
ভয়াৱহ প্ৰদূষণৰ গ্ৰাসত ৰাজধানী : বিদ্যালয় বন্ধ ৰখাৰ ঘোষণা
ডিজিটেল ডেস্ক, আমাৰ অসম : ভয়াৱহ প্ৰদূষণৰ গ্ৰাসত ৰাজধানী দিল্লী৷ দীপাৱলীৰ পিছৰে পৰা ৰাজধানীত ভয়াৱহভাৱে বায়ু প্ৰদূষণ বৃদ্ধি পাইছে ৷ দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কয় যে দিল্লী চৰকাৰে প্ৰদূষণ বিৰোধী পদক্ষেপৰ ৰূপায়ণ নিৰীক্ষণৰ বাবে এখন সমিতি গঠন কৰিছে৷ লগতে তেওঁ কয় যে দিল্লীৰ চৰকাৰী কৰ্মচাৰীৰ ৫০ শতাংশই 'ৱৰ্ক ফৰ্ম হোম' কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰীসকলকো এই নিৰ্দেশ পালন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
বায়ু প্ৰদূষণ ৰোধৰ বাবে এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰাৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে৷ ইয়াৰ উপৰি দিল্লী চৰকাৰে প্ৰদূষণ-বিৰোধী নিষেধাজ্ঞাৰ কাৰ্যকৰীকৰণ নিৰীক্ষণ কৰিবলৈ ৬ জনীয়া পেনেল গঠন কৰাৰ সিদ্ধান্ত লৈছে। লগতে দেশৰ ৰাজধানীত বৰ্ধিত প্ৰদূষণৰ স্তৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিক পৰ্যায়ৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে এই কথা ঘোষণা কৰিছে।
এক সংবাদমেলযোগে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে উত্তৰ ভাৰতক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰই বিশেষ পদক্ষেপ ল'ব লাগিব৷ এইয়া ৰাজনীতিৰ সময় নহয়। কেজৰিৱালে লগতে কয় যে দিল্লীৰ বায়ুৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ মানুহে উশাহ লোৱাত সমস্যাৰ সন্মুখীন হৈছে। লগতে তেওঁ কয় যে দিল্লী, মানেচাৰ, ফৰিদাবাদত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইয়াৰ বাবে আম আদমী পাৰ্টি দায়বদ্ধ নহয়। এখন ৰাজ্যৰ বায়ু কেৱল সেই ৰাজ্যখনতে নাথাকে৷ ৰাজধানীৰ বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ ল'ব লাগিব।