Logo
image

নতুন ৰূপত বিয়পিছে ডেংগু

কাৰ্বি আংলঙত বহু লোকৰ মৃত্যু, গুৱাহাটীতো বিয়পিছে, প্ৰশাসন নিৰ্লিপ্ত
আমাৰ অসম, ৩ নৱেম্বৰ: ক’ভিড অতিমাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সংহাৰ কৰি যোৱাৰ পাছত এইবাৰ দেশবাসীৰ পৰিচিত ডেংগু ৰোগে নতুন চেহেৰা বা উপসৰ্গ লৈ আহি ভয়ানক আতংকৰ সৃষ্টি কৰিছে৷ বহুকেইটা নতুন উপসৰ্গ লৈ ডেংগু ৰোগে অসম, পশ্চিম বংগকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত সম্প্ৰতি ভয়াৱহ আতংকৰ সৃষ্টি কৰিছে৷ ডেংগুৰ ৰূপ সলনি হৈ যোৱাৰ ফলত অৰ্থাৎ উপসৰ্গৰ পৰিবৰ্তন ঘটাত ৰোগীক ডেংগুৱে আক্ৰমণ কৰা বুলি চিকিৎসকে পলমকৈ জানিব পৰাত ৰোগীৰ ক্ষতি হৈছে আৰু বহুক্ষেত্ৰত মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰা অসম্ভৱ হৈ পৰিছে৷ ডেংগু ৰোগৰ উপসৰ্গৰ পৰিৱৰ্তন বা চেহেৰা সলনিৰ কাৰণ কি সেয়া এতিয়াও চিকিৎসকৰ বাবে অজ্ঞাত হৈ আছে আৰু সেই কাৰকে চিকিৎসকো গভীৰ অসুবিধাত পেলাইছে৷ ক’ভিড অতিমাৰী প্ৰায় নিঃশেষ হোৱাৰ পাছত ডেংগুৰ এই নতুন আৰু সংহাৰী ৰূপৰ আঁৰত ক’ভিড-১৯১ কোনো প্ৰভাৱ আছে নেকি সেয়া এতিয়াও উদ্ধাৰ হোৱা নাই৷ কিয়নো তেনে গৱেষণা চিকিৎসকে নকৰে, কৰে বায়’লজিষ্টে৷ অৱশ্যে এই পৰ্যন্ত দেশত ডেংগুৰ নতুন ৰূপক লৈ কোনো বায়’লজিষ্ট বা গৱেষণাগাৰে প্ৰাথমিকভাৱে হ’লেও গৱেষণা কৰাৰ কোনো তথ্য প্ৰকাশ পোৱা নাই৷ কিন্তু এটা বিষয় নিশ্চিত যে, উপসৰ্গ সলনি হোৱাৰ ফলত চিৰপৰিচিত ডেংগু ৰোগ এতিয়া ভাৰতত ভয়ংকৰ হৈ উঠাৰ আশংকাই দেখা দিছে৷ কিয়নো সঠিক সময়ত ইয়াৰ কাৰণ উদ্ধাৰ নহ’লে চিকিৎসকৰ বাবে ডেংগুৰ চিকিৎসা আৰু ৰোগীক সুস্থ কৰি তোলাও কঠিন হৈ পৰিব৷
সম্প্ৰতি অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত ডেংগুৰ এই নতুন ৰূপ বহুল ৰূপত দেখা গৈছে৷ যিকোনো মুহূৰ্তত তেনে উপসৰ্গৰ ৰোগী অসমতো ওলোৱাৰ আশংকা কৰা হৈছে৷ কিয়নো অসমত লাহে লাহে বিগত এসপ্তাহত ডেংগু ৰোগে বিস্তাৰ লাভ কৰিছে আৰু সম্ভৱতঃ এই ৰোগক এতিয়াও গভীৰভাৱে নোলোৱাব বাবে নতুন উপসৰ্গ বা পৃথক চেহেৰাৰ বিষয়ে ৰাজ্যৰ চিকিৎসক অৱগত হোৱা নাই৷
