Logo
image

আত্মহত্যাৰ প্ৰৱণতা ৰুধিবলৈ আইআইটিত দুবছৰীয়া ডিপ্ল’মা

আমাৰ অসম, ২ নৱেম্বৰ: দেশৰ আইআইটিসমূহত পঢ়াৰ চাপ সহিব নোৱাৰি শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ ঘটনা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে আইআইটি কাউন্সিল৷ দেশৰ আইআইটিসমূহৰ সৰ্বোচ্ছ নীতি নিৰ্ধাৰক বডী আইআইটি কাউন্সিলে সেয়েহে আধাতে আইআইটি এৰি যাব খোজা ছাত্ৰ-ছাত্ৰীৰ বাবে দুবছৰীয়া ডিপ্লমা দিয়াৰ কথা বিবেচনা কৰিছে৷ জানিব পৰা মতে আগন্তুক বৰ্ষৰ পহিলাতে এই সন্দৰ্ভত আইআইটি কাউন্সিলে গুৰুত্বপূৰ্ণ ঘোষণা কৰিব৷ উল্লেখ্য, ২০১৯ চনতে আইআইটি কাউন্সিলে শৈক্ষিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে এক ‘এগজিট অপছন’ৰ কথা চিন্তা কৰিছিল৷ ইয়াৰ বাবে এক ফৰ্মূলাও নিৰ্ধাৰণ কৰিছিল৷ সেই ফৰ্মূলা অনুসৰি কোনো ছাত্ৰই যদি আইআইটিত চাপ সহ্য কৰিব নোৱাৰি ওলাই যাব খোজে তেওঁলোকে দ্বিতীয় ষান্মাসিক সমাপ্ত কৰিয়েই বিএছচি ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ অপচন ঠিৰাং কৰিব পাৰিব৷ ষষ্ঠ ষান্মাসিক পৰ্যন্ত শিক্ষা সমাপ্ত কৰাৰ পাছত এজন আইআইটিয়ানে বি টেকৰ পৰিৱৰ্তে বিএছচি ডিগ্ৰী লাভ কৰিব৷ তিনি বছৰ পূৰ্ব সেই চিন্তাতকৈ আৰু এখোজ আগবাঢ়ি বৰ্তমান আইআইটি কাউন্সিলে এইবাৰ আধাতে আইআইটি এৰিব খোজ ছাত্ৰ-ছাত্ৰীৰ বাবে চতুৰ্থ ষান্মাসিকতে দুবছৰীয়া ডিপ্ল’মা প্ৰদানৰ কথা বিবেচনা কৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে দেশৰ আইআইটিসমূহত প্ৰতিবছৰে মানসিক চাপ, পঢ়াৰ বোজা তথা বিভিন্ন কাৰণত যথেষ্টসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা অৱলম্বন কৰে৷ গুৱাহাটী আইআইটিও ইয়াৰ পৰা ব্যতিক্ৰম নহয়৷ যোৱা অক্টোবৰ মাহত আইআইটি খৰগপুৰত বি টেকৰ এজন ছাত্ৰক ৰহস্যজনকভাৱে মৃত অৱস্থাত হোষ্টেলৰ পৰা উদ্ধাৰ কৰা হৈছিল৷ এই সন্দৰ্ভত ছাত্ৰজনৰ পৰিয়ালে আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে৷ শিক্ষা মন্ত্ৰণালয়ে এই সন্দৰ্ভত আইআইটি খৰগপুৰৰ পৰা বিস্তৃত তথ্য বিচাৰিছে৷ একেদৰে যোৱা ছেপ্টেম্বৰ মাহত আইআইটি গুৱাহাটীৰ এজন বি টেক চূড়ান্তবৰ্ষৰ ছাত্ৰৰ লগতে আইআইটি মাদ্ৰাজৰ এজন চতুৰ্থ বৰ্ষৰ ছাত্ৰ আৰু আইআইটি কাণপুৰৰ এজন পিএইচডি ছাত্ৰই আত্মহত্যা কৰিছিল৷ পঢ়াৰ চাপ সহ্য কৰিব নোৱাৰিয়েই তেওঁলোকে আত্মহত্যা কৰা বুলি অভিযোগ উঠিছিল৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত আইআইটি বোম্বেৰ এজন ছাত্ৰয়ো হোষ্টেলৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল৷ যোৱা আগষ্ট মাহত আইআইটি হায়দৰাবাদৰ এজন ছাত্ৰই চিপ লৈ আত্মহত্যা কৰিছিল৷ আইআইটিত হৈ থকা এনেবোৰ সঘন আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত গুৱাহাটী আইআইটিৰ এক উচ্ছস্তৰীয় সূত্ৰক প্ৰশ্ন কৰাত তেওঁ কয় যে শৈক্ষিক ষ্টেচ আৰু প্ৰেমত বিফলতাই বহুতো আই আই টিৰ ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ মূল কাৰণ৷ আইআইটি ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়া শ্ৰেণীৰ লগতে যথেষ্ট পৰিমাণৰ এছাইনমেণ্ট, টেষ্ট আদি দিব লাগে৷ বহুতে এনে চাপ সহ্য কৰিবলৈ অপাৰগ হয়৷ আইআইটিৰ ছাত্ৰ-ছাত্ৰীসকলক মানসিক চাপত সহায় দিয়াৰ বাবে কাউন্সিলিঙৰো ব্যৱস্থা কৰা হৈছে৷ আইআইটি গুৱাহাটীত প্ৰতি সন্ধিয়া পাঠদানৰ অন্তত এনে কাউন্সিলিং অনুষ্ঠিত হয়৷ বিশেষভাৱে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বেই বিশেষ কাউন্সিলিং দিয়া হয়৷ কিন্তু বহু ছাত্ৰই এই কাউন্সিলিং সহযোগ নকৰে বা মনৰ কথা খুলি নকয়৷ বহুতে চাপৰ পৰা মুক্তি পাবলৈ অনলাইন গেম খেলে বা ড্ৰাগ্‌ছ লয়৷ ইয়াৰ পৰিণতি বিষম হৈ পৰে৷ আইআইটিৰ দুবছৰীয়া ডিপ্লমাই এনেবোৰ ঘটনা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে৷ ইফালে, আজি যোৰহাটৰ প্ৰিন্স অৱ ৱেল্‌ছ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজীৰ পৰিস্মিতা সোণোৱাল নামৰ এগৰাকী ছাত্ৰীয়ে আজি আত্মহত্যা কৰে৷ ছাত্ৰীগৰাকীৰ ঘৰ নামৰূপত বুলি জানিব পৰা গৈছে৷ তেওঁ অট’ম’বাইল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমাৰ ছাত্ৰী আছিল৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷
প্ৰিন্স অৱ ৱেল্‌ছৰ ছাত্ৰীসহ দুজনৰ আত্মহনন
যোৰহাটৰ একেদিনাই আৰু প্ৰায় একে সময়তে এগৰাকী কাৰিকৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীসহ দুজন লোকে আত্মহনন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নগৰখনৰ ঐতিহ্যমণ্ডিত প্ৰিন্স অৱ ৱেল্‌ছ কাৰিকৰী প্ৰতিষ্ঠানৰ অট’ম’বাইল বিভাগৰ এগৰাকী ছাত্ৰীয়ে তেওঁ থকা পিজিৰ কোঠাত চিপজৰী লৈ আত্মহত্যা কৰে৷ জানিব পৰা মতে নামৰূপৰ পৰিস্মিতা সোণোৱাল নামৰ ছাত্ৰীগৰাকীয়ে অনিতা পিজিত থাকি প্ৰিন্স অৱ ৱেল্‌ছ কাৰিকৰী প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছিল৷ আজি পুৱাও তেওঁ আন ছাত্ৰীসকলৰ সৈতে ক্লাছলৈ ওলাই গৈছিল যদিও দুপৰীয়া প্ৰায় ১২.৩০ বজাত পিজিৰ কোঠালৈ আহে৷ পাছত আন ছাত্ৰীসকলে ক্লাছ শেষ কৰি পি জিৰ কোঠালৈ আহি পৰিস্মিতাক চিপজৰী লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে৷ বান্ধৱীসকলে ততালিকে পিজিৰ স্বত্বাধিকাৰক এই বিষয়ে অৱগত কৰে আৰু তেওঁ যোৰহাট আৰক্ষীক অৱগত কৰে৷ আৰক্ষী উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ ছাত্ৰীগৰাকীয়ে কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এই সম্পৰ্কে জানিব পৰা হোৱা নাই৷ ইফালে নগৰখনৰ ফাঁচী আলিত ভাৰাতীয়া হিচাপে থকা দীপক গুপ্তা (২২) নামৰ এজন যুৱকেও লোকেও প্ৰায় একে সময়তে আত্মহত্যা কৰে৷ আজি দুপৰীয়া তেওঁৰ মৃতদেহ ভাৰাঘৰটোৰ কোঠাৰ ফেনত চিপজৰী লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ যুৱকজনৰো মৃত্যুৰ কাৰণ জানিব পৰা হোৱা ৱাই৷ ইফালে একেদিনাই প্ৰায় একে সময়তে নগৰখনত দুটা আত্মহত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