Logo
image

এখন দলং বন্ধ হ’ল, আনখন মুকলি

আমাৰ অসম, ২ নৱেম্বৰ: উত্তৰ অসমৰে যোগাযোগৰ বাবে নিৰ্মাণ হ’ল আৰু এখন দলং৷ কেৱল উত্তৰ অসমেই নহয়, চুবুৰীয়া ৰাষ্ট্ৰ চীন সীমান্তৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা সুচল যাতায়াতৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলঙৰে চলাচল আৰম্ভ হ’ল৷ স্বাভাৱিকতেই এতিয়া দেশৰ আভ্যন্তৰীণ প্ৰতিৰক্ষাৰ দিশত অন্যতম গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে এই নতুন দলংখন৷ অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত মুকলি হ’ল মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত সপ্তমখন দীৰ্ঘতম দলং৷ মঙলবাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন কলীয়াভোমোৰা সেতুৰ মুকলি কৰা হয়৷ কলীয়াভোমোৰা পুৰণি দলংখন জৰুৰী মেৰামতিৰ বাবে সাময়িকভাৱে বন্ধ কৰিবলগীয়া হোৱাত নৱনিৰ্মিত দ্বিতীয় দলংখনেৰে মঙলবাৰৰ পৰা যান-বাহনৰ চলাচলৰ বাবে মুকলি কৰি দিয়া হৈছে৷ উত্তৰ অসমক সংযোগ কৰা কলীয়াভোমোৰা প্ৰথমখন দলঙৰ সৈতে ৰাজ্যবাসীৰ বহু স্মৃতি জড়িত হৈ আছে যদিও এতিয়াৰে পৰা কলীয়াভোমোৰাৰ দ্বিতীয়খন দলঙেৰে যাত্ৰীয়ে অহা-যোৱা কৰিব পাৰিব৷ উল্লেখ্য, কলীয়াভোমোৰাৰ দ্বিতীয়খন দলং তথা লুইতৰ ওপৰত নিৰ্মিত সপ্তমখন দীৰ্ঘতম দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ২০১৯ চনত৷ মাত্ৰ ৪ বছৰৰ ভিতৰতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৩.৪০ কিলোমিটাৰ দৈৰ্ঘৰ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ বাবে আগবঢ়াই দিছে৷ উল্লেখ্য, কলীয়াভোমোৰাৰ পুৰণি দলংখনৰ জৰুৰী মেৰামতিৰ প্ৰয়োজন হোৱাত খৰখেদাকৈ নতুন দলংখনৰ মুকলি কৰিবলগীয়া হয়৷ পুৰণি দলংখনত ইতিপূৰ্বে বহু দুৰ্ঘটনা সংঘটিত হোৱাত বিভিন্ন অংশত মেৰামতিৰ প্ৰয়োজনীয়তা আহি পৰিছিল৷ যাৰ ফলত ১৯৮৭ চনৰ ১৪ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে সাত ভনীৰ নামত উচৰ্গা কৰা তেজপুৰ আৰু নগাঁও জিলা সংলগ্ন কলিয়াবৰৰ পৰা তেজপুৰ দোলাবাৰী সংলগ্ন ৩৭ (এ) ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পুৰণি দলংখন মেৰামতিৰ বাবে বন্ধ কৰি দিয়ে৷ পুৰণি দলংখনৰ ২-৩টা খুঁটা ইতিমধ্যে বহি যোৱাৰ লগতে দলঙৰ ওপৰৰ বিভিন্ন অংশত ফাঁট মেলাৰো উপক্ৰম হৈছে৷ তদুপৰি ষ্ট্ৰীট লাইটসমূহ নজ্বলাৰ ফলত বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে৷ মঙলবাৰে শোণিতপুৰ জিলা প্ৰশাসনে মুকলি কৰা দ্বিতীয়খন দলঙৰ নিৰ্মাণৰ বাবদ ৫৮৮.৯৫ কোটি টকা ব্যয় কৰিছে৷ কলীয়াভোমোৰাৰ এই দলংখনে চুবুৰীয়া অৰুণাচলৰ লগতে চীনৰ সৈতে যাতায়াতত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