ইয়াৰ বিপৰীতে পশ্চিম বংগত, বিশেষকৈ কলকাতাত নতুন ৰূপৰ ডেংগুৱে হাহাকাৰৰ সৃষ্টি কৰিছে৷ ৰোগী হাস্পতালত ভৰ্তি হোৱাৰ লগে লগে চাল ফাটি তেজ ওলাবলৈ আৰম্ভ কৰিছে৷ প্লেটলেট, ভিটমিন-কে দিয়ো ৰক্তপাত বন্ধ কৰিব পৰা নাই৷ কোনো ৰোগীৰ মস্তিষ্কত ৰক্তক্ষৰণ হৈছে আৰু ধনুষ্টংকাৰ ৰোগীৰ দৰে ডেংগুত আক্ৰান্ত ৰোগী বেঁকা হৈ গৈছে৷ ৰাজ্যখনৰ অভিজ্ঞ চিকিৎসকেও ডেংগু ৰোগীৰ এনে লক্ষণ পূৰ্বে নেদেখা বুলি প্ৰকাশ কৰিছে, তেনে এজন চিকিৎসকে প্ৰকাশ কৰা অনুসৰি ৰক্তচাপ বৃদ্ধিৰ বাবে চাৰিবিধ ভিন ভিন ঔষধ ব্যৱহাৰ কৰিও তেওঁ সুফল পোৱা নাই৷ কিডনীয়ে লাহে লাহে কাম কৰা বন্ধ কৰি দিয়াৰ বাবেই এনে হোৱা বুলি তেওঁ ধাৰণা কৰিছে৷ তেনে ৰোগীক চিকিৎসা কৰি থকা চিকিৎসকৰ মতে আক্ৰান্ত হোৱাৰ ৪-৫ দিনৰ ভিতৰতে ৰোগীৰ অৱস্থা আয়ত্বৰ বাহিৰলৈ গৈছে৷ সেয়ে অনেক ৰোগীক চিকিৎসাধীন কৰাৰ পূৰ্বেই একাধিক অংগ বিকল (মাল্টিপল অৰ্গন ফেলিয়াৰ) হোৱা আৰম্ভ হৈছে৷ সেই পৰ্যায়লৈ যোৱা ৰোগীক বচোৱা কঠিন৷ ২০১৩-১৪ত দেশত ডেংগুৱে মহামাৰীৰ ৰূপ লৈছিল৷ সেই মহামাৰীৰ বিৰুদ্ধে প্ৰত্যাহ৩ান জনাই দেশৰ চিকিৎসকে ডেংগুক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল৷ ২০২০ চনৰ পৰা ২০২১ চনৰ শেষলৈ ক’ভিড অতিমাৰীৰ সময়ত ডেংগুৰ সিমান প্ৰাদূৰ্ভাৱ হোৱা নাছিল৷ কিন্তু ক’ভিড প্ৰায় লুপ্ত হোৱাৰ লগে লগে এতিয়া যিদৰে ডেংগুৰ সংক্ৰমণ বৃদ্ধি পাইছে সি পুনৰ মহামাৰীৰ ৰূপ লোৱাৰ আশংকাই দেখা দিছে৷ ঘাইকৈ ডেংগুৰ উপসৰ্গৰ আমূল পৰিৱৰ্তনে ৰোগাক্ৰান্তক কঠিন পৰিস্থিতিৰ মুখলৈ ঠেলি নিছে আৰু ইয়াৰ চিকিৎসাও দুৰ্বোধ্য তথা কষ্টসাধ্য হৈ পৰিছে৷ এজন চিকিৎসা বিজ্ঞানীয়ে দাবী কৰা অনুসৰি ইতিপূৰ্বে অধিক ডেংগু কবলিত অঞ্চলত ৰোগীৰ শৰীৰত ডেংগুৰ বিৰুদ্ধে ‘ইমিউনিটী’ তৈয়াৰ হৈছিল৷ ক’ভিড অতিমাৰীৰ পাছত তেনে ‘ইমিউনিটী’ এতিয়া নোহোৱা হৈ গৈছে৷ সিয়ো আশংকাৰ অন্যতম কাৰণ৷
এইবাৰ ডেংগু আক্ৰান্তৰ জ্বৰ ভাল হোৱাৰ ৩-৪ দিন পাছত শৰীৰত ৰঙা দাগ দেখা দিছে৷ জ্বৰ নোহোৱাকৈয়ো প্ৰচণ্ড পেটৰ অসুখ হৈছে আৰু পেশীত যন্ত্ৰণা হৈছে৷ প্ৰথম দিনাই প্লেটলেট অভাৱনীয়ভাৱে নামি গৈছে৷ গাত ৰঙা দাগ, শৰীৰত প্ৰচণ্ড জ্বৰ থকা সত্ত্বেও ডেংগু হোৱা বুলি পৰীক্ষাত ধৰা পৰা নাই৷ শৰীৰৰ পৰা ইমান  পানী নিৰ্গত হৈছে যে, ৰোগীৰ হাত-ভৰি ঠাণ্ডা হৈ গৈছে৷ অথচ ক’ভিডৰ পূৰ্বে হোৱা ডেংগুত ইয়াৰ বিপৰীত উপসৰ্গ আছিল৷ তেতিয়া জ্বৰ প্ৰথমে কম থাকি পাছত বাঢ়ি গৈছিল৷ প্লেটলেট লাহে লাহে তললৈ নামিছিল৷ পেশীৰ বিষ, শৰীৰৰ বিষো পাছতহে হৈছিল৷ ৰক্তপাত হৈছিল একেবাৰে শেষত৷ এইবাৰ প্ৰথমেই ৰোগীৰ শৰীৰৰ পৰা ৰক্তপাত আৰম্ভ হৈছে আৰু তেনে উপসৰ্গই চিকিৎসকক বিভ্ৰান্ত কৰি তুলিছে৷ চিকিৎসকৰ আশংকা, চিকিৎসা বিভাগে সময়োচিত ব্যৱস্থা নল’লে এইবাৰ ডেংগুৱে দেশত মহামাৰীৰ সৃষ্টি কৰিব৷
