Logo
image

ছেম ষ্টেফৰ্ডক কোনেও হত্যা কৰা নাছিল!

আৰক্ষীৰ প্ৰতিবেদনক লৈ ক্ষোভ পৰিয়ালৰ

আমাৰ অসম, ৩১ অক্টোবৰঃ ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত শ্বহীদ হোৱা ছেম ষ্টেফৰ্ডৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে আদালতত দাখিল কৰা চূড়ান্ত প্ৰতিবেদনক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে দুৰ্ভগীয়া ছেমৰ পৰিয়ালে৷ ২০১৯ চনৰ ১২ ডিচেম্বৰত ‘কা’ বিৰোধী প্ৰতিবাদী সভাত অংশ লৈ ঘৰলৈ উভটি আহোতেই গুৱাহাটীৰ হাতীগাঁও থানাৰ সমীপত আৰক্ষীৰ গুলীত থিতাতে মৃত্যুক সাৱটিবলগীয়া হৈছিল ১৭ বছৰীয়া ছেম ষ্টেফৰ্ড নামৰ ছাত্ৰজেন৷ ছেম ষ্টেফৰ্ডক অসম আৰক্ষীৰ তদানীন্তন এডিজিপি জি পি সিঙে গুলীয়াই হত্যা কৰিছিল বুলি অভিযোগ কৰি ৰুজু হোৱা এটা গোচৰত তদন্তকাৰী আৰক্ষীয়ে বৰ্তমানৰ আইন শৃংখলাৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙক ক্লীনশ্বীট দিয়া কাৰ্যক মানি লোৱা নাই ভুক্তভোগী ছেমৰ পৰিয়ালে৷ অৱশ্যে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশে ছেমৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ জিলা আইন সেৱা প্ৰাধিকাৰীক নিৰ্দেশ দিলেও তদন্তকাৰী আৰক্ষীয়ে আদালতত দাখিল কৰা চূড়ান্ত প্ৰতিবেদনত ছেমৰ হত্যাকাৰী কোন তাক আজিও চিনাক্ত কৰা নাই৷ ঘটনাৰ সময়ত আৰক্ষীয়ে শূন্যলৈ গুলীচালনাৰ কথা স্বীকাৰ কৰিছে যদিও কোন আৰক্ষীয়ে গুলীয়াই ছেম ষ্টেফৰ্ডক হত্যা কৰিলে তাক ৰাজহুৱা কৰা নাই৷ আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদনে ইয়াকে যেন ধাৰণা দিব বিচাৰিছে– ছেম ষ্টেফৰ্ডক কোনেও হত্যা কৰা নাছিল! অৱশ্যে ছেমৰ পিতৃ বিজু ষ্টেৰ্ফডে ঘটনাৰ পাছতেই ২০১৯ চনতে হাতীগাঁও থানাত ৰুজু কৰা ছেমৰ হত্যা সম্পৰ্কীয় গোচৰটোৰো আজিলৈকে তদন্তই সম্পূৰ্ণ নকৰিলে আৰক্ষীয়ে৷ যাক লৈ এতিয়া ন্যায়ালয়েও অসন্তুষ্টি ব্যক্ত কৰি শনিবাৰে এটা ৰায়দানত তদন্তকাৰী আৰক্ষীক  ৩ নৱেম্বৰৰ ভিতৰত গোচৰটোৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে একেখন থানাৰ আৰক্ষীয়ে ছেমৰ হত্যাকাণ্ডৰ সন্দৰ্ভত পিতৃয়ে  ৰুজু কৰা গোচৰটোৰ কোনো তদন্তই নকৰিলে যদিও শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙক অভিযুক্ত কৰি ৰুজু হোৱা আন এটা গোচৰৰ কিন্তু সময়মতে তদন্ত কৰি চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে৷ যি প্ৰতিবেদনত তদন্তকাৰী আৰক্ষীয়ে অভিযুক্ত জি পি সিঙৰ বিৰুদ্ধে কোনো তথ্য প্ৰমাণ লাভ নকৰা বুলিও স্পষ্ট কৰিছে৷ স্বাভাৱিকতেই আৰক্ষীৰ এনে বৈষম্যমূলক নীতিয়ে এটা কথা স্পষ্ট কৰে যে জি পি সিঙক ক্লীনশ্বীট দিয়াৰ স্বাৰ্থতেই উক্ত চড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰিলে৷ ফলত আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদনক