Logo
image

ধনশিৰিৰ পাৰে পাৰে কংগনা

পৰৱৰ্তী ছবি ‘ইমাৰজেন্সী’ৰ লোকেচন বিচাৰি ধনশিৰিৰ পাৰে পাৰে কংগনা
আমাৰ অসম, ৩ নৱেম্বৰ: বলীউডৰ মোহময়ী তথা বৰ্তমান ৰাজনৈতিক পথাৰত বহুচৰ্চিত ভাৰতীয় জনতা দলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ লগতে হিমাচল প্ৰদেশৰ মণ্ডি সমষ্টিৰ পৰা সাংসদ হিচাপে প্ৰতিনিধিত্বৰ ইচ্ছা কৰা অভিনেত্ৰী কংগনা ৰাণাৱটে মঙলবাৰৰ পৰা কাজিৰঙাত বাহৰ পাতি ধনশিৰিৰ পাৰে হিন্দী বোলছবিৰ চিত্ৰগ্ৰহণৰ লোকেচনৰ লগতে কাৰ্বি পাহাৰৰ অৰণ্যত ভ্ৰমি ফুৰিছে৷ জানিব পৰা মতে, ১৯৭৫-৭৭ চনৰ জৰুৰীকালীন পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে বহু চৰ্চা লাভ কৰা ইমাৰজেন্সী নামৰ এখন বোলছবিৰ দৃশ্যগ্ৰহণৰ লোকেচন নিৰ্বাচন কৰিবলৈ মঙলবাৰে নিশা অভিনেত্ৰীগৰাকী ৪০ জনীয়া এক বৃহৎ দলৰ সৈতে কাজিৰঙাত উপস্থিত হৈছে৷ কাজিৰঙা দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ গাতে লগা হংফুৰ নামৰ ব্যক্তিগত পৰ্যটন নিৱাসৰ ১১টা কোঠা সংৰক্ষণ কৰি কংগনা ৰাণাৱটৰ সৈতে দলটো কটকটীয়া নিৰাপত্তা আৱেষ্টনিৰ মাজত ৰাত্ৰি যাপন কৰি আজি কাজিৰঙাৰ কাষৰীয়া আমতেঙা আৰু কাৰ্বি আংলং জিলাৰ ডলামৰাত উপস্থিত হৈ উক্ত নিৰ্মাণ কৰিবলগীয়া বোলছবিখনৰ দৃশ্যগ্ৰহণৰ লোকেচন নিৰ্বাচন কৰি আছে৷ জানিব পৰা মতে, নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰে অভিনেত্ৰী কংগনা ৰাণাৱটে শ্বুটিঙৰ দলটোৰ সৈতে এক দীঘলীয়া কনভয় লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ধনশিৰি নৈৰ মথাউৰি যোগলআটি আৰু কাজিৰঙাৰ গাতে লাগি থকা কাৰ্বি আংলং জিলাৰ ডলামৰাত উপস্থিত হয়৷ ধনশিৰিৰ পাৰে পাৰে তেওঁৰ নিৰ্মাণ কৰিবলগীয়া ইমাৰজেন্সী বোলছবিৰ দৃশ্যপট বিচাৰি নদীখনৰ মথাউৰিৰ কেইবা ঠাইত পৰিদৰ্শন কৰে৷  উল্লেখ্য, এসময়ত কাৰ্বি আংলঙত পাহাৰীয়া উগ্ৰপন্থীয়ে ধাৰাষাৰ গুলীবৰ্ষণ কৰি বহুলোকক হত্যা কৰাৰ লগতে ধন দাবী কৰি আতংকৰ পৰিৱেশ সৃষ্টি কৰা ডলামৰাত এতিয়া বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে পাহাৰৰ অৰণ্যৰ মাজে মাজে বিচাৰি ফুৰিছে নিজৰ মন পছন্দৰ লোকেচন৷ আজি কাৰ্বি আংলঙৰ ডলামৰাৰ অতি ভিতৰুৱা চাৰবুঢ়া ইতি গাঁৱত কংগনা উপস্থিত হৈ সেউজ পাহাৰৰ প্ৰাকৃতিক দৃশ্য চাই নিজৰ বোলছবিখনৰ দৃশ্যগ্ৰহণৰ কাৰণে প্ৰাথমিক ধাৰণা লাভ কৰে৷ উল্লেখ্য, অভিনেত্ৰী কংগনাই ইমাৰজেন্সি ছবিখনত জীৱন্ত ৰূপ দিয়াৰ উদ্দেশ্যে কাজিৰঙা তথা কাৰ্বি আংলঙত ১৯৭৫ চনত নিৰ্মাণ কৰা পুৰণি গৃহ বিচাৰি ফুৰিছে বুলিও জানিব পৰা গৈছে৷ ১৯৭৫-৭৭ চনত জৰুৰীকালীন অৱস্থাৰ সময়ত দেশৰ পৰিস্থিতি কি হৈছিল, জনসাধাৰণে কেনেকৈ জীৱন অতিবাহিত কৰিছিল, ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ হ’বলগা এই বোলছবিখনক জীৱন্ত ৰূপ দি দৰ্শকৰ মাজত প্ৰকৃত প্ৰতিচ্ছবি দাঙি ধৰাৰ প্ৰয়াসত কাজিৰঙা আৰু কাৰ্বি আংলঙৰ অৰণ্যৰ মাজে মাজে নিজৰ মন পছন্দৰ লোকেচন বিচাৰি অনাই-বনাই পাহাৰে-ভৈয়ামে বলীউডৰ অভিনেত্ৰীগৰাকী বিচৰণ কৰি ফুৰিছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে বলীউডৰ অভিনেতা আয়ুসমান খোৰানাই অনেক নামৰ হিন্দী বোলছবিখনৰ চিত্ৰগ্ৰহণ কৰিছিল কাৰ্বি আংলঙৰ ডলামৰাকে ধৰি পাহাৰীয়া জিলাখনৰ বিভিন্ন ঠাইত৷ ফলত তেতিয়াৰ পৰাই পাহাৰীয়া জিলাখনৰ ডলামৰা জনপ্ৰিয় হৈ পৰিছিল৷ ইফালে আজি অভিনেত্ৰী কংগনা ৰাণাৱটে বোকাখাতৰ যোগলআটি আৰু আমটেঙা বজাৰ পৰিদৰ্শন কৰে৷ আমটেঙা বজাৰৰ পৰিৱেশ দেখি নিৰ্মাণ কৰিবলগা বোলছবিখনৰ দৃশ্যপটৰ সৈতে জড়িত কৰাৰ প্ৰয়াস কৰে৷ অভিনেত্ৰী কংগনা কাজিৰঙাত পাঁচদিন বাহৰ পাতি থাকি কাজিৰঙা আৰু কাৰ্বি আংলং জিলাৰ আৰু শ্বুটিং স্পট পৰিদৰ্শন কৰাৰ কথা আছে বুলি জানিব পৰা গৈছে৷ অন্যহাতে, বলীউডৰ অভিনেত্ৰীক নিচেই কাষৰ পৰা এবাৰ চাবলৈ শিল্পী-অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হয়৷