Logo
image

সুৰাপান কৰিলেই আৰক্ষীক বিদায়! ডিজিপিৰ হুংকাৰ

‘আমাৰ অসম’,৪ নৱেম্বৰ : ‘অসম আৰক্ষীৰ কামত হেলা কৰা শুকান খৰিবোৰ উলিয়াই পেলোৱা হ’ব৷ মদাহী, অভব্য ব্যৱহাৰ কৰা পুলিচক বিদায় দিয়া হ’ব৷’– এই হুংকাৰ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ৷ বুধবাৰে মাজনিশা পৰ্যন্ত মুখ্যমন্ত্ৰী  ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পাছতে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে কয়– অসম পুলিচৰ কাম ভাল হ’বই লাগিব৷ সলনি হ’ব লাগিব আৰক্ষীৰ আচাৰ ব্যৱহাৰ৷ সাধাৰণ লোকক বিনা কাৰণত আৰক্ষীয়ে থানালৈ মাতি হাৰাশাস্তি কৰিব নোৱাৰিব৷ সন্মিলনত আৰক্ষীৰ সংস্কাৰ, সমন্বয় আৰু আন্তঃগাঁথনিৰ সন্দৰ্ভত আলোচনা হয়৷ তিনি বছৰৰ কম শাস্তিৰ প্ৰায় ৰ লাখ গোচৰ থানাসমূহৰ পৰা প্ৰত্যাহাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হয়৷ ইয়াৰোপৰি ১০০ আৰক্ষীৰ আবাস নিৰ্মাণ, নতুনকৈ ২০টা পুলিচ ৰিজাৰ্ভ নিৰ্মাণ কৰাৰ সন্দৰ্ভতো আলোচনা হয়৷’ উল্লেখ্য, বুধবাৰৰ বিয়লিৰ পৰা মাজনিশা পৰ্যন্ত চলা আৰক্ষী অধীক্ষকৰ সন্মিলনত পিএফআইৰ গতিবিধি আন অপৰাধ অনুসন্ধানত কাৰিকৰী দিশৰ প্ৰয়োগ, আৰক্ষী আৰু জনসাধাৰণৰ মাজত যোগসূত্ৰ স্থাপন,  সংগঠিত অপৰাধ নিয়ন্ত্ৰণ, দোষীক তাৎক্ষণিকভাৱে শাস্তি প্ৰদান, আৰক্ষী আৰু ৰাইজৰ মাজত ভূল বুজাবুজি বিষয়সমূহ দূৰ কৰা আদি বিষয়সমূহে স্থান পায় বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত সদৰি কৰে৷ ইফালে,  জানিব পৰা মতে বৈঠকত মুখ্যমন্ত্ৰীয়ে শোণিতপুৰৰ আৰক্ষী অধীক্ষক তথা তেওঁৰ  ভ্ৰাতৃ সুশান্তবিশ্ব শৰ্মাৰ লগতে তিনিচুকীয়া, বৰপেটাৰ আৰক্ষী অধীক্ষককো ধমক দিয়াৰ লগতে জবাবদিহি কৰে৷ ধূলাত এগৰাকী যুৱতীৰ হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে নিজ ভাতৃ সুশান্তবিশ্ব শৰ্মাক জবাবদিহি কৰে৷ বিশেষকৈ ঘটনাস্থলীত আৰক্ষী অধীক্ষকগৰাকী আজিকোপতি উপস্থিত নোহোৱাত খঙত তিঙিৰিতুলা হৈ পৰে মুখ্যমন্ত্ৰী শৰ্মা৷ ইফালে, হিন্দুস্তান লিভাৰ কোম্পানীক ডুমডুমা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে দাবী-ধমকি দিয়াৰ সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপক জবাবদিহি কৰে মুখ্যমন্ত্ৰীয়ে৷ বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য অনুষ্ঠানত ৰাজ্যিক মৰ্যাদাৰ গুলী নুফুটাৰ সন্দৰ্ভত বৰপেটাৰ আৰক্ষী অধীক্ষকক জবাবদিহি কৰে মুখ্যমন্ত্ৰীয়ে৷ একেদৰে বহু অনিয়মৰ অভিযোগ উঠা কোকৰাঝাৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক প্ৰতীক ডুবেকো জবাবদিহি কৰে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য যে ছমাহৰ পাছত বঙাইগাঁৱত পুনৰ অনুষ্ঠিত হ’ব আৰক্ষী অধীক্ষকৰ সন্মিলন৷