Logo
image

অবাধে নিধন পৰিভ্ৰমী চৰাই, বোকাত পৰি মৃত্যু হাতী পোৱালিৰ

‘আমাৰ অসম’,৪ নৱেম্বৰ : শীতৰ আগমণৰ লগে লগে ৰাজ্যৰ বিল, জলাশয় সমূহলৈ আহে বহু দুষ্প্ৰাপ্য চৰাই৷ বহু দূৰ-দূৰণীৰ পৰা অহা এনে চৰাই কিন্তু আজি অসমত নিৰাপদ নহয়৷ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমণৰ লগে লগে সক্ৰিয় হৈ পৰে চৰাই নিধনৰ সৈতে জডিত দুষ্ট চক্ৰ৷  ৰাজ্যৰ বিভিন্ন ঠাইত এনে পৰিভ্ৰমী বা স্থানীয় দুষ্প্ৰাপ্য চৰাইৰ অবাধ নিধন আজিৰ তাৰিখত এটা নিয়মীয়া ঘটনাত পৰিণত হৈছে৷ অথচ বন বিভাগ এই ক্ষেত্ৰত সম্পূৰ্ণ নিৰ্বিচাৰ৷ বিয়াগোম বিষয়া-কৰ্মচাৰীৰে গিজগিজাই থকা বন বিভাগৰ কোনো লোকৰে যেন চকুত নপৰে এনে দুষ্কাৰ্য৷ যাৰ ফলত ৰাজ্যৰ বহু জলাশয় আৰু বিলত অভাবনীয়ভাৱে হ্ৰাস পাইছে পৰিভ্ৰমী চৰাইৰ আগমন৷ কেৱল চৰাইয়ে নহয়৷ শেহতীয়াভাৱে ৰাজ্যত যেন সুৰক্ষিত অন্য বন্য জীৱ-জন্তুও৷ বিভিন্ন প্ৰান্তত হাতী নিধন যেন এটা সাধাৰণ ঘটনাতহে পৰিণত হৈছে৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ দৈনিক হাতীৰ মৃত্যু এটা নিয়মিত ঘটনালৈ ৰূপান্তৰিত হৈছে৷ এনে পৰিস্থিতি ৰোধৰ ক্ষেত্ৰত বনবিভাগে গ্ৰহণ কৰা নাই কোনো ধৰণৰ ফলপ্ৰসু কাৰ্য ব্যৱস্থাৰ৷

বোকাত কেইবাঘণ্টা চটফটাই অৱশেষত মৃত্যুক সাৱটিলে হাতী পোৱালি

‘আমাৰ অসম’ৰ প্ৰতিবেদক,ৰংজুলি: ৰংজুলিৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাই শোকবিহ৩ল কৰি তুলিছে সকলোকে৷ ৰংজুলিৰ দুটাকৈ স্থানত এটা মাহৰ ভিতৰতে দুটাকৈ বনৰীয়া হাতীয়ে মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত দৰংগিৰিৰ ‘‘চেঁচাপানী বাইনপাৰাত’’ এটি দুমহীয়া হাতী পোৱালিয়ে বোকাত চটফটাই মৃত্যুক আকোঁৱালি লবলগীয়া হোৱা ঘটনাই মৰ্মাহত কৰি তুলিছে সকলোকে৷ উল্লেখ্য যে চেঁচাপানী অঞ্চলত প্ৰায় দহটা দিন ধৰি পঞ্চাশ- ষাঠি জনীয়া দুটাকৈ হাতীৰ জাকে বিচৰণ কৰি কৃষকৰ শস্য খাই তহিলং কৰি আহিছে৷ নিশা হলেই খেতিপথাৰত প্ৰৱেশ কৰি পথাৰৰ ধান খাই আহিছে হাতীৰ জাক দুটাই৷ তেনে সময়তে যোৱা নিশা জাকৰ মাজৰ এটা ফুলকুমলীয়া হাতী পোৱালিয়ে বোকাত আবদ্ধ হৈ পৰে৷ সন্দেহ প্ৰকাশ কৰা অনুসৰি পৰৱৰ্তী পৰ্যায়ত হাতীৰ পোৱালিটোক উদ্ধাৰৰ বাবে মাতৃয়ে আপ্ৰাণ চেষ্টা কৰিছিল যদিও সম্ভৱত উদ্ধাৰ কৰিব নোৱাৰি এৰি থৈ যায়৷ পৰৱৰ্তী সময়ত পুৱাৰ ভাগত