Logo
image

অসমত বলীউড অভিনেত্ৰী কংগনা ৰাণাৱাট : দুদিন ধৰি কৰিব এই কাম

ডিজিটেল ডেস্ক, আমাৰ অসম: অসমলৈ আহিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱাট। এখন নতুন চিনেমাৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে অভিনেত্ৰীগৰাকী৷ মঙলবাৰে পুৱা ১১ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় অভিনেত্ৰীগৰাকী। বিমান বন্দৰৰ পৰা পোনে পোনে দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৰ চানডুবিত উপস্থিত হয় কংগনা। জানিব পৰা মতে কংগনা ৰাণাৱাটৰ আহিবলগীয়া ছবি EMERGENCY ৰ শ্বুটিঙৰ বাবে চানডুবিলৈ আহিছে অভিনেত্ৰীগৰাকী৷ চিনেমাখনৰ দুদিন দৃশ্যগ্ৰহণ হ'ব অসমত৷ তেওঁৰ এই ছবিখনৰ বাবে অসমতে দুটা দিন থাকিব।উল্লেখ্য যে ছবিখনত ১৯৭৫ চনৰ পৰা ১৯৭৭ চনত হোৱা জৰুৰীকালীন অৱস্থাক সাঙুৰি লোৱা হৈছে৷ ইন্দিৰা গান্ধীৰ জীৱনৰ এটা অংশ সামৰি নিৰ্মাণ কৰা হ'ব  'EMERGENCY'৷