Logo
image

শপতনামা নিদিলে ৰাজ্যই, পৰৱৰ্তী শুনানি ৬ ডিচেম্বৰত

আমাৰ অসম, ১ নৱেম্বৰ : জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনক (কা) প্ৰত্যাহ্বান জনোৱা আবেদনসমূহক আজি আনুষ্ঠানিকভাৱে দুই ভাগত বিভক্ত কৰি দিয়া হয়৷ কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি মৰ্মে ইণ্ডিয়া ইউনিয়ন মুছলীম লীগৰ (আই ইউ এম এল) সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) আবেদনখনো এতিয়াৰে পৰা মুখ্য আবেদন হিচাপে গণ্য কৰা হ’ব৷ এইক্ষেত্ৰত দেওবাৰে নিশা কেন্দ্ৰীয় গৃহ বিভাগৰ হৈ চলিছিটৰ জেনৰেল তুষাৰ মেহতাই উচ্ছতম ন্যায়ালয়ত এখন অতিৰিক্ত শপতনামা দাখিল কৰে৷ বাস্তৱত মুখ্য ন্যায়াধীশ ইউ ইউ ললিত নেতৃত্বাধীন তিনিজনীয়া খণ্ড বিচাৰপীঠে আজি ‘কা’ প্ৰত্যাহ্বান জনোৱা আবেদনসমূহক দুটা কিম্বা তিনিটা মুখ্য বিষয়ত বিভক্ত কৰি শুনানি গ্ৰহণ কৰাৰ পোষকতা কৰে৷ ইয়াৰ বাবে ন্যায়ালয়ে আজি দুগৰাকী ন’ডেল আইন উপদেষ্টাক নিযুক্তি প্ৰদান কৰে৷ ‘কা’লৈ বিচাৰ প্ৰক্ৰিয়া সুকলমে আগবঢ়াই নিয়াৰ বাবে ন্যায়ালয়ে এই পদক্ষেপ গ্ৰহণ কৰে৷ ‘কা’ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত ৰুজু কৰা প্ৰথম আবেদনকাৰী হিচাপে ইণ্ডিয়া ইউনিয়ন মুছলিম লীগৰ (আই ইউ এম এল) আবেদনখনক মুখ্য আবেদন হিচাপে গ্ৰহণ কৰাৰ সমান্তৰালকৈ ভৌগোলিক দৃষ্টিকোণৰ পৰা আন এখন আবেদন সুকীয়াকৈ তথা মুখ্য আবেদন হিচাপে বিবেচনা কৰিবলৈ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে আনুষ্ঠানিকভাৱে নিৰ্দেশ দিয়ে৷ কোৱা হৈছে, অসম আৰু ত্ৰিপুৰাৰ আবেদনসমূহ পৃথকে সংকলিত কৰা হ’ব৷ আনহাতে, আই ইউ এম এলৰ আবেদনক মুখ্য আবেদন হিচাপে গ্ৰহণ কৰি ধৰ্মৰ ভিত্তিত ‘কা’ প্ৰত্যাহ৩ান জনোৱা আবেদনসমূহো সংকলন আকাৰত প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবে ন্যায়ালয়ে অধিবক্তা পল্লৱী প্ৰতাপ আৰু কানু আগৰৱালাক ন’ডেল আইন উপদেষ্টা হিচাপে দায়িত্ব দিয়ে৷ মুখ্য ন্যায়াধীশে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে আই ইউ এম এলৰ প্ৰতিনিধি হিচাপে পল্লৱী প্ৰতাপ আৰু চৰকাৰী পক্ষৰ হৈ কানু আগৰৱালাই আবেদনসমূহৰ সংকলনৰ কাম আগবঢ়াই নিব৷ ইয়াৰ পাছত সংশ্লিষ্ট সকলো পক্ষক নিজৰ নিজৰ যুক্তি দাঙি ধৰাৰ বাবে নিৰ্দিষ্ট সময় দিয়া হ’ব বুলি মুখ্য ন্যায়াধীশে জানিবলৈ দিয়ে৷ লক্ষণীয়ভাৱে, ১২ ছেপ্টেম্বৰত গ্ৰহণ কৰা পূৰ্বৰ শুনানিত উচ্ছতম ন্যায়ালয়ে সমগ্ৰ বিষয়টোত অসম আৰু ত্ৰিপুৰা চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছিল যদিও দুয়োখন চৰকাৰে ন্যায়ালয়ৰ এই নিৰ্দেশ পালনত ব্যৰ্থ হয়৷ আনহাতে, ‘কা’ প্ৰসংগত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়টো যে সুকীয়া সেই কথা কেন্দ্ৰৰ হৈ চলিছটৰ জেনেৰেল তুষাৰ মেহতাই পূৰ্বতে