Logo
image

কাজিৰঙাত বাঘ আৰু কংগনা

আমাৰ অসম, ২ নৱেম্বৰ: দেশৰ ৰাষ্ট্ৰপতি, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, দেশ-বিদেশৰ বহু নামি-দামী ভি ভি আই পি পৰা আৰম্ভ কৰি শিল্পী, খেলুৱৈ, ৰাজনৈতিক নেতা বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গড়ঁৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পিছত এতিয়া সোঁত বৈছে বলীউডৰ তাৰকাসকলৰ৷ বিভিন্ন সময়ত নিজৰ মন্তব্যৰ বাবে চৰ্চাত থকা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱত মঙলবাৰে নিশা কাজিৰঙাত উপস্থিত হয়৷ উল্লেখ্য বলীউডৰ অভিনেত্ৰী তথা হিমাচল প্ৰদেশৰ জীয়ৰী কংগনা ৰাণাৱতে শেহতীয়কৈ ভাৰতীয় জনতা দলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ পিছত অধিক চৰ্চালৈ আহিছে৷ তেনে সময়তে কংগনা হঠাৎ কাজিৰঙাত উপস্থিত হোৱাত ৰাজনৈতিক মহলত আন এক চৰ্চা আৰম্ভ হৈ পৰিছে৷ জানিব পৰা মতে কংগনা ৰাণাৱতে আজি কাজিৰঙাৰ গাতে লাগি থকা সেউজ কাৰ্বি পাহাৰৰ নামনি কহঁৰাৰ ইংলেপথাৰ গাঁৱত অৱস্থিত হংফুৰ নামৰ এখন ব্যক্তিগত পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰে৷ সূত্ৰ এটাই জানিবলৈ দিয়া মতে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কাজিৰঙাৰ কাষৰীয়া অঞ্চলত এখন চিত্ৰ নিৰ্মাণ কৰাৰ উদ্দেশ্যে কাজিৰঙালৈ আহিছে৷ তেওঁৰ প্ৰযোজনাত কাজিৰঙা আৰু কাৰ্বি আংলঙৰ বিভিন্ন লোকেচনত ১৯৬৫ চনৰ পৰিবেশৰ ওপৰত ভিত্তি কৰি এখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰিব৷ আগন্তুক ২ ডিচেম্বৰলৈকে এই ছবিখনৰ চিত্ৰগ্ৰহণ চলিব৷ পৰৱৰ্তী সময়ত বলীউডৰ অভিনেতা অনুপম খেৰ, মহিমা চৌধৰীকে ধৰি কেইবাগৰাকীও নামি-দামী শিল্পীও কাজিৰঙালৈ আহিব৷ কাজিৰঙাৰ পৰ্যটন নিবাসত বাহৰ পাতি কাজিৰঙা আৰু কাৰ্বি আংলং জিলাৰ অপৰুপ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ লোকেচনত উক্ত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিব৷ জানিব পৰা মতে অভিনেত্ৰী কংগনা ৰাণাৱতে কাজিৰঙাত কাৰ্বি নামেৰে চিহ্নিত নতুনকৈ মুকলি কৰা ‘হংফুৰ’ অৰ্থাৎ এৰি থোৱা বাৰি পৰ্যটন নিবাসৰ ১১টা কোঠা সংৰক্ষণ কৰি পাঁচ দিন বাহৰ পাতি থাকি কাজিৰঙা আৰু কাৰ্বি আংলং জিলাত উক্ত হিন্দী বোলছবি খনৰ দৃশ্যগ্ৰহণ কৰিবলগীয়া লোকেচন পৰিদৰ্শন কৰি নিৰ্বাচন কৰাৰ লগতে দৃশ্যগ্ৰহণৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিব৷ উল্লেখ্য ইয়াৰ পূৰ্বে বলীউডৰ অভিনেতা আয়ুসমান খোৰানাই ‘অনেক’ নামৰ হিন্দী বোলছবিখনৰ চিত্ৰগ্ৰহণ কৰিবলৈ কাজিৰঙাৰ আইয়ৰা পৰ্যটন নিবাসত বাহৰ পাতি আছিল৷ এই হিন্দী বোলছবিখন কাজিৰঙা আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন লোকেচনত চিত্ৰগ্ৰহণ কৰাৰ পৰাই কাজিৰঙা আৰু কাৰ্বি আংলং জিলাৰ মনোমোহা প্ৰাকৃতিক দৃশ্য অধিক জনপ্ৰিয় হৈ পৰিছিল৷ যাৰ ফলত বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটও কাজিৰঙালৈ আহিবলৈ বাধ্য হৈ পৰিছে বুলি জানিব পৰা গৈছে৷ ইফালে আজি বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে ৰাত্ৰি যাপন কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ গাতে লাগি থকা কাৰ্বি আংলঙৰ ইংলেপথাৰ গাঁৱত অৱস্থিত হংফুৰ পৰ্যটন নিবাসৰ নিৰাপত্তা ব্যৱস্থা কটকীয়া কৰি তোলা হৈছে৷ কংগনা ৰাণাৱট থকা উক্ত পৰ্যটন নিবাসৰ কৰ্মচাৰীৰ বাদে আন বাহিৰা লোকৰ প্ৰবেশ নিষিদ্ধ কৰিছে নিৰাপত্তাৰক্ষীয়ে৷  কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ জোৱানে উক্ত পৰ্যটন নিবাসৰ চাৰিওফালে ঘৰি নিৰাপত্তা দি থকা পৰিলক্ষিত হৈছে৷ পৰ্যটন কৰ্মীৰ বাদে কোনো সংবাদ প্ৰতিষ্ঠানৰ লোকৰ প্ৰবেশও নিষিদ্ধ কৰিছে নিৰাপত্তাৰক্ষীয়ে৷ অন্যহাতে বিশেষ সূত্ৰে জানিব পৰা মতে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে উক্ত পৰ্যটন নিবাসত জনজাতীয় খাদ্যৰে নিশাৰ আহাৰ গ্ৰহণ কৰে৷ স্থানীয় মাছৰ লগতে কাৰ্বি আঞ্জাৰ সোৱাদ লয় বুলিও সূত্ৰ এটাই জানিব দিয়ে৷ অভিনেত্ৰী কংগনাৰ লগতে মুম্বাইৰ পৰা অহা শিল্পী-কলা কৌশলীৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ কথা৷ উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে আজি পুৱা ১১ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় অভিনেত্ৰী কংগনা ৰাণাৱট৷ বিমানবন্দৰৰ পৰাই অভিনেত্ৰীগৰাকী চানডুবিত উপস্থিত হয়৷ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কলা-কূশলীসকলৰ সৈতে চানডুবি বিলত উপস্থিত হৈ প্ৰথমে বিলৰ পাৰিপাশ্বিৰ্ক পৰিৱেশৰ বিষয়ে বুজ লয়৷ এক নৌকা যাত্ৰাৰে সদলবলে বলিউডৰ মোহময়ী অভিনেত্ৰী কংকনা ৰাণাৱটে চানডুবি বিল পৰিদৰ্শন কৰি আনটো পাৰ জৰামুখৰীয়ালৈ বন গাঁৱলৈ যায়৷ লগতে অভিনেত্ৰীগৰাকীয়ে আজি কেইবাটাও শ্বুটিংত অংশগ্ৰহণ কৰে৷ আগত সময়ত এই চানডুবি বিলত বাঁহৰ দলং, চাংঘৰ আদি সাঁজি তাত ২০২৫ বৰ্ষত মুক্তি পাবলগীয়া এখন হিন্দী চিনেমাৰ শ্বুটিংৰ বাবে পুনৰ চানডুবিত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে ‘ইমাৰজেঞ্চি’ নামৰ ছবিখনৰ শ্বুটিং হ’ব চানডুবিত৷ ১৯৭৫-১৯৭৭ চনৰ জৰুৰীকালীন অৱস্থাক সাঙুৰি নিৰ্মাণ কৰা ছবিখনত ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব কংগনা ৰাণাৱটে৷ পুৱাৰ ভাগত চানডুবিত ব্যস্ত থকা অভিনেত্ৰীগৰাকী বিয়লি কাজিৰঙা অভিমুখে ৰাওনা হয়৷ ইফালে, বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱটে বিশ্ব ঐতিহ্য কাজিৰঙাত পৰ্দাপন কৰাৰ দিনাই এটা বনৰজা অৰ্থাৎ এটা ঢেকীয়া পতীয়া বাঘে আগভেটি ধৰিছে পৰ্যটকক৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত এতিয়া ওলাইছে দৈনিক বাঘ৷ এশিঙিয়া গঁড় দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ ঘনাই সৌভাগ্য হৈছে বনৰজা দৰ্শনৰ৷ ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হাতী হৰিণাকে আদি কৰি বন্যজন্তু বিচৰণৰ দৃশ্য উপভোগ কৰিবলৈ অহা দেশী - বিদেশী পৰ্যটকৰ আশা টাইগাৰ ৰিজাৰ্ভ হিচাবেও খ্যাতি লাভ কৰা কাজিৰঙাত এবাৰ বাঘ প্ৰত্যক্ষ কৰাৰ৷ সকলোৰে সেই আশা পূৰণ নহ’লেও এইবাৰ বহু পৰ্যটকৰ পূৰণ হৈছে বাঘ চোৱাৰ হাবিয়াস৷ সোমবাৰে ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত দাফলাং দৰ্শন চুঢ়াৰ সমীপত এটা প্ৰকাণ্ড ঢেকীয়া পতীয়া বাঘে প্ৰায় আধা কিলোমিটাৰ দূৰত্বলৈকে পথৰ ওপৰত খোজকাঢ়ি যায়৷ উদ্যান দৰ্শন কৰিবলৈ যোৱা পৰ্যটকৰ গাড়ী বনৰজাই বহু পৰ আগভেটি ধৰি ৰাখে৷ জীৱনত প্ৰথমবাৰ বনৰজাই নিচেই কাষৰ পৰা পথ আগভেটি ধৰা এই দৃশ্য দেখি পৰ্যটকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন জীৱন সাৰ্থক হয় বুলি পৰ্যটকে মত প্ৰকাশ কৰে৷  সন্মুখতে বাঘ দেখা পোৱা উৎফুল্ল দিল্লী আৰু মোম্বাইৰ পৰ্যটকৰ দলে কাজিৰঙালৈ অহাৰ উৰ্দেশ্য সফল হ’ল বুলি মন্তব্য প্ৰকাশ কৰে৷ কহঁৰা বনাঞ্চলৰ ডাফলাং টাৱাৰৰ পৰা বাঘ দেখাৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিৱৰণ সাংবাদিকৰ আগত দাঙি ধৰে পৰ্যটকে৷ ইফালে পৰ্যটক পথত বাঘ বিচৰণৰ মনোমোহা দৃশ্য বন্দী কৰে টুৰিষ্ট গাইড তথা জীপছী চালক বিকাশ গগৈয়ে৷