Logo
image

১৪ বছৰেও ক্ষতিপূৰণ নোপোৱাৰ দুখত চকুলো

ধূলি-মাকতি গুচাই সাজু কৰা হ’ল গণেশগুৰি

আমাৰ অসম, ৩১ অক্টোবৰঃ বছৰ বাগৰি সেই বিভৎস দিনটোৰ ১৪ বছৰেই হ’ল৷ এই ক’লা দিনটোতে শতজনৰ চকুৰ লোতক আৰু হা-হুমুনিয়াহৰ পুনৰবাৰ সাক্ষী হ’ল গণেশগুৰি৷ বুকুত প্ৰচণ্ড দুখৰ বেদনা, ক্ষোভ লৈ চৰকাৰী নিমন্ত্ৰণ ৰক্ষা কৰি গণেশগুৰিৰ স্মৃতিসৌধৰ তলত সমৱেত হ’ল ২০০৮ চনৰ ৩০অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহতৰ পৰিয়ালৰ লগতে আহত অনেক লোক৷ আপোনজনক সোঁৱৰি হুকহুকাই কান্দি উঠিল অনেকে৷  নৃশংস ৰক্তপিপাসুৰ বোমা বাৰুদৰ ধোৱাৰ সৈতে প্ৰায় চাৰিকুৰি পৰিয়ালৰ আপোন জন কেতিয়াবাই হেৰাই গ’ল, কিন্তু এতিয়াও বহুতৰে শৰীৰত আছে প্লীনটাৰৰ টুকুৰা৷ বিস্ফোৰণৰ কেমিকেলৰ পাশ্বক্ৰিয়াত নতুনকৈ কাৰোবাৰ হাতৰ মঙহ বাঢ়িছে, ওলাইছে হাড়৷ এমাডিমা কালতেই বিস্ফোৰণত পিতৃহাৰা হোৱা শিশু এতিয়া গাভৰু হ’ল৷ ২০০৮ চনৰ ৩০ অক্টোবৰৰ  আজিৰে এই অভিসপ্ত দিনটোতে এন ডি এফ বিৰ ১০ টাকৈ ধাৰাবাহিক বিস্ফোৰণে কপাইছিল গুৱাহাটীৰ গণেশগুৰিকে ধৰি ৪ খনকৈ জিলা৷ এই বিস্ফোৰণত মুঠ ৮৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০০ ৰো অধিক লোক আহত হৈছিল৷ ২০০৮ ৰ সেই বোমা বিস্ফোৰণৰ অভিকেন্দ্ৰ আছিল গণেশগুৰি৷ পৰৱৰ্তী পৰ্যায়ত গণেশগুৰিৰ অভাৰব্ৰীজৰ বিস্ফোৰণস্থলীৰ স্থানতে চৰকাৰৰ উদ্যোগত এক স্মৃতি সৌধ নিৰ্মাণ কৰি প্ৰতিবছৰে এই অভিশপ্ত দিনটোত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল৷ পুনৰবাৰ ধূলি মাকতি গুচাই সাজু কৰা হ’ল গণেশগুৰিৰ স্মৃতিসৌধ৷ নিহতক শ্ৰদ্ধাঞ্জলি জনাই জ্বলোৱা হ’ল ধূপ-দীপ, চাকি বন্তি৷ ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই অনুষ্ঠানত উপস্থিত থাকিল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ মন্ত্ৰী পাটোৱাৰীৰ সন্মুখতে আজি অনেকজনে ক্ষতিপূৰণ নোপোৱাৰ বেদনাত  টুকিলে চকুলো৷ চৰকাৰৰ স্মৃতিচাৰণ অনুষ্ঠানলৈ আহি নলবাৰীৰ ডিম্বেশ্বৰ ডেকা নামৰ যুৱকজনে ক’লে– ‘মই একো কৰিব নোৱাৰো, শুব নোৱাৰো বিচনাত৷ চৰকাৰৰ পৰা ডেৰলাখ ক্ষতিপূৰণ পাইছিলো যদিও সেই টকা গুৱাহাটীত চিকিৎসাৰ বাবে গাড়ী ভাড়া কৰি আহোতেই শেষ হ’ল৷ মোৰ পত্নীয়ে পাণ তামোলৰ দোকান দি কোনোমতে মোক পোহপাল দি আছে৷’ আজি গণেশগুৰিত সমৱেত হোৱা অনেক পৰিয়ালে চৰকাৰৰ পৰা ফুটাকড়ি এটাও নোপোৱা বুলি অভিযোগ কৰে৷ আনহাতে, বোমা বিস্ফোৰণ কাণ্ডৰ নায়কক চৰকাৰে কোনো দৃষ্টান্তমূলক শাস্তি বিহিব নোৱৰা বুলি অভিযোগ কৰি ভুক্তভোগীৰ পৰিয়ালে কয় যে অভিযুক্তক গামোচা পিন্ধাই, ৰাজ আতিথ্য দি ৰখা হৈছে৷ দোষীক ৰাজহুৱাকৈ ফাচি দিব লাগে বুলিও তেওঁলোকে দাবী জনায়৷ ইফালে, ভুক্তভোগীৰ দুখ বেদনাৰ সমভোগী হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আশ্বাস দিয়ে যে যিসকলে এতিয়াও ক্ষতিপূৰণ পোৱা নাই তেওঁলোকৰ বিস্তৃত তথ্য তেওঁ মুখ্যমন্ত্ৰীক প্ৰতিবেদন আকাৰে দিব আৰু মুখ্যমন্ত্ৰীয়ে বঞ্চিতসকলক  ন্যায় দিব৷ ইফালে, ৩০ অক্টোবৰ এই অভিশপ্ত দিনটো আজি সন্ত্ৰাসবাদবিৰোধী দিৱস হিচাপে উদযাপন কৰে আছুকে ধৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে৷  কিন্তু এই বিস্ফোৰণৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি চিহ্নিত ৰঞ্জন দৈমাৰীৰ সন্দৰ্ভত কোনেও ‘টু’ শব্দ এটাও উচ্ছাৰণ নকৰিলে৷