Logo
image

কয়েল বা টেবলেট নজ্বলোৱাকৈ ঘৰৰ পৰা এইদৰে মহ খেদক

ডিজিটেল ডেস্ক, আমাৰ অসম : মহৰ উপদ্ৰৱ অসহনীয়৷ বাৰিষা মহৰ উপদ্ৰৱ বাঢ়ে৷ এনেক্ষেত্ৰত আমি ঘৰখনত ধোঁৱা দিয়া, মহ খেদা কয়েল বা মহ খেদা ধূপ আদি জ্বলাওঁ৷ কিন্তু মহ খেদা কয়েল বা মহ মাৰা ধূপৰ পৰা যিবোৰ গেছ নিৰ্গত হয়, সেইবোৰ  স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক৷ সেয়ে বহুতে ইলেক্ট্ৰিক কয়েল বা মহ খেদা ধূপ আদি ব্যৱহাৰ কৰিবলৈ নিবিচাৰে৷ ফলত মহে ডেংগুৰ দৰে মাৰাত্মক ৰোগৰ সংক্ৰমণ ঘটায়৷ গৱেষণাত পোৱা তথ্য মতে মহ খেদা কয়েল বা  ধূপ আঠঘণ্টা সময় জ্বলাই ৰাখিলে তাৰ পৰা যি গেছ নিৰ্গত হয় সেয়া ১৪০টা চিগাৰেটে কৰা ক্ষতিৰ সমান৷ ফলত হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ লগতে শ্বাসনলী ক্ষতিগ্ৰস্ত হয়৷ এনে ক্ষেত্ৰত মহ খেদাৰ বাবে জৈৱিক পদ্ধতি অৱলম্বন কৰিব পৰা যায়৷ 
জৈৱিক পদ্ধতিৰে ঘৰখন মহমুক্ত কৰিব পৰা উপায়–
ইয়াৰ বাবে প্ৰথমে আপুনি মাটিৰ চাকি এটা যোগাৰ কৰি লওক৷ তাত এচামুচ বটি লোৱা নহৰু ঢালি দিয়ক৷ নহৰুখিনিৰ সৈতে অলপ তেজপাতৰ গুড়ি মিহলাই ল’ব৷ এইবাৰ নহৰু আৰু তেজপাতৰ গুড়িৰ সৈতে সামান্য পৰিমাণৰ কপূৰ্ৰ মিহলাওক৷ মিশ্ৰণখিনিৰ ওপৰত মিঠাতেল ঢালক৷ মনত ৰাখিব ওপৰত উল্লেখ কৰা মিশ্ৰণখিনি যাতে মিঠাতেলখিনিত ডুব গৈ থাকে৷ এইবাৰ তাত শলিতা এডাল জ্বলাই লওক৷ দেখিব চাকিটোৰ পৰা নিৰ্গত হোৱা ধোঁৱা সহ্য কৰিব নোৱাৰি মহবোৰ পলাবলৈ ধৰিছে৷ মহ খেদিবলৈ এই পদ্ধতি  প্ৰয়োগ কৰিলে স্বাস্থ্যৰ কোনো ক্ষতি নহয়৷