দাখিল কৰা শপতনামাত উল্লেখ কৰিছিল যদিও ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে কেন্দ্ৰীয় গৃহ বিভাগৰ হৈ মেহতাই দেওবাৰে অসম আৰু ত্ৰিপুৰাক লৈ এখন অতিৰিক্ত শপতনামা দাখিল কৰে৷ লক্ষ্যণীয়ভাৱে, উক্ত শপতনামাত কেন্দ্ৰীয় চৰকাৰৰ হৈ চলিছিটৰ জেনেৰেলে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য আবেদনকাৰী হিচাপে সদৌ অসম ছাত্ৰ সন্থাক (আছু) সম্বোধন কৰে৷ স্বাভাৱিকতেই আই ইউ এম এলৰ সমান্তৰালকৈ আছুৰ আবেদনখনো চৰকাৰে দ্বিতীয়খন মুখ্য আবেদন হিচাপে স্বীকৃতি দিয়া পৰিলক্ষিত হৈছে৷ মেহতাই ন্যায়ালয়ক অৱগত কৰা মতে, ‘কা’লৈ ন্যায়ালয়ত দাখিল হোৱা ২৩২খন আবেদনৰ ভিতৰত ৫০খন আবেদন অসমৰ পৰা আৰু ৩খন আবেদন ত্ৰিপুৰাৰ পৰা দাখিল হৈছে৷ আনহাতে ‘কা’ প্ৰত্যাহ্বান জনোৱা শুনানিত উচ্ছতম ন্যায়ালয়ত অসম আৰু ত্ৰিপুৰা চৰকাৰৰ হৈ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই প্ৰতিনিধিত্ব কৰিব৷ বিশেষকৈ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশ মৰ্মে অসম আৰু ত্ৰিপুৰাৰ হৈ মেহতাই শপতনামা দাখিল কৰিব৷ মেহতাই খোদ এই কথা মুখ্য ন্যায়াধীশৰ সমুখত ব্যক্ত কৰে৷ ইয়াৰ বাবে ন্যায়ালয়ে মেহতাক তিনি সপ্তাহৰ সময় দিয়ে৷ তিনি সপ্তাহৰ ভিতৰত দুয়ো ৰাজ্যৰ হৈ শপতনামা দাখিল কৰাৰ পাছত ন্যায়ালয়ে নতুনকৈ নিযুক্তি দিয়া ন’ডেল আইন উপদেষ্টাদ্বয়ে দুয়োখন ৰাজ্যৰ পৰা দাখিল কৰা আবেদনসমূহ সংকলন কৰিব৷ ইয়াৰ বাবে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে দুয়োগৰাকী ন’ডেল বিষয়াক অতিৰিক্ত দুই সপ্তাহ সময় দিয়ে৷ সেই মৰ্মে ৬ ডিচেম্বৰত ‘কা’ সংক্ৰান্তীয় আবেদনসমূহৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব বুলি মুখ্য ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট আৰু বেলা এম ত্ৰিবেদীৰে গঠিত খণ্ড বিচাৰপীঠে নিৰ্দেশনা দিয়ে৷ লক্ষণীয়ভাৱে, ১২ ছেপ্টেম্বৰৰ পূৰ্বৰ শুনানিত ন্যায়ালয়ে ‘কা’লৈ অসম আৰু ত্ৰিপুৰা চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে শপতানামা দাখিল কৰাৰ নিৰ্দেশৰ পাছত ১৯ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই চলিছিটৰ জেনেৰেল তুষাৰ মেহতাক তেওঁৰ দিল্লীস্থিত চৰকাৰী বাসভৱনত সাক্ষাৎ কৰিছিল৷ ইয়াৰ পাছত মেহতাই অসমৰ লগতে ত্ৰিপুৰা চৰকাৰৰ হৈ ন্যায়ালয়ত শপতনামা দাখিল কৰিব বুলি প্ৰকাশ কৰাটো এক তাৎপৰ্যপূৰ্ণ বিষয়৷ উল্লেখ্য, যে আজিৰ শুনানিকালত সংশ্লিষ্ট আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা পি উইলছনে শ্ৰীলংকাৰ নিৰ্যাতিত তামিল নাগৰিকসকলৰ বিষয়টোও উত্থাপন কৰে৷ এই প্ৰসংগত উচ্ছতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে যদিও ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কিয় কোনো উত্তৰ তথা শপতনামা