Logo
image

মহ খাবলৈ নৰ্দমাত এৰা হ’ল মাছ

পৌৰ নিগমৰ অভিলাষী আঁচনি
আমাৰ অসম, ৩ নৱেম্বৰ: গুৱাহাটীৰ পৌৰ নিগমে মহানগৰীৰ উন্নয়নত কি দূৰ সফল হৈছে, সেয়া প্ৰশ্ন বিষয় যদিও এইবাৰ গুৱাহাটীবাসীক মহৰ কামোৰণিৰ পৰা সকাহ দিয়া বাবে গ্ৰহণ কৰিছে এক ‘অভিলাষী’ আঁচনি৷ ডেংগু, মেলেৰিয়া আৰু জাপানিজ এনফেলাইটিছৰ হটস্পট হিচাপে চিনাক্ত মহানগৰীক মহ মুক্ত কৰাৰ বাবে এই বিশেষ আঁচনিখন গ্ৰহণ কৰিছে জিএমচিয়ে ৷ গুৱাহাটীৰ নলা-নদৰ্মাত মহৰ বংশবৃদ্ধি ৰোধ কৰি নাগৰিকক মহৰ কামোৰণি তথা সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত নলা-নৰ্দমাত মেলিছে দুবিধ বিশেষ প্ৰজাতিৰ  বিদেশী মাছ৷ বুধবাৰে জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়াই ৩১ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত পল্টন বজাৰৰ ৰে’লৱে কল’নিৰ নলাত গাম্বুছিয়া এফিনিছ আৰু গাপ্পী নামৰ দুবিধ মাছৰ পোনা মেলে৷ দুয়োবিধ বিশেষ প্ৰজাতি মাছৰ প্ৰায় ৫০০ পোনা মেলা হয় নলা-নৰ্দমাত৷ স্বাস্থ্য বিভাগে যোগান ধৰা গাম্বুছিয়া এফিনিছ নামৰ মাছবিধ মূলত ইৰাণত পোৱা যায় যদিও থলুৱাভাৱে মাছ বিধৰ পোনা উৎপাদন কৰা হৈছে৷ অৱশ্যে ইয়াৰ বিপৰীতে গাপ্পী নামৰ মাছবিধ ইয়াৰ পূৰ্বে মৰিগাঁও আৰু বঙাইগাঁও চহৰৰ নলা-নদৰ্মাত মেলাৰ ব্যৱস্থা কৰিছিল৷ গাপ্পী মাছবিধ জাপানিজ একেফেলাইটিছ ৰোগৰ বাহক মহৰ বংশবৃদ্ধি প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি কোৱা হৈছে৷ ৰাজকোষৰ ধন ব্যয় কৰি গুৱাহাটীৰ নলা-নদৰ্মাত বিশেষ মাছ দুবিধৰ পোনা মেলা হৈছে যদিও এই দুয়োবিধ বিদেশী মাছ জীয়াই থকাৰ বাবে কদৰ্যময় গুৱাহাটীৰ নলা-নদৰ্মাসমূহ কিমান উপযোগী তাক লৈ প্ৰশ্ন উঠিছে৷ কিয়নো বৰ্তমান বোকা আৱৰ্জনা পোত গৈ থকা নলা-নদৰ্মাসমূহ চাফ-চিকুণৰ কোনো ব্যৱস্থা কৰা নাই জিএমচি কতৃৰ্পক্ষই৷ কদৰ্যময় মহানগৰীৰ একাংশ নলা-নদৰ্মা বিষাক্ত হৈ পৰাত সাপ-ভেকুলী আদিৰ বাবেও বসবাসৰ উপযোগী হৈ থকা নাই৷ তেনেস্থলত মহৰ বংশ বৃদ্ধি ৰোধ কৰা মাছ দুবিধ গুৱাহাটীৰ নলাত কেনেকৈ জীয়াই থাকিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে৷ ইয়াৰ পূৰ্বে জি এম চিয়ে মহানগৰীৰ নলা-নদৰ্মাত মহৰ বংশবৃদ্ধি নিঃশেষ কৰাৰ বাবে উক্ত মাছ দুবিধ মেলাৰ ব্যৱস্থা কৰিছিল যদিও সেই মাছসমূহ বৰ্তমান জীয়াই আছে নে নাই আৰু মহৰ প্ৰকোপ ৰোধ কৰাত সফল হৈছে নাই তাৰ সমীক্ষা চলাইছিল নেকি বুলিও বিভিন্নজনে প্ৰশ্ন কৰা দেখা গৈছে৷ অৱশ্যে গুৱাহাটী পৌৰ নিগমে পৰ্যায় ক্ৰমে মহানগৰীৰ ৬০টা ৱাৰ্ডতে গাম্বুছিয়া আৰু গাপ্পী মাছৰ পোনা মেলিব বুলি জানিবলৈ দি বিশেষ মাছ দুবিধে এদিনতে তিনিশ মহৰ কণী খাব পাৰে বুলিও প্ৰকাশ কৰিছে৷