লৈ অসন্তুষ্টি ব্যক্ত কৰি দেওবাৰে সংবাদ মাধ্যমৰ আগত ছেমৰ পিতৃ বিজু ষ্টেফৰ্ডে কয়–‘আমি এতিয়াও ন্যায়ৰ আশাত আছো৷ মোৰ পুত্ৰ ছেম ষ্টেফৰ্ডক আৰক্ষী বিষয়া জি পি সিঙে  গুলী কৰিছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে কৈ আহিছে৷ সেয়েহে আমি ছেমৰ হত্যাৰ ন্যায় বিচাৰি জি পি সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলো৷ যদিহে জি পি সিং দোষী নহয় বুলি আৰক্ষীয়ে প্ৰতিবেদন দিছে, তেনেহ’লে ছেমক গুলীয়ালে কোনে? হত্যা কৰিলে কোনে? সেয়া তদন্ত কৰি ৰাজহুৱা কৰক চৰকাৰ-আৰক্ষীয়ে৷ চৰকাৰে কিয় ইমান দিনে ছেমৰ হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই? জি পি সিং যদি নহয়, আন কোনোবাইতো গুলী কৰি হত্যা কৰিলে ছেমক৷ মোৰ ল’ৰা নহৈ কোনো প্ৰভাৱশালী ব্যক্তিৰ ক্ষেত্ৰত হোৱা হ’লে ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে তদন্ত কৰি হত্যাকাৰীক চিনাক্ত কৰিলেহেঁতেন! কিন্তু ছেমৰ হত্যাকাৰীক চিনাক্ত কৰিবলৈ চৰকাৰক ৩ বছৰ লাগিছে কিয়? আৰক্ষীৰ প্ৰতিবেদনক লৈ মই সন্তুষ্ট নহয়৷ সেয়েহে মই ন্যায় বিচাৰি আইনৰ ওচৰ চাপিছো৷ প্ৰয়োজনত মই উচ্ছ ন্যায়ালয়তো দ্বাৰস্থ হ’ম৷ ন্যায় পাম বুলি মই আজিও আশাবাদী৷’ ইফালে আদালতৰ ৰায় সন্দৰ্ভত ছেম ষ্টেফৰ্ডৰ গোচৰটোৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত কয়– সংবাদ মাধ্যমত ছেম ষ্টেফৰ্ডৰ হত্যাকাণ্ডৰ ঘটনাত জি পি সিঙক দোষমুক্ত কৰা বুলি বাতৰি প্ৰকাশ পাইছে৷ কিন্তু আদালতে জি পি সিঙক এতিয়াও দোষমুক্ত বুলি ৰায় প্ৰদান কৰা নাই৷ প্ৰবীন মহন্ত নামৰ এজন অধিবক্তাই ২০১৯ চনৰ ১২ ডিচেম্বৰত এডিজিপি জি পি সিঙৰ নেতৃত্বত অহা আৰক্ষীয়ে গুলী চালনা কৰি ছেমক হত্যা কৰাৰ অভিযোগ কৰি এটা গোচৰ ৰুজু কৰিছিল৷ উক্ত গোচৰটোৰ সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদনত জি পি সিঙৰ বিৰুদ্ধে কোনোধৰণৰ তথ্য প্ৰমাণ পোৱা নাছিল বুলিহে কৈছিল৷ কিন্তু প্ৰতিবেদনত আৰক্ষীয়ে প্ৰতিবাদকাৰীক আঁতৰোৱাৰ বাবে শূন্যলৈ গুলী চালনা কৰাটো সত্য বুলি স্বীকাৰ কৰিছে৷ কিন্তু কাৰ গুলীত ছেম ষ্টেফৰ্ডৰ  মৃত্যু হ’ল তাক চিনাক্ত কৰা নাই৷ অৱশ্যে ছেম ষ্টেফৰ্ডৰ পিতৃ বিজু ষ্টেফৰ্ডে হাতীগাঁও থানাত পুত্ৰৰ হত্যাৰ সন্দৰ্ভত ৰুজু কৰা ৯৪৮/২০১৯ নম্বৰৰ গোচৰটোৰ তদন্ত সম্পূৰ্ণ কৰা নাই আৰক্ষীয়ে৷ উক্ত গোচৰটোৰ আজিলৈকে আভিযোগনামা দাখিল কৰা নাই আৰু কোনো চূড়ান্ত প্ৰতিবেদনো আদালতক দিয়া নাই৷ যাৰ বাবে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে হাতীগাঁও আৰক্ষীক নিৰ্ধাৰিত সময়ৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ আমি ভাবো ন্যায়ালয়ৰ এই নিৰ্দেশে ছেমৰ হত্যাকাৰীক চিনাক্ত কৰি ভুক্তভোগী পৰিয়ালটোক ন্যায় দিয়াৰ দিশে আগবাঢ়িছে৷