দাখিল কৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰে৷ লক্ষণীয়ভাৱে, মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতে ৮ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰাৰ কথা৷ সেই মৰ্মে ৬ ডিচেম্বৰৰ শুনানি দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত গ্ৰহণ কৰা হ’ব বুলি ধাৰণা কৰা হৈছে৷ ইপিনে শুনানিৰ পাছত আছুৰ উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ‘কা’লৈ সুকীয়া শুনানি গ্ৰহণৰ বাবে উচ্ছতম ন্যায়ালয়ে বাহাল ৰখা স্থিতিক লৈ সন্তোষ ব্যক্ত কৰে৷ ভট্টাচাৰ্যৰ লগতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰকাশ কৰা মতে, ন্যায়ালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ আবেদনসমূহৰ বাবে আছুৰ আবেদনখনক মুখ্য আবেদন হিচাপে কেন্দ্ৰীয় চৰকাৰে মান্যতা প্ৰদান কৰিছে৷ পাছত এক প্ৰেছ বিবৃতিত আছুৰ নেতৃত্বই কয় যে– আই ইউ এম এলৰ আবেদনক মুখ্য আবেদন বুলি গণ্য কৰি সমগ্ৰ দেশৰ আবেদনসমূহক লৈ এটা গোট আৰু আছুৰ আবেদনক মুখ্য আবেদন বুলি গণ্য কৰি উত্তৰ -পূৰ্বাঞ্চলৰ সকলো আবেদনক লৈ এটা গোট গঠন কৰি কেন্দ্ৰীয় চৰকাৰে শপতনামা দাখিল কৰে৷  প্ৰেছ বিবৃতিত প্ৰকাশ পোৱা মতে,  ন্যায়ালয়ত আছুৰ হৈ জ্যেষ্ঠ অধিবক্তা মালবিকা ত্ৰিবেদী আৰু অংকিত যাদৱে যুক্তি আগবঢ়ায়৷ আনহাতে সন্থাৰ উপদেষ্টা ভট্টাচাৰ্যই কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিদেশী সমস্যাটো সম্পূৰ্ণ সুকীয়া৷ সেয়েহে ন্যায়ালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়টো সুকীয়াকৈ শুনানি গ্ৰহণ কৰাটো আমাৰ বাবে উৎসাহজনক৷ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা থকা বুলি ভট্টাচাৰ্যই পুনৰ দোহাৰে৷ লক্ষণীয়ভাৱে, ত্ৰিপুৰাৰ গুচৰীয় পক্ষক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কমল নাৰায়ণ শৰ্মাও শুনানিৰ পাছত প্ৰকাশ কৰা মতে, আই ইউ এম এলৰ সমান্তৰালকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আবেদনসমূহৰ হৈ সদৌ অসম ছাত্ৰ সন্থাক মুখ্য আবেদনকাৰীৰ স্বীকৃতি প্ৰদান কৰিছে৷ ইপিনে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেওবাৰে উচ্ছতম ন্যায়ালয়ত দাখিল কৰা প্ৰাৰম্ভিক প্ৰতি-শপতনামাত চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই আছুয়ে প্ৰত্যাহ৩ান জনোৱা বিষয়বোৰক নস্যাৎ কৰি উচ্ছতম ন্যায়ালয়ত দাখিল কৰা আবেদনসমূহ খাৰিজ কৰিবলৈ আবেদন জনায়৷ লক্ষণীয়ভাৱে, ‘কা’ ৰূপায়ণৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়টো যে সুকীয়াকৈ বিবেচনা কৰিব লাগে সেই কথা মেহতাই পূৰ্বতে দাখিল কৰা শপতনামাত উল্লেখ কৰিছিল৷ পিছে আছু তথা উত্তৰ-পূৰ্বাঞ্চলৰ আবেদনসমূহৰ সুকীয়া বিবেচনা কৰিবলৈ গৈ কেন্দ্ৰীয় গৃহ বিভাগে অঞ্চলটোৰ দল-সংগঠনবোৰে