Logo
image

অদ্ভুট মন্তব্য : ইশ্বৰৰ ইচ্ছাৰ বাবে সংঘটিত হ'ল ভয়াৱহ দলং দুৰ্ঘটনা

ডিজিটেল ডেস্ক, আমাৰ অসম : গুজৰাটৰ মৰবিত ওলোমা দলং খহি প্ৰাণ গ'ল ১৪১ জন লোকৰ৷ কি কাৰণে এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে তাৰ তদন্ত অব্যাহত আছে৷ কিন্তু ইয়াৰ মাজতে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা এখন অভিযুক্তই এক অদ্ভুট মন্তব্য কৰিছে৷ ১৫০ বছৰ পুৰণি দলঙখনৰ তত্বাৱধানৰ দায়িত্বত আছিল Oreva কোম্পানী৷ দলং দুৰ্ঘটনাৰ পিছত কোম্পানীটোৰ মেনেজাৰ দীপক পাৰেখক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ পাৰেখে আদালতত কয় যে ইশ্বৰৰ ইচ্ছাৰ বাবেহে এই দুৰ্ঘটনা সংঘটিত হয়৷ উল্লেখ্য যে দেওবাৰে সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছত ৯ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ দীপক পাৰেখই মুখ্য ন্যায়িক দণ্ডাধীশ এম জে খানক কয় যে ঈশ্বৰৰ ইচ্ছা আছিল, যাৰ বাবে এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়৷
আনহাতে মৰবিৰ উপ-আৰক্ষী অধীক্ষকে আদালতত কয় যে দলঙখনৰ লোহাত মামৰ হৈছিল৷ কিন্তু দলঙখনৰ মেৰামতিৰ দায়িত্বত থকা কোম্পানীটোৱা মামৰে ধৰা লোহা কৰা নাছিল৷ লগতে তেওঁ কয় যে প্ৰশাসনৰ অনুমোদন অবিহনে ২৬ অক্টোবৰত দলঙখন ৰাইজৰ বাবে পুনৰ মুকলি কৰা হৈছিল। 
ইফালে দলঙখন মেৰামতিৰ দায়িত্বত থকা কোম্পানীটোৰ মেনেজিং ডাইৰেক্টৰ জয়সুখভাই পেটেল দুৰ্ঘটনাটোৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। দলঙখন পুনৰ মুকলি হোৱাৰ সময়ত তেওঁক শেষবাৰৰ বাবে তেওঁৰ পৰিয়ালৰ সৈতে দেখা গৈছিল।