Logo
image

সংসদত স্বতঃস্ফূৰ্ত ভাষণেৰে মুগ্ধ কৰিলে শিৱসাগৰৰ অনন্যাই

আমাৰ অসম, ১ নবেম্বৰ : নতুন দিল্লীৰ সংসদ ভৱনত সোমবাৰে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিত স্বতঃস্ফূৰ্তভাৱে উদাত্ত ভাষণ দি গৌৰৱ কঢ়িয়াই আনিলে অসম জীয়ৰী অনন্যা দত্তই৷ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘চৰ্দাৰ বল্লভ ভাই পেটেল্‌ছ লাইফ, ফিল’শ্বফী, টিশ্বিং এণ্ড কনণ্ট্ৰিবিউচন’ শীৰ্ষক বিষয়ৰ ওপৰত তিনি মিনিট সময় ধৰি বক্তৃতা দি শিৱসাগৰৰ মেধাৱী ছাত্ৰী অনন্যাই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে উপস্থিত সকলোকে মুগ্ধ কৰে৷ অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত অনন্যাই ব্ৰিটিছৰ ‘ডিভাইড এণ্ড ৰুল’ পলিচীৰ বিৰুদ্ধে চৰ্দাৰ বল্লভ ভাই পেটেলে লোৱা ভূমিকা, মহামানৱ মহাত্মা গান্ধীৰ ভূমিকা সন্দৰ্ভত চমু বক্তব্য প্ৰদান কৰে৷ অসমীয়াৰ পৰম্পৰাগত মুগাৰ চাদৰ-মেখেলা পৰিধান কৰি সংসদ ভৱনৰ মজিয়াত সম্পূৰ্ণ সাৱলীলৰূপে বক্তৃতা দি কাৰ্যতঃ প্ৰশংসা বুটলিবলৈ সক্ষম হয় অনন্যা৷ সংসদ ভৱনত বক্তৃতা প্ৰদানৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত স্নাতক ডিগ্ৰীধাৰী অনন্যাই কয়– ‘এয়া এক নভবা অভিজ্ঞতা৷ আজি মোৰ বৰ ভাল লাগিল৷ এয়া অসমবাসীৰ গৌৰৱ৷ এটা কোনোদিনে নভবা সপোন পূৰণ হ’ল৷ শিৱসাগৰবাসীৰ, অসমবাসীৰ আশীৰ্বাদ, শুভেচ্ছাই মোক এই সুৱৰ্ণ সুযোগ দিলে৷ মই সকলোকে কৃতজ্ঞতা জনালো৷’ উল্লেখ্য, অনন্যা হৈছে শিৱসাগৰ ঢুলীয়াপাৰ অঞ্চলৰ দিলীপ দত্ত আৰু নৱনীতা বৰা দত্তৰ কন্যা তথা শিৱসাগৰ কলেজৰ পৰা ইংৰাজী বিভাগত  স্নাতক ডিগ্ৰীধাৰী৷ মেধাসম্পন্ন এইগৰাকী ছাত্ৰীয়ে শিৱসাগৰ চাৰা মণ্টেচৰীত প্ৰাথমিক শিক্ষাগ্ৰহণ কৰি হলীনেম বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ শিৱসাগৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা উচ্ছতৰ মাধ্যমিক আৰু শিৱসাগৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী সম্পন্ন কৰে৷ কলেজত পঢ়ি থকাৰ সময়ত বিভাগীয় শিক্ষাগুৰুৰ প্ৰেৰণাত প্ৰথমবাৰৰ বাবে নেহৰু যুৱ কেন্দ্ৰই আয়োজন কৰা ব্লক পৰ্যায়ৰ ‘চব্‌কা সাথ চব্‌কা বিকাশ, চব্‌কা বিশ্বাস, চব্‌কা প্ৰয়াস’ শীৰ্ষক বক্তৃতাত অংশগ্ৰহণ কৰি তৃতীয় স্থান লাভ কৰিছিল৷ সেই সুবাদতে অনন্যাই জিলা পৰ্যায়লৈ নিৰ্বাচিত হৈ পুনৰ একে বিষয়তে জিলাখনৰ ভিতৰত প্ৰথম স্থান লাভ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হৈছিল৷ অনন্যাই ৰাজ্যিক পৰ্যায়তো একেটা বিষয়ত তৃতীয় স্থান দখল কৰি নিজৰ প্ৰতিভাৰ উমান দিছিল৷ ইয়াৰ পৰৱৰ্তী সময়ত নেহৰু যুৱ কেন্দ্ৰৰ তৰফৰ পৰা আহিল অনন্যালৈ সংসদ ভৱনত বক্তৃতা দিয়াৰ সোণালী সুযোগ৷ উক্ত বক্তৃতাত অশগ্ৰহণৰ বাবে অসমৰ লগতে দেশৰ ২৮খন ৰাজ্যৰ ২৫ গৰাকী শিক্ষাৰ্থী নিৰ্বাচিত হৈছিল আৰু অসমৰ পৰা অনন্যাও সেই তালিকাত অন্তৰ্ভূক্ত হৈছিল৷ ইয়াৰ পাছতো উক্ত ২৫ গৰাকীৰ ভিতৰত পুনৰ নিৰীক্ষণ কৰাৰ পাছত সৰ্বভাৰতীয় পৰ্যায়ত নিৰ্বাচিত হৈছিল শিৱসাগৰৰ অনন্যা৷ সোমবাৰে সংসদভৱনত গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা প্ৰদান কৰি মন্ত্ৰী-সাংসদসকলক মুগ্ধ কৰাই নহয়, গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ৷