Logo
image

অৱশেষত গুজৰাটত দুটা পৰ্যায়ত নিৰ্বাচন ঘোষণা

নতুন দিল্লী,৪ নৱেম্বৰ : অহা ১ ডিচেম্বৰৰ পৰা গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুুষ্ঠিত হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্য গুজৰাটৰ ১৮২ খন আসনযুক্ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব দুটা পৰ্যায়ত৷ বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে ৷ সেই অনুসৰি ৰ ডিচেম্বৰত ৮৯ টা আৰু দ্বিতীয় পৰ্যায়ত ৫ ডিচেম্বৰত ৯৩ টা সমষ্টিৰ ভোটগ্ৰহণ হ’ব৷ ভোটগণনা হ’ব ৮ ডিচেম্বৰত৷ নিৰ্বাচন আয়োগৰ  এই ঘোষণাৰ লগে লগে গুজৰাটত নিৰ্বাচন আচৰণ বিধি বলবৎ হৈছে৷ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সদৰি কৰা মতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৯ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ১০ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ মনোনয়ন দাখিলৰ দিন ধাৰ্য কৰা হৈছে ৷ ইপিনে নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে এইবাৰ যুৱ ভোটকৰ্মীসকলৰ দ্বাৰা পৰিচালিত বুথৰ ব্যৱস্থা কৰিছে৷ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে জনোৱামতে গুজৰাটৰ বিধানসভা নিৰ্বাচনত এনেধৰণৰ ৩৩ টা ভোট কেন্দ্ৰ থাকিব৷ এই কেন্দ্ৰসমূহত যুৱ প্ৰজন্মৰ ভোটাৰ সকলে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব৷ উল্লেখ্য যে চূড়ান্ত তালিকা অনুসৰি গুজৰাটৰ মুঠ ভোটাৰৰ সংখ্যা ৪,৯০,৮৯,৭৬৫৷ ইয়াৰে ৯.৮ লাখ প্ৰধান ভোটাৰ৷ আনহাতে ৪.৬১ লাখ ভোটাৰ নতুন৷ ইয়াৰ মাজত থকা ৩ লাখ ২৪ হাজাৰ যুৱ প্ৰজন্মৰ ভোটাৰে এইবাৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব৷ স্মৰ্তব্য যে ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে আয়োগে হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল ৷ ইয়াৰ বাবে আয়োজন কৰা সংবাদ মেলখনত একেদিনাই গুজৰাটৰ নিৰ্বাচনৰ দিনো ঘোষণা হ’ব পাৰে বুলি জল্পনা-কল্পনা চলিছিল৷ কিন্তু সেইদিনা আয়োগে গুজৰাটৰ নিৰ্বাচনৰ দিন ঘোষণা নকৰাত বিৰোধী দলসমূহে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে৷ এই সন্দৰ্ভত আজিৰ সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে স্পষ্ট কৰি দিয়ে যে হিমাচল প্ৰদেশৰ সৈতে গুজৰাটৰ নিৰ্বাচনৰ দিন ঘোষণা নকৰাৰ যথাযথ কাৰণ আছে৷ তেওঁ কয়–দুয়োখন ৰাজ্যৰ বিধানসভাৰ ম্যাদ শেষ হোৱাৰ মাজত ৪০ দিনৰ ব্যৱধান আছে৷ নিয়ম অনুসৰি ৩০ দিনৰ ব্যৱধান থাকিব লাগে যাতে এখন ৰাজ্যৰ নিৰ্বাচনৰ প্ৰভাৱ আনখন ৰাজ্যত নপৰে৷ অহা ১৮ ফেব্ৰুৱাৰীত গুজৰাট বিধানসভাৰ ম্যাদ শেষ হ’ব৷ আনহাতে হিমাচল প্ৰদেশৰ বিধানসভাৰ ম্যাদ শেষ হ’ব ৮ জানুৱাৰীত৷ নিৰ্বাচনী আচৰণ বিধি ৭০ দিনৰ সলনি ৫৭ দিনৰ পূৰ্বৰ পৰা আৰম্ভ হ’ব৷ হিমাচল প্ৰদেশৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১২ নৱেম্বৰত৷ ফলাফল প্ৰকাশ হ’ব ৮ ডিচেম্বৰত৷ ইপিনে হিমাচল আৰু গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ মাজত ৰখা ব্যৱধানক লৈও প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলসমূহে৷ বিৰোধীৰ অভিযোগ–২০১৭ চনৰ দৰেই এইবাৰো হিমাচল আৰু গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ পৃথক দিন ঘোষণা কৰা হ’ল৷ সেইবাৰ হিমাচলৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ৯ নৱেম্বৰত৷ আনহাতে গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৯ ডিচেম্বৰ আৰু ১৪ ডিচেম্বৰত৷ বিৰোধী দলসমূহৰ মতে, গুজৰাটৰ নিৰ্বাচনৰ পূৰ্বে যাতে বিজেপিয়ে একাধিক আঁচনি ঘোষণা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আয়োগে গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা নাছিল৷