Logo
image

ডেংগু বিয়পিছে উজনিত : কাৰ্বি আংলঙত মাৰাত্মক ৰূপ, এজনৰ মৃত্যু

আমাৰ অসম, ১ নবেম্বৰ : চুবুৰীয়া পশ্চিমবংগত ডেংগু আৰু মেলেৰিয়াই এক প্ৰকাৰ মহামাৰীৰ ৰূপ লৈছে৷ ডেংগু আৰু মেলেৰিয়াত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাত ৰোগীৰ বাবে হাস্পতালত বিচনাৰ অভাৱ দেখা দিছে৷ কেৱল কলকতা চহৰতে ডেংগুত এই পৰ্যন্ত ৪,৭৪৭জন লোক আক্ৰান্ত হৈছে৷ তদুপৰি উত্তৰ ২৪ পৰগনা জিলাত ২,৬২০জন, হুগলি জিলাত ৰ,১৩২জন, হাওড়া জিলাত ২০৩৮জন, মুৰ্চিদাবাদত ৮০১জন লোক আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ মুঠ ৪২ হাজাৰ ৬৬৬জন লোক ডেংগুত আক্ৰান্ত হৈছে৷ ডেংগুৰ সমান্তৰালভাৱে মেলেৰিয়াইও পশ্চিমবংগত ভয়ংকৰ ৰূপ লৈছে৷ চলিত বৰ্ষত ৩১ আগষ্ট পৰ্যন্ত পশ্চিমবংগত ১৩ হাজাৰ ৮১২জন লোক মেলেৰিয়াত আক্ৰান্ত হৈছে৷ কেৱল জুলাই আৰু আগষ্ট মাহতে ৯ হাজাৰ লোক আক্ৰান্ত হৈছে মেলেৰিয়াত৷ কেৱল পশ্চিমবংগই নহয়, শেহতীয়াকৈ অসমতো ডেংগুৰ ভয়াৱহ ৰূপ লৈছে৷ গুৱাহাটী মহানগৰীৰ লগতে উজনি অসমত ডেংগুৰ প্ৰৰ্দুভাৱ দেখা গৈছে৷ বহিঃৰাজ্যৰ পৰা অহা লোকৰ শৰীৰতো ডেংগুৰ পজিটিভ ধৰা পৰিছে৷ বিশেষকৈ পাহাৰীয়া কাৰ্বি আংলঙত ডেংগুৱে কালৰূপ ধাৰণা কৰিছে৷ কাৰ্বি পাহাৰৰ লগতে উজনি অসম আৰু গুৱাহাটী মহানগৰীতো ডেংগুৰ সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পাব ধৰিছে৷ চৰকাৰী তথ্য মতে কাৰ্বি আংলং জিলাত বৰ্তমানলৈ প্ৰায় ৮০জন লোক ডেংগুত আক্ৰান্ত হৈছে৷ উজনি অসমৰ ডিব্ৰুগড় জিলাত ৯ জন লোক ডেংগুত আক্ৰান্ত হৈছিল যদিও সম্প্ৰতি আইটাকেইজন ৰোগী সুস্থ হৈছে৷ অৱশ্যে উজনিৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া প্ৰতিখন জিলাতে ডেংগুৰ সংহাৰ আৰম্ভ হৈছে৷ আশ্চৰ্যজনকভাৱে ডেংগুৱে ৰাজ্যত ভয়াৱহ ৰূপ লোৱাৰ পাছত হাত-সাৱটি বহি আছে স্বাস্থ্য বিভাগ৷ এন এইচ এমৰ বাহৰজনিত ৰোগ নিয়ন্ত্ৰণ কতৃৰ্পক্ষই ডেংগুৰ প্ৰাৰ্দুভাৱ প্ৰতিৰোধৰ বাবে কোনো সজাগতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ স্বাস্থ্য বিভাগৰ তথ্য চলিত বৰ্ষৰ ৬ অক্টোবৰ পৰ্যন্ত ৰাজ্যত ডেংগুত আক্ৰান্ত হৈছে ৮৭জন লোক৷ ইয়াৰ ভিতৰত গুৱাহাটীত ৩০জন লোক আক্ৰান্ত হৈছে৷ তদুপৰি শোণিতপুৰ, গোৱালপাৰা, বাগ্‌সা, লখিমপুৰ আৰু নলবাৰীতো ডেংগুৰ সংক্ৰমণ দেখা গৈছে৷ এমাহ আগলৈকে কাৰ্বি আলঙত ডেংগুৰ বিশেষ প্ৰাৰ্দুভাৱ নাছিল যদিও শেহতীয়াকৈ ভয়ংকৰ ৰূপ লৈছে৷ ডিফু চহৰতে বৰ্তমানলৈ ৫৯জন লোক ডেগুত আক্ৰান্ত হোৱাৰ বিপৰীতে এজন ৰোগীৰ মৃত্যু হৈছে৷ বিগত সপ্তাহত কামৰূপ জিলাৰ সোণতলিত ডেংগুত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত্যু হৈছে৷ লক্ষণীয় বিষয়টো হৈছে ডেংগুৱে ৰাজ্যত কাল ৰূপ ধাৰণ কৰিলেও গুৱাহাটী-ডিব্ৰুগড় মেডিলেক কলেজক বাদ দি আন জিলাসমূহৰ চিকিৎসালয়ত আক্ৰান্ত ৰোগীয়ে উপযুক্ত চিকিৎসা লাভ নকৰাৰ অভিযোগ উঠিছে৷ অভিযোগ অনুসৰি ডেংগু ৰোগীৰ চিকিৎসাৰ বাবে প্ৰতিখন জিলা অসামৰিক চিকিৎসালয়তে আন্তঃগাঁথনিৰ অভাৱ৷ কেৱল জিলা অসামাৰিক চিকিৎসালয়েই নহয়, ডিফু মেডিকেল কলেজ হাস্পতাল আৰু যোৰহাট মেডিকেল কলেজ হাস্পতালৰ পৰাও ডেংগুত আক্ৰান্ত সংকটজনক ৰোগীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ডেংগু বাহক মহ আৰু মহৰ বাসস্থান ধবংস কৰাৰ বাবে স্বাস্থ্য বিভাগে ফগিঙৰ ব্যৱস্থা কৰিব লাগে যদিও কোনো সজাগতামূলক ব্যৱস্থা হাতত নোলোৱাত সৰ্বসাধাৰণ ৰাইজ আতংকিত হৈ পৰিছে৷ 

কাৰ্বি আংলঙত মাৰাত্মক ৰূপ, এজনৰ মৃত্যু
ডিফু চহৰ আৰু পাশ্বৰ্ৱৰ্তী এলেকাত বিগত কিছুদিন ধৰি ভয়াৱহভাৱে বৃদ্ধি পাইছে ডেংগু ৰোগ৷ এই ৰোগত ইতিমধ্যে এজন ৰোগীৰ মৃত্যু হোৱা বুলিও চৰকাৰীভাৱে প্ৰকাশ পাইছে৷ চৰকাৰী পৰিসংখ্যাৰ মতে, এতিয়ালৈকে চহৰখনত আক্ৰান্ত ৰোগীৰ সংখ্যা হ’ল ৫৯জন আৰু এজন ৰোগীৰ মৃত্যু ঘটিছে৷ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ বি এছ ৰংপিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, বিগত বৰ্ষত ৭২জনৰ তেজ পৰীক্ষাৰ অন্তত মাত্ৰ এজন ৰোগী ডেংগুত আক্ৰান্ত হৈছিল৷ ইয়াৰ বিপৰীতে চলিত বৰ্ষত এই ৰোগ অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে ৯৮জন ব্যক্তিৰ তেজ পৰীক্ষা কৰাৰ পাছত ৫৯জন ব্যক্তি এই ৰোগত আক্ৰান্ত বুলি নিশ্চিত হৈছে৷ আনহাতে, এই ৰোগত মৃত্যু হোৱা ব্যক্তিজন ডিফুৰ ছাৰ্থে ক’লনিৰ আশিষ দে’ বুলি চিনাক্ত হোৱা বুলিও ৰংপিয়ে জানিবলৈ দিয়ে৷ ৰংপিয়ে লগতে কয় যে ডিফু চহৰৰ মুঠ ১৪টা ৱাৰ্ডৰ ভিতৰত বিশেষকৈ ৰনং ৱাৰ্ডৰ পৰা ৬নং ৱাৰ্ডত এই ৰোগৰ প্ৰকোপ আৰু আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বাধিক৷ সেয়ে ইতিমধ্যে ডিফু নগৰ সমিতিৰ সহযোগত বিশেষ সতৰ্কতা আৰু সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ডেংগু প্ৰতিৰোধৰ বাবে আক্ৰান্ত এলেকাসমূহত ফগিং কৰাৰ লগতে প্ৰচাৰ-পত্ৰিকা বিতৰণ কৰা হৈছে বুলিও ৰংপিয়ে প্ৰকাশ কৰে৷ এয়া হৈছে চৰকাৰী তথ্য কিন্তু প্ৰকৃত সত্য অনুসৰি, চহৰখনৰ ১ নং ৱাৰ্ডৰ পৰা ৬নং ৱাৰ্ডৰ ভিতৰত পৰা ছাৰ্থে কলনি, ডিচি কলনি, ঝিলপাৰ, শিতলাবাড়ী, ধৰমনলা, শিৱবাড়ী, ৰে’ল কলনি অঞ্চলৰ প্ৰতিটো ঘৰত দুৰ্গা পূজাৰ পাছৰ পৰাই এই ৰোগে ব্যাপক হাৰত বিয়পি পৰা পৰিলক্ষিত হৈছে৷ চৰকাৰী তথ্য মতে, ৯৮জনৰ তেজ পৰীক্ষা কৰাৰ কথা প্ৰকাশ কৰিছে যদিও ৫০ হাজাৰ লোকে বাস কৰে ডিফু চহৰত৷ সেয়ে আচল ছবিখন কি হ’ব পাৰে সেয়া সহজে অনুমেয়৷ অতিশীঘ্ৰে স্বাস্থ্য বিভাগ আৰু সংশ্লিষ্ট বিভাগে তড়িৎ গতিৰে এই ৰোগ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চহৰখনত এই ৰোগে ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে৷