উত্থাপন কৰা বিষয়বোৰ সমূলি খণ্ডন কৰাহে পৰিলক্ষিত হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়াকৈ দাখিল কৰা কেন্দ্ৰৰ শপতনামাত কোৱা হৈছে যে ‘কা’ মুঠেই অসম চুক্তিক উলংঘা নকৰে৷ কোৱা হৈছে– ধৰ্মীয় নিৰ্যাতনৰ চিকাৰ হোৱা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘুসকলক সুৰক্ষা প্ৰদানৰ বাবে ‘কা’ত যিবোৰ পৰামৰ্শ দিয়া হৈছে সেয়া ১৯৫০ চনৰ প্ৰব্ৰজনকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইনৰ ২নং অনুচ্ছেদতো সন্নিবিষ্ট হৈ আছে৷ তদুপৰি সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অধীনত থকা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এলেকাসমূহক ‘কা’ এক্টিয়াৰৰ পৰা আঁতৰাই ৰখা হৈছে৷ শপতনামাত এয়াও কোৱা হৈছে যে ষষ্ঠ অনুচ্ছেদৰ বাহিৰত থকা এলেকাসমূহ যথেষ্ট জনবহুল তথা ‘কা’ জৰিয়তে এলেকাসমূহৰ জনগাঁথনি সলনি হোৱাৰ কোনো অৱকাশ নাথাকে৷ আনহাতে, ‘কা’ নতুনকৈ প্ৰব্ৰজনকাৰী কিম্বা অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান নকৰে৷ কাৰণ ‘কা’ ২০১৪ চনৰ ডিচেম্বৰ মাহৰ সময়সীমা বান্ধি দিয়া হৈছে৷ কেৱল যিসকল লোকে ইতিমধ্যে পলায়ন কৰি ভাৰতত বসতি স্থাপন কৰিছে তেওঁলোককহে নাগৰিকত্ব প্ৰদানৰ পৰামৰ্শ দিয়া হৈছে৷ সেয়েহে ‘কা’ অনুপ্ৰৱেশকাৰীসকলক উৎসাহিত কৰিব বুলি ক’লে ভুল হ’ব৷ শপতনামাত এয়াও খণ্ডন কৰা হৈছে যে ‘কা’ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ সাংস্কৃতিক অধিকাৰ খৰ্ব কৰিব বুলি৷ নাগৰিকত্ব সংশোধনী আইনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ নাগৰিকসকলৰ ভাষা, সংস্কৃতি কিম্বা লিপিত বিৰূপ প্ৰভাৱ পেলোৱাৰ কোনো বিধান নাই– শপতনামাত এনেদৰে উল্লেখ কৰা হৈছে৷ পিছে উত্তৰ-পূৰ্বাঞ্চলৰ আবেদনসমূহৰ মুখ্য আবেদনকাৰী হিচাপে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কেন্দ্ৰই দাখিল কৰা শপতনামাক উভতি ধৰা পৰিলক্ষিত হয়৷ তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত ‘কা’ বিষয়টো যে সম্পূৰ্ণ সুকীয়া সেয়া কেন্দ্ৰই উপলব্ধি কৰিব পৰাটো আমাৰ বাবে ইতিবাচক বিষয় আছিল৷ পিছে যিখন আইন জনজাতি অধ্যুষিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ঠাইৰ বাবে ক্ষতিকাৰক হ’ব পাৰে, সেইখন আইন অসমৰ ষষ্ঠ অনুচ্ছেদ বহিৰ্ভূত এলেকাসমূহত ভাল কিদৰে হ’ব পাৰে বুলি ভট্টাচাৰ্যই সাংবাদিকৰ আগত প্ৰশ্ন কৰে৷ তেওঁ কয় যে ‘ইনাৰ লাইন পাৰ্মিট’ তথা ষষ্ঠ অনুচ্ছেদ মৰ্মে অসম আৰু ত্ৰিপুৰাৰ কিছুসংখ্যক জিলাক বাদ দি ‘কা’ উত্তৰ-পূৰ্বাঞ্চলত প্ৰযোজ্য নহয়৷ পিছে অসম আৰু ত্ৰিপুৰাৰ একাংশ এলেকাত এই আইনখন কেনেদৰে প্ৰযোজ্য হ’ব পাৰে তাক লৈও ভট্টাচাৰ্যই প্ৰশ্ন উত্থাপন কৰি কয় যে অনাগত দিনত কেন্দ্ৰৰ এই শপতনামাক আছুয়ে ন্যায়ালয়ত উচিত প্ৰত্যাহ্বান জনাব৷