Logo
image

গুজৰাটত ওলমা দলং ভাগি মৃত ডেৰ শতাধিক! ভোটৰ পূৰ্বে অস্বস্তিত বিজেপি

আমাৰ অসম, ১ নবেম্বৰ : গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ ক্ষণ গণি আছে ৰাজনৈতিক দলে৷ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত সবাটোকৈ তৎপৰ শাসনাধিষ্ঠিত বিজেপি দল৷ আনকি নিৰ্বাচনী লক্ষ্য সন্মুখত লৈ একাধিক চৰকাৰী কাৰ্যসূচীৰে দেওবাৰৰ পৰা গৃহৰাজ্য গুজৰাটত ইঠাইৰ পৰা সিঠাই ভ্ৰমি ফুৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সেই সময়তে দেওবাৰে সন্ধিয়া মোৰবি জিলাত মাচ্ছু নামৰ নদীৰ ওপৰত থকা ওলমা দলং এখন ভাগি ১৪১জন লোকৰ মৃত্যু হোৱাৰ ঘটনাই শাসনাধিষ্ঠিত বিজেপি দলক অস্বস্তিত পেলাইছে৷ আৰক্ষী আৰু প্ৰশাসনে চৰকাৰীভাৱে প্ৰকাশ কৰা অনুসৰি ঘটনাত নিহত ১৪১জনৰ মৃতদেহ আজি বিয়লি পৰ্যন্ত উদ্ধাৰ কৰা হৈছে৷ অসমৰ্থিত সূত্ৰ অনুসৰি এইপৰ্যন্ত নিহতৰ সংখ্যা ১৫৩জন৷ এতিয়াও ভাগি যোৱা ওলমা দলংখনৰ তলত আৰু নদীৰ পানীৰ বোকাৰ মাজত শতাধিক মৃতদেহ উদ্ধাৰ নোহোৱাকৈ পৰি থকা বুলি আশংকা কৰা হৈছে৷ কিয়নো এতিয়াও ১০০ৰো অধিক লোক সন্ধানহীন হৈ আছে৷ সোমবাৰে সম্পূৰ্ণ দিনটো চলোৱা যুদ্ধকালীন তৎপৰতাৰ উদ্ধাৰকাৰ্য আন্ধাৰ হোৱাৰ বাবে স্থগিত ৰখা হয়৷ মঙলবাৰে পুনৰ উদ্ধাৰকাৰ্য চলোৱা হ’ব৷ স্বয়ং গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেল আৰু সতীৰ্থ মন্ত্ৰীৰ তদাৰকীত সোমবাৰে উদ্ধাৰকাৰ্য চলোৱা হয়৷ গুজৰাটতে থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বোচ্ছ শক্তিৰে উদ্ধাৰকাৰ্য চলাবলৈ নিৰ্দেশ দিয়াত এনডিআৰএফৰ ৫টা দল, এছডিআৰএফৰ ৬টা প্লেটুন, সেনাবাহিনীৰ দুটা কলম, বায়ু সেনাবাহিনীৰ দুটা দল, নৌবাহিনীৰ ৩টা দল, অগ্নিনিৰ্বাপক বাহিনীৰ দল আৰু অসংখ্য স্থানীয় লোক উদ্ধাৰ কাৰ্যত জপিয়াই পৰিছে৷ শোকগ্ৰস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে ঘটনাস্থলীলৈ যাব৷
