
নলবাৰী ৰাসলৈ হেমা মালিনী, মাজুলীলৈ লাকী আলী
আমাৰ অসম, ২ নৱেম্বৰ: ৭ নৱেম্বৰৰ পৰা মাজুলী, নলবাৰী, হাউলীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰম্ভ হ’ব ৰাস মহোৎসৱ৷ মৃন্ময় মূৰ্তিৰ ৰাসৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলবাসীক আকৰ্ষণ কৰি অহা নলবাৰীৰ ৰাস মহোৎসৱত এইবেলি মৃন্ময় মূৰ্তি আৰু জীৱন্ত ৰাসৰ সমাহাৰ ঘটিব৷ এইবেলি নলবাৰীৰ ৰাসৰ অন্যতম আকৰ্ষণ হ’ব ড্ৰীম গাৰ্ল খ্যাত হেমা মালিনী৷ ১৪ নৱেম্বৰত হৰিমন্দিৰৰ স্থায়ী মঞ্চত হ’ব লগা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শিল্পীসকলৰ জীৱন্ত ৰাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ড্ৰীম গাৰ্ল খ্যাত হেমা মালিনীয়ে৷ মূলতঃ মৃন্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাসত এইবেলি পূৰ্বতকৈ কিছু নতুন বৈদ্যুতিক সংযোগ থকা মূৰ্তি উপস্থাপন কৰা হ’ব৷ নলবাৰী ৰাসত এইবেলি প্ৰথম বাৰৰ বাবে মথুৰা বৃন্দাবনৰ শিল্পীৰ ৰাস, গুজৰাটৰ দাণ্ডিয়া ৰাস, মণিপুৰৰ বসন্ত ৰাস আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ’ব৷ মূল ৰাসথলীত উপলব্ধ হ’ব প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিতব্য গ্ৰন্থমেলা৷ ইফালে, সত্ৰনগৰী মাজুলীত ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে৷ ইয়াৰ মাজতে মাজুলীলৈ সংগীত পৰিৱেশনৰ বাবে আহিব জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলী৷ মাজুলীত ২৫ আৰু চ্ছ নৱেম্বৰত মাজুলী মিউজিক ফেষ্টিভেলত তেওঁ অনুষ্ঠান পৰিৱেশন কৰিব৷ ইয়াকে লৈ মাজুলীত বৈছে উচাহৰ ঢল৷ বৰপেটা জিলাৰ হাউলী, বনিয়াকুছি, নলবাৰী জিলাৰ টিহুত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলাইছে উদ্যোক্তাসকলে৷