Logo
image

চিকিৎসাৰ বাবে টকাৰ টনাটনি, ৰাজ্যৰ বাহিৰলৈ যাবলৈ লৈ থমকিছে বিধায়ক অখিল

আমাৰ অসম, ১ নবেম্বৰ : হৃদযন্ত্ৰৰ ছুপ্ৰা ভেণ্টিকুলাৰ টিকিকাৰ্ডিয়া ৰোগত আক্ৰান্ত হৈছে কৃষক নেতা অখিল গগৈ৷ হাৰ্টৰ সুক্ষ্ম অস্ত্ৰোপচাৰৰ বাবে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক নিয়া হ’ব হাইদৰাবাদলৈ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা গ্ৰহণ কৰি থকা অখিল গগৈৰ হৃদযন্ত্ৰৰ উক্ত ৰোগৰ অস্ত্ৰোপচাৰ অসমত সম্ভৱ নোহোৱাৰ বাবেই বহিঃৰাজ্যৰ উন্নত চিকিৎসালয়ত সম্পন্ন কৰাৰ বাবে পৰামৰ্শ দিয়ে জি এম চি এইচৰ চিকিৎসকে৷ চিকিৎসকৰ পৰামৰ্শ মানি বেংগালুৰুত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও চিকিৎসাৰ বাবে আৰ্থিক সংকটত ভুগি দুঃচিন্তাত পৰিছে বিধায়কজন৷ আৰ্থিক সমস্যাৰ বাবে বহিঃৰাজ্যলৈ যোৱা-নোযোৱাটো ঠিৰাং কৰিব নোৱাৰি চিকিৎসাৰ বাবে ঋণ বিচাৰি বিধানসভাৰ অধ্যক্ষক আবেদন জনাইছে শিৱসাগৰৰ বিধায়কজনে৷ সোমবাৰে জি এম চি এইচৰ চিকিৎসকে ডিচাৰ্জ দিয়াত দুটি নিশা পৰিয়ালৰ সৈতে পাৰ কৰি আৰ্থিক সমস্যাৰ মাজতে বুধবাৰে বেংগালুৰুলৈ ৰাওনা হোৱাৰো পৰিকল্পনা কৰিছে অখিল গগৈয়ে৷ অৱশ্যে এই মুহূৰ্তত অখিল গগৈৰ হাতত মাত্ৰ ২,৮০০ টকা থকা বুলিহে প্ৰকাশ কৰিছে৷ বিধায়ক গগৈ চিকিৎসাৰ বাবে ঋণ বিচাৰি বিধানসভা সচিবালয়ত আৱেদন জনাইছে যদিও চৰকাৰে তেওঁৰ চিকিৎসাৰ খৰচ বহন কৰিব নেকি তাক লৈও বাট চাইছে৷ লক্ষণীয়ভাৱে অখিল গগৈক চিকিৎসাৰ বাবে জিএমচিএইচৰ চিকিৎসকে বহিঃৰাজ্যলৈ যাবলৈ পৰামৰ্শ দিয়া কাৰ্যই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ স্বৰূপ উন্মোচন কৰা বুলিও চৰ্চা লাভ কৰিছে৷ কিয়নো ৰাজ্যত বিশাল বিশাল বিল্ডিং নিৰ্মাণেৰে এখনৰ পাছত এখনকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপন কৰিছে যদিও হাৰ্টৰ এটা সুক্ষ্ম অস্ত্ৰোপচাৰ সম্ভৱ নোহোৱাত স্বাস্থ্যখণ্ডৰ উন্নয়নক লৈ প্ৰশ্ন কৰিছে বিভিন্নজনে৷ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হ’লেও ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি যে অভাৱ সেয়া অখিল গগৈৰ ঘটনাই স্পষ্ট কৰিছে বুলিও বিভিন্নজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু  স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক সমালোচনা কৰা দেখা গৈছে৷