত কাম বন এৰি সকলো চৰবাসীৰ লোক একেলগে গোট হৈ পহৰা দি আছিল৷ দা-যাঠি লৈ পহৰা দি থকা চৰবাসীৰ সন্মুখতেই হজৰত আলীৰ হালোৱা গৰুটো টানি লৈ গৈছিল বনৰজাই৷ চৰবাসীৰ মাজত সূষ্টি হোৱা বাঘৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি আজি মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস¸ শৰ্মাই মৰিগাঁও জিলাৰ আঞ্চলিক বন বিষয়া ৰবীন বৈশ্যকে ধৰি বৃহৎ বাহিনী এটা লৈ চৰলৈ যায় আৰু বাঘৰ সন্ধানত বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷ চৰৰ সমগ্ৰ জাৰণিত জুই লগাই দিয়া হয়৷ টেক্টৰ লগাই এফালৰ পৰা  চাফাই কৰা হয় যদিও বাঘৰ সন্ধান উলিয়াব পৰা নাই৷ বাঘটো ওৰাঙৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে৷ উল্লেখ্য যে উপায়ুক্ত দেৱাশিস¸ শৰ্মা আৰু বন বিষয়া গৰাকীয়ে বাঘৰ পদচিহ্ন পৰ্যবেক্ষণ কৰি বাঘটো কোনফালে গৈছে তাৰ নিৰীক্ষণ কৰে যদিও চৰটোৰ পৰা বাঘটোৱে পলায়ন কৰা বুলি ধাৰণা কৰা হৈছে৷

গোলাঘাটৰ চাহ বাগিচাত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

গোলাঘাটৰ বন বিভাগৰ অধীনৰ মৰঙিৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনত বনজ সম্পদ অসুৰক্ষিত হৈ পৰা বুলি সকলোৱে একমুখে স্বীকাৰ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি অহাৰ পাছতো বন বিভাগে চকুমুদা কুলিৰ ভাও ধৰি খণ্ড বন বিষয়াজনে শিল-বালিৰ চোৰাং বেহা চলাই যাবলৈ অনুমতি দিয়াৰ পৰিণাম ভয়ংকৰ হৈ উঠিছে৷ বকিয়াল খণ্ড বন বিষয়া আৰু একাংশ বনকৰ্মী কেৱল চোৰাং বালিৰ কাৰবাৰীৰ স’তে ব্যস্ত থকাৰ ফলশ্ৰুতিত অঞ্চলটোত হাতী বা অন্য বন্য জন্তুৰ মৃত্যু নিচেই সুলভ হৈ পৰিছে৷ একাধিক হাতীৰ পাছত বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ এলেকাত উদ্ধাৰ হৈছে এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকীৰ মৃতদেহ৷ চফেলা বাগিচাত উদ্ধাৰ হোৱা নাহৰফুটুকীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই৷ ৰাইজে নাহৰফুটুকীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিছে যদিও কেইবাঘণ্টাও ওকলি যোৱাৰ পাছতো বনকৰ্মী উপস্থিত হোৱা নাই৷ মন কৰিবলগীয়া যে মৰঙিৰ বিভিন্ন অঞ্চলত নাহৰফুটুকীৰ সঘন উপস্থিতি দেখা যায় আৰু সচেতনহীনতাৰ বাবেই বহু লোকে নাহৰফুটুকীয়ে চিকাৰ কৰি আধাখোৱা অৱস্থাত এৰা জন্তুৰ মৃতদেহত কীটনাশক ঔষধ দি নাহৰফুটুকীক হত্যা কৰি গোপনে পুতি পেলোৱাৰ বাতৰিও পোৱা যায়৷ কিন্তু তৎস্বত্বেও গোলাঘাটৰ বন বিভাগে জনসাধাৰণৰ মাজত বন্যজন্তুৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে কোনো কাৰ্যসূচী হাতত লোৱা দেখা নাযায়৷ চফেলা বাগিচাৰ ৯ নম্বৰ চেকচনত আজি উদ্ধাৰ হোৱা নাহৰফুটুকীটোৰো তেনে কাৰণতে মৃত্যু হোৱা বুলি মত প্ৰকাশ কৰিছে কেবাজনো পৰিৱেশ কৰ্মীয়ে৷ ইফালে আজি এই নাহৰফুটুকীটোৰ মৃত্যুৰ পাছতে বালিৰ চোৰাং ব্যৱসায়ত জড়িত থাকি অন্যফালে চকু দিবলৈ আহৰি নোপোৱা খণ্ড বন বিষয়াৰ বদলিৰ দাবীও একেমুখে উত্থাপন কৰিছে মৰঙিৰ ৰাইজে৷