Logo
image

অস্ত্ৰোপচাৰৰ বাবে সাজু কৰা হৈছে অখিলক

আমাৰ অসম, ৩ নৱেম্বৰ: অস্ত্ৰোপচাৰৰ বাবে সাজু কৰা হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক৷ বুধবাৰে তেওঁক বেংগালুৰৰ নাৰায়ণ হেল্‌থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ ভৰ্তি কৰাৰ পাছতে তেওঁৰ স্বাস্থ্যৰ কেইবাটাও পৰীক্ষা সম্পন্ন কৰা হৈছে৷ কাইলৈ তেওঁৰ আৰু কেইটামান পৰীক্ষা কৰা হ’ব৷ শুকুৰবাৰে পুৱাৰ ভাগত তেওঁৰ অস্ত্ৰোপচাৰ কৰাৰ সম্ভাৱনা আছে৷ হৃদযন্ত্ৰৰ ছুপ্ৰা ভেণ্টিকুলাৰ টেকিকাৰ্ডিয়া ৰোগত ভোগা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক জিএমচিএইচৰ চিকিৎসকে জৰুৰী অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়াত মঙলবাৰে গুৱাহাটীৰ পৰা বিমানেৰে বেংগালুৰুলৈ লৈ যোৱা হয়৷ হৃদৰোগত আক্ৰান্ত কৃষক নেতাজনৰ অস্ত্ৰোপচাৰ তথা চিকিৎসাৰ বাবে আৰ্থিক সংকটত ভোগাত বিভিন্ন পক্ষৰ পৰা সহায়-সহযোগিতাত বেংগালুৰুলৈ যাত্ৰা কৰা বুলি দলীয় নেতৃত্বই জানিবলৈ দিছে৷ উল্লেখ্য, ‘কা’বিৰোধী আন্দোলনৰ সময়ত জে’লত থকাৰ পাছৰে পৰাই হৃদৰোগত  আক্ৰান্ত হৈছিল অখিল গগৈ৷ শেহতীয়াকৈ ২৬ অক্টোবৰত দিল্লী ভ্ৰমণলৈ যাওতে হঠাতে অসুস্থ হৈ পৰিছিল বিধায়ক গগৈ৷ দিল্লীত চিকিৎসাৰ অন্তত কিছু সুস্থ হৈ গুৱাহাটীলৈ ঘূৰি অহাৰ পাছত জিএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰাত ছুপ্ৰা ভেণ্টিকুলাৰ টেকিকাৰ্ডিয়া ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়৷ এই ৰোগত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱাত আৰু অসমত উক্ত সূক্ষ্ম অস্ত্ৰোপচাৰৰ সুবিধা নথকাত চিকিৎসকে বহিঃৰাজ্যৰ উন্নত চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে৷ সেই অনুসৰি অখিল গগৈক বেংগালুৰুৰ নাৰায়ণা হেল্‌থ হাস্পতালত ভৰ্তি কৰোৱা হয়৷ ইতিমধ্যে বিধায়ক অখিল গগৈৰ আশুআৰোগ্য কামনা কৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লোকে প্ৰাৰ্থনা জনায়৷ ছ’চিয়েল মিডিয়া যোগেও সহস্ৰজনে বিধায়কজনৰ আশুআৰোগ্য কামনা কৰিছে৷