কেন্দ্ৰ আৰু গুজৰাটত শাসনাধিষ্ঠিত বিজেপিয়ে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ব্যাপক নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা চলাই থকাৰ মাজতে সংঘটিত এই ভয়ংকৰ ঘটনাই বিজেপিক বেকফুটলৈ ঠেলি নিছে৷ তাতে এদিন পূৰ্বে গুজৰাটত টাটা আৰু এয়াৰবাছৰ বিমান নিৰ্মাণ কাৰখানা নিৰ্মাণৰ ২২,০০০ কোটিটকীয়া প্ৰকল্প নিৰ্বাচনক উদ্দেশ্য কৰিয়েই ঘোষণা কৰা হৈছে৷ এনে পৰিপ্ৰেক্ষিতত এখন ওলমা দলং ভাগি ডেৰশতাধিক লোকৰ মৃত্যু হোৱাৰ ঘটনাই নিৰ্বাচনমুখী ৰাজ্যখনত বিজেপিক শংকিত কৰি তুলিছে৷ কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সমস্ত নেতাই ‘গুজৰাট মডেল’ নামৰ উন্নয়নৰ এটা ‘ব্ৰেণ্ড’ তেওঁলোকৰ ভাষণত সদায় উল্লেখ কৰি থাকে৷ পিছে সেই গুজৰাট মডেলৰ ঢোল বজাই থকা ৰাজ্যতে যদি নদীৰ দলং ভাগি ডেৰ শতাধিক লোকৰ মৃত্যু হয়, তেনে ক্ষেত্ৰত পুনৰ শাসন দখল কৰিবলৈ উদগ্ৰীব হৈ থকা বিজেপি অস্বস্তিত পৰাই স্বাভাৱিক৷ তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই ঘটনা সংঘটিত হোৱাৰ ফলত অধিক অস্বস্তিত বিজেপি৷ কিয়নো নিৰ্বাচনী দিন ঘোষণা পিছুৱাই ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী উদ্দেশ্যত চৰকাৰী কাৰ্যসূচী লৈ গুজৰাটত ইটোৰ পাছত সিটো কেন্দ্ৰীয় প্ৰকল্প ঘোষণা কৰি আছে৷
আনহাতে, নিৰ্বাচনৰ উদ্দেশ্য সন্মুখত ৰাখি চৰকাৰে এই ওলমা দলংখন কতৃৰ্পক্ষৰ ‘ফিটনেছ চাৰ্টিফিকেট’ নোহোৱাকৈ দৌৰাদৌৰিকৈ দৰ্শকৰ বাবে মুকলি কৰি দিয়া বুলি অভিযোগ উঠিছে৷ দলংখন যোৱা ২৬ অক্টোবৰত গুজৰাটী নৱবৰ্ষত মুকলি কৰি দিয়া হৈছিল৷ তাৰ পূৰ্বে বিগত ৬মাহ দলংখন বন্ধ কৰি পুননিৰ্মাণ আৰু মেৰামতি কৰা হৈছিল৷ অজন্তা অৰেভা নামৰ যিটো কোম্পানীক মেৰামতি আৰু পাছৰ পৰিচালনা-পৰিচৰ্যাৰ ঠিকা দিয়া হৈছিল, তেওঁলোকৰ সৈতে ১২ মাহত দলংখন মেৰামতি সম্পূৰ্ণ কৰাৰ চুক্তি হৈছিল৷ অভিযোগমতে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৬ মাহতে কোম্পানীটোৱে চৰকাৰী হেঁচাত নিৰ্মাণ সম্পূৰ্ণ কৰে আৰু চৰকাৰে ঘটনাৰ চ্ছ্ৰ দিন পূৰ্বে দৌৰাদৌৰিকৈ দলংখন মুকলি কৰি দিয়ে৷ অজন্তা অৰেভা নামৰ কোম্পানীটোকে দলংখন পৰিচালনাৰ বাবে গুজৰাট চৰকাৰে ২০৩৭ চনলৈ ঠিকা দিছিল৷ অৰ্থাৎ সম্পূৰ্ণ দায়িত্ব বেচৰকাৰীকৰণ কৰিছিল গুজৰাট চৰকাৰে৷ তদুপৰি এই ঠিকা নিবিদা অবিহনে দিয়া হৈছিল৷ অজন্তা অৰেভাই এই কামৰ উপঠিকা দিছিল মেছাৰ্ছ বেদপ্ৰকাশ কনষ্টাকচন নামৰ এটা অখ্যাত কোম্পানীক৷ সোমবাৰে গুজৰাট আৰক্ষীয়ে অজন্তা অৰেভা কোম্পানীটোৰ জ্ঝজন বিষয়া-কৰ্মচাৰীক গাফিলতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷
ৰাজকোট আৰক্ষীয়ে অনিচ্ছাকৃত মৃত্যুৰ ধাৰাত গোচৰ ৰুজু কৰি কোম্পানীটোৰ ২জন মেনেজাৰ, ২জন টিকট বুকিং ক্লাৰ্ককে ধৰি ৯ জনক গ্ৰেপ্তাৰ কৰিছে৷ এয়া গুজৰাটৰ বিজেপি চৰকাৰে নিজৰ ওপৰৰ পৰা দোষ আঁতৰাবলৈকে কৰা বুলি মন্তব্য কৰিছে কোম্পানীটোৱে৷ কিয়নো চৰকাৰী হেঁচাত তেওঁলোকে ১২ মাহৰ কাম ৬ মাহত কৰিবলগীয়া হৈছিল আৰু মুকলি কৰিও দিবলগীয়া হৈছিল৷ তদুপৰি দেওবাৰে দলংখনত একেসময়তে প্ৰায় ৫০০ লোক উঠিছিল৷ অথচ দলংখনৰ বহন ক্ষমতা আছিল সৰ্বাধিক ১২৫জন৷ এই দলংখন ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা হৈছিল৷ ১৮৭৯ চনত দৰবাৰগড় ৰাজপৰিয়াল আৰু নজৰবাগ ৰাজপৰিয়ালৰ ঘৰ সংযোগ কৰাৰ বাবে মাচ্ছু নদীৰ ওপৰত মোৰবিৰ ৰজা ৱাঘজি ৰাজাজী ঠাকুৰে এই দলংখন নিৰ্মাণ কৰোৱাইছিল৷ এতিয়া শতাব্দীপ্ৰাচীন দলংখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ দেওবাৰে ৫০০জন লোক একেলগে দলংখনত উঠিলেও তাত বাধা দিবৰ বাবে কোনো ব্যৱস্থা নাছিল৷ কিয়নো গুজৰাট চৰকাৰে দলংখন বেচৰকাৰীকৰণ নীতিৰ আধাৰত ব্যক্তিগত কোম্পানীক গতাই দিছে, য’ত চৰকাৰী বিষয়া আৰু বিভাগৰ দৰে তেনে দায়বদ্ধতা নাই৷ এইবোৰ বিষয় মুকলি হৈ পৰাত এতিয়া গুজৰাট চৰকাৰে নিৰ্বাচনত বিজেপিক ক্ষতি কৰে বুলি একপ্ৰকাৰ তাপ মাৰিছে আৰু বেচৰকাৰী কোম্পানীটোৰ ৯ জনক গ্ৰেপ্তাৰ কৰি চৰকাৰৰ ওপৰৰ পৰা দোষ ঠেলিবলৈ চেষ্টা চলাইছে৷
এই শোকাবহ ঘটনাত নিহতৰ ৪৭টিয়েই শিশু আৰু তাৰ সৰ্বকনিষ্ঠ শিশুটিৰ বয়স ২ বছৰ৷ সোমবাৰে প্ৰায় অৰ্ধশতাধিক শিশুৰ মৃতদেহ উদ্ধাৰ  কৰি শাৰীপাতি থোৱাৰ সময়ত ঘটনাস্থলীত কান্দোনৰ ৰোল উঠে৷ আনহাতে, ৰাজকোটৰ বিজেপি সাংসদ মোহন কুন্দৰিয়াৰ পৰিয়ালৰ ১২জনৰ এই দুৰ্ঘটনাত মৃত্যু হয়৷ সাংসদজনৰ ভগ্নী মুক্তা বৰাৰ ৪গৰাকী কন্যা, ৩জন জোঁৱাই আৰু ৫টি নাতি-নাতিনীৰ এই দুৰ্ঘটনাত মৃত্যু হয়৷ সেই পৰিয়ালৰ আন ৬জন আত্মীয়য়ো ঘটনাটোত প্ৰাণ হেৰুৱায়৷ আশংকা কৰা হৈছে, নিহতৰ সংখ্যাই ২০০১ সীমা অতিক্ৰম কৰিব৷