
সকলোৰে ‘সহায়’ লৈ চিকিৎসাৰ বাবে বেংগালুৰুত অখিল
আমাৰ অসম, ২ নৱেম্বৰ: অৱশেষত চিকিৎসাৰ বাবে বেংগালুৰুলৈ উৰা মাৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈয়ে৷ হৃদযন্ত্ৰৰ ছুপ্ৰা ভেণ্টিকুলাৰ টেকিকাৰ্ডিয়া ৰোগত ভোগা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক জিএমচিএইচৰ চিকিৎসকে জৰুৰী অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়াত মঙলবাৰে গুৱাহাটীৰ পৰা বিমানেৰে বেংগালুৰুলৈ ৰাওনা হয় বিধায়কজন৷ হৃদৰোগত আক্ৰান্ত কৃষক নেতাজনৰ অস্ত্ৰোপচাৰ তথা চিকিৎসাৰ বাবে আৰ্থিক সংকটত ভোগাত বিভিন্ন পক্ষৰ পৰা সহায়-সহযোগিতাত বেংগালুৰুলৈ যাত্ৰা কৰা বুলি দলীয় নেতৃত্বই জানিবলৈ দিছে৷ উল্লেখ্য, ‘কা’বিৰোধী আন্দোলনৰ সময়ত জে’লত থকাৰ পাছৰে পৰাই হৃদৰোগত আক্ৰান্ত হৈছিল অখিল গগৈ৷ শেহতীয়াকৈ ২৬ অক্টোবৰত দিল্লী ভ্ৰমণলৈ যাওতে হঠাতে অসুস্থ হৈ পৰিছিল বিধায়ক গগৈ৷ দিল্লীত চিকিৎসাৰ অন্তত কিছু সুস্থ হৈ গুৱাহাটীলৈ ঘূৰি অহাৰ পাছত জিএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰাত ছুপ্ৰা ভেণ্টিকুলাৰ টেকিকাৰ্ডিয়া ৰোগত আক্ৰান্ত হোৱাৰ তথ্য নিশ্চিত হয়৷ এই ৰোগত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱাত আৰু অসমত উক্ত সূক্ষ্ম অস্ত্ৰোপচাৰৰ সুবিধা নথকাত চিকিৎসকে বহিঃৰাজ্যৰ উন্নত চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে৷ সেই অনুসৰি অখিল গগৈয়ে বেংগালুৰুৰ নাৰায়ণা হেল্থ হাস্পতালত চিকিৎসা গ্ৰহণৰ পৰিকল্পনা কৰে যদিও আৰ্থিক সমস্যাত ভোগাত চিকিৎসাক লৈ চিন্তিত হৈ পৰে৷ ৰাজ্যৰ সকলো বিধায়ক আৰু তেওঁৰ পৰিয়ালৰ চিকিৎসা ব্যয় অসম বিধানসভাই বহন কৰাৰ নিয়ম আছে যদিও বিধায়ক অখিল গগৈৰ ঘনিষ্ঠসকলে চিকিৎসাৰ বাবে বিভিন্নপক্ষৰ পৰা আৰ্থিক সাহায্য সংগ্ৰহ কৰা বুলিও জানিবলৈ দিছে৷ তদুপৰি অখিল গগৈয়ে চিকিৎসাৰ বাবে ঋণ বিচাৰি বিধানসভাৰ অধ্যক্ষক আবেদন জনোৱাত অসম সচিবালয়ে চিকিৎসাৰ ৫০ শতাংশ ব্যয় আগধন হিচাপেও মঙলবাৰে প্ৰদান কৰে৷ চৰকাৰ তথা বিভিন্ন পক্ষৰ পৰা সহায়-সহযোগিতাৰে বিধায়ক অখিল গগৈয়ে চিকিৎসাৰ বাবে মঙলবাৰে বিয়লি বৰঝাৰৰ বিমানবন্দৰৰ পৰা বেংগালুৰুলৈ ৰাওনা হয়৷ বেংগালুৰুত অখিল গগৈৰ অস্ত্ৰোপচাৰকে ধৰি আন চিকিৎসাসমূহ সম্পন্ন হ’ব বুলি ৰাইজৰ দলৰ নেতৃত্বই সদৰী কৰিছে৷