অসমতো ভয়াৱহ ৰূপ লৈছে ডেংগুৱে
দেশৰ অন্যান্য ৰাজ্যৰ লগতে শেহতীয়াকৈ অসমতো ডেংগুই নতুন ৰূপত ভয়াৱহ ৰূপ লৈছে৷ গুৱাহাটী মহানগৰীৰ লগতে উজনি অসমত ডেংগুৰ প্ৰৰ্দুভাৱ দেখা গৈছে৷ বহিঃৰাজ্যৰ পৰা অহা লোকৰ শৰীৰতো ডেংগুৰ পজিটিভ ধৰা পৰিছে৷ বিশেষকৈ পাহাৰীয়া কাৰ্বি আংলঙত ডেংগুৱে কালৰূপ ধাৰণ কৰিছে৷ কাৰ্বি পাহাৰৰ লগতে উজনি অসম আৰু গুৱাহাটী মহানগৰীতো ডেংগুৰ সংক্ৰমণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পাইছে৷ চৰকাৰী তথ্য মতে, কাৰ্বি আংলং জিলাত বৰ্তমানলৈ প্ৰায় ১২৩জন লোকৰ দেহত ডেংগুৰ অৱস্থিতি ধৰা পৰিছে৷ উজনি অসমৰ ডিব্ৰুগড় জিলাত ৯জন লোক ডেংগুত আক্ৰান্ত হৈছিল যদিও সম্প্ৰতি আইটাকেইজন ৰোগী সুস্থ হৈছে৷ অৱশ্যে উজনিৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া প্ৰতিখন জিলাতে ডেংগুৰ সংহাৰ আৰম্ভ হৈছে৷ আশ্চৰ্যজনকভাৱে ডেংগুৱে ৰাজ্যত ভয়াৱহ ৰূপ লোৱাৰ পাছতো হাত-সাৱটি বহি আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ এন এইচ এমৰ বাহৰজনিত ৰোগ নিয়ন্ত্ৰণ কতৃৰ্পক্ষই ডেংগুৰ প্ৰাৰ্দুভাৱ প্ৰতিৰোধৰ বাবে কোনো সজাগতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ ৬ অক্টোবৰ পৰ্যন্ত ৰাজ্যত ডেংগুত আক্ৰান্ত হৈছে ৮৭জন৷ ইয়াৰ ভিতৰত গুৱাহাটীত ৩০জন লোক আক্ৰান্ত হৈছে৷ তদুপৰি শোণিতপুৰ, গোৱালপাৰা, বাগ্‌সা, লখিমপুৰ আৰু নলবাৰীতো ডেংগুৰ সংক্ৰমণ দেখা গৈছে৷ এমাহ আগলৈকে কাৰ্বি আলঙত ডেংগুৰ বিশেষ প্ৰাৰ্দুভাৱ নাছিল যদিও শেহতীয়াকৈ ভয়ংকৰ ৰূপ লৈছে৷ ডিফু চহৰতে বৰ্তমানলৈ ১২৩জন লোক ডেগুত আক্ৰান্ত হোৱাৰ বিপৰীতে তিনিজন ৰোগীৰ মৃত্যু হৈছে৷ বিগত সপ্তাহত কামৰূপ জিলাৰ সোণতলিত ডেংগুত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে৷ লক্ষণীয় বিষয়টো হৈছে ডেংগুৱে ৰাজ্যত কালৰূপ ধাৰণ কৰিলেও গুৱাহাটী-ডিব্ৰুগড় মেডিলেক কলেজক বাদ দি আন জিলাসমূহৰ চিকিৎসালয়ত আক্ৰান্ত ৰোগীয়ে উপযুক্ত চিকিৎসা লাভ নকৰাৰ অভিযোগ উঠিছে৷ অভিযোগ অনুসৰি, ডেংগু ৰোগীৰ চিকিৎসাৰ বাবে প্ৰতিখন জিলা অসামৰিক চিকিৎসালয়তে আন্তঃগাঁথনিৰ অভাৱ৷ কেৱল জিলা অসামাৰিক চিকিৎসালয়েই নহয়, ডিফু মেডিকেল কলেজ হাস্পতাল আৰু যোৰহাট মেডিকেল কলেজ হাস্পতালৰ পৰাও ডেংগুত আক্ৰান্ত সংকটজনক ৰোগীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ডেংগুবাহক মহ আৰু মহৰ বাসস্থান ধবংস কৰাৰ বাবে স্বাস্থ্য বিভাগে ফগিঙৰ ব্যৱস্থা কৰিব লাগে যদিও কোনো সজাগতামূলক ব্যৱস্থা হাতত নোলোৱাত সৰ্বসাধাৰণ ৰাইজ আতংকিত হৈ পৰিছে৷ শেহতীয়া তথ্য অনুসৰি ডিফু মেডিকেল কলেজত নাগালেণ্ড, পশ্চিম কাৰ্বিআংলং, নগাঁও আৰু হোজাই জিলাৰ পৰা প্ৰায় ১৭০জন ডেংগু ৰোগী ভৰ্তি হৈছিল যদিও ১৪৩জনে আৰোগ্য লাভ কৰি নিজ গৃহলৈ উভতি গৈছে৷ ডিফু মেডিকেল কলেজত বৰ্তমান ২৭জন ৰোগী চিকিৎসাধীন আৰু দুজনৰ অৱস্থা জটিল৷
ডিফুত ডেংগুত মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি
বিগত প্ৰায় এমাহ ধৰি ডিফু চহৰৰ লগতে পাশ্বৰ্ৱতী এলেকাত ডেংগু ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ ডেংগুৰ প্ৰাদুৰ্ভাৱৰ পাছত এতিয়ালৈকে ডিফু চহৰত তিনিজন লোকৰ মৃত্যু ঘটাৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ পাইছে৷ বিগত সপ্তাহত ডিফু মেডিকেল কলেজত আশীষ দে’ নামৰ এজন ব্যৱসায়ীৰ মৃত্যু হৈছিল ডেংগুত৷ তদুপৰি ডিফুৰ যুৱতী ক্লিৰদাপ টেৰণপীৰ ডেংগুত আক্ৰান্ত হৈ মৃত্যু হৈছিল ডিমাপুৰৰ এখন নাৰ্ছিংহোমত৷ মঙলবাৰে পুনৰ ডিফু মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত জুমি ইংতিপী নামৰ এগৰাকী যুৱতীৰ মৃত্যু ঘটে৷ ডিফু মেডিকেল কলেজত জ্বৰত আক্ৰান্ত হোৱা ১৭৯গৰাকী ৰোগীৰ তেজ পৰীক্ষা কৰাত ১২৩গৰাকী লোকৰ দেহত ডেংগুৰ অৱস্থিতি ধৰা পৰিছে৷ বৰ্তমান  ডিফু মেডিকেল কলেজত ১৩গৰাকী মহিলা আৰু ৯ গৰাকী পুৰুষ ভৰ্তি হৈ আছে৷ আইচিইউত আছে দুগৰাকী লোক৷ আনহাতে ডেংগুৰ এই ভয়াৱহ সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ৷ ৰাজ্যিক পৰ্যায়ৰ এটা বিশেষজ্ঞ দলে বিগত দুদিন ধৰি ডিফুত বাহৰ পাতি ডেংগুৰে মোকাবিলা কৰিবলৈ জিলাখনৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীক পৰামৰ্শ দিয়াৰ লগতে সকলো ব্যৱস্থা তদাৰক কৰি আছে৷ চহৰখনত ডেংগুৰ এই ভয়াৱহতাৰ সন্দৰ্ভত চিকিৎসক ডাঃ লংমিৰদান টেৰণে কয় যে, আগন্তুক ১৫টা দিন চহৰখনৰ বাবে সতৰ্ক হৈ থকাৰ সময়৷ এই সময়ছোৱাৰ ভিতৰত যাতে এই ৰোগে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন স্থানত ফগিঙৰ ব্যৱস্থা কৰি এই ম’হ মৰাৰ ব্যৱস্থা কৰাৰ লগতে ডিফুবাসীক চাফ-চিকুণতা বৰ্তাই ৰাখিবলৈ আহ্বান জনায়৷ চাফ-চিকুণতা বৰ্তাই ৰাখি এই ম’হৰ পাদুৰ্ভাৱৰ পৰা আঁতৰি থকাৰ একমাত্ৰ উপায় বুলিও চিকিৎসকগৰাকীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে৷