Logo
image

প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ ঘৰত বিদ্যুৎ-পানী নিষিদ্ধ

আমাৰ অসম, ৩ নৱেম্বৰ: চৰকাৰৰ নিৰ্দেশ নমনাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিধায়ক আৱাসৰ চৰকাৰী বাসভৱনৰ বিদ্যুৎ আৰু পানীৰ সংযোগ কৰ্তন কৰি দিয়া হ’ল৷ একালৰ প্ৰতাপী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বিগত ৬ মাহ ধৰি বিধায়ক আৱাসৰ নিৰ্দিষ্ট আৱসগৃহটো খালী কৰিবলৈ ৫-৬ বাৰ জাননী প্ৰেৰণ কৰাৰ পাছতো কোনো গুৰুত্ব নিদিয়াত বুধবাৰে অসম বিধানসভা কতৃৰ্পক্ষই বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়ে৷ ইয়াৰ লগে লগে কৰ্তন কৰে পানীৰ সংযোগো৷ দিছপুৰৰ বিধায়ক আৱাসৰ নতুনকৈ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নামত আৱণ্টিত ৫৪ নম্বৰৰ আৱাসগৃহটো খালী কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষৰ অনুমতি সাপেক্ষে কতৃৰ্পক্ষই পত্ৰ প্ৰেৰণ কৰিছিল৷ ইয়াৰ বিপৰীতে প্ৰফুল্ল মহন্তক বিধায়ক আৱাসৰে ৫ আৰু ৬ নম্বৰ বাসগৃহ দুটা অনুমোদন জনাইছিল৷ প্ৰফুল্ল মহন্তক আৱাসগৃহটো খালী কৰাৰ বাবে বিগত সময়ছোৱাত ৫-৬ বাৰকৈ জাননী জাৰি কৰি আহিছিল যদিও প্ৰতিবাৰেই বিভিন্ন অজুহাতেৰে বাসগৃহটো খালী কৰা নাছিল৷ ইয়াৰ পূৰ্বেও এবাৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাত পিতৃৰ মৃত্যুৰ দোহাই দি ঘৰ খালী কৰাৰ বাবে সময় লৈছিল৷ কিন্তু ইয়াৰ পাছতো ঘৰ খালী নকৰাত বিগত ২৯ অক্টোবৰত বিধানসভাৰ প্ৰধান সচিবে ৩ দিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে অন্তিম নিৰ্দেশ দিয়ে৷ এই সময়সীমা উকলি যোৱাত বুধবাৰে কতৃৰ্পক্ষই বিদ্যুত আৰু খোৱা পানীৰ সংযোগ কৰ্তন কৰি দিয়ে৷ কতৃৰ্পক্ষৰ এই কঠোৰ স্থিতিৰ পৰিপ্ৰেক্ষিতত ৩৭ বছৰীয়া স্মৃতি ত্যাগ কৰি ৫৪ নম্বৰ বিধায়ক কুটীৰ ত্যাগ কৰাৰ সিদ্ধান্ত লয় প্ৰফুল্ল মহন্ত আৰু তেওঁৰ পৰিয়ালে৷ অৱশ্যে স্মৃতি বিজড়িত বাসগৃহটো খালী কৰিবলগীয়া হোৱাত নষ্টালজিক হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত আৰু তেওঁৰ পত্নী জয়শ্ৰী মহন্তও৷ বুধবাৰে বিধানসভা কতৃৰ্পক্ষই বাসগৃহটোৰ বিদ্যুৎ আৰু পানীৰ সংযোগ কৰ্তন কৰে যদিও প্ৰফুল্ল মহন্তৰ পত্নী জয়শ্ৰী মহন্তই সাংবাদিকৰ আগত ৪ দিন পূৰ্বেই বাসগৃহটো খালী কৰিছিল বুলি দাবী কৰে৷ অসম আৰ্হিৰ বাসগৃহটো খালী কৰাৰ পাছতেই কতৃৰ্পক্ষই অচিৰেই উক্ত স্থানত বুলডজাৰ চলাই নতুন আৱাসগৃহ নিৰ্মাণ কৰিব৷