Logo
image

ছলমান খানক প্ৰাণে মৰাৰ ভাবুকি : বৃদ্ধি কৰা হ'ল নিৰাপত্তা

নিউজ ডেস্ক : বলীউড অভিনেতা ছলমান খানৰ জীৱনক লৈ আহিছে ভাবুকি৷ প্ৰাণে মৰাৰ ভাবুকি পোৱাৰ পিছতে বলীউড ছুপাৰষ্টাৰ ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সেয়ে অভিনেতাগৰাকীক এতিয়া Y+ শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰা হৈছে। দৰাচলতে কিছুদিন পূৰ্বে অভিনেতাগৰাকীয়ে গেংষ্টাৰ লৰেন্স বিষ্ণোই দলৰ পৰা মৃত্যুৰ ভাবুকি পাইছিল। লৰেন্স বিষ্ণোই সিদ্ধু মুছেৱালাৰ হত্যাৰ লগতো জড়িত থকাৰ কথা পোহৰলৈ আহিছিল।

চলিত বৰ্ষৰ ২৯ মে'ত পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাক হত্যা কৰা হয়। মুছেৱালাক হত্যাৰ পাছতে ছলমান খান আৰু তেওঁৰ পিতৃ ছেলিম খানে এখন ভাবুকিপূৰ্ণ পত্ৰ পাইছিল। য'ত লিখা আছিল যে সিদ্ধু মুছেৱালাৰ দৰে একে দশা হ'ব ছলমান খানৰো। আনহাতে আৰক্ষীয়ে গেংষ্টাৰ বিষ্ণোই দলৰ কেইবাজনো সদস্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, যিয়ে ছলমানক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ কথা স্বীকাৰ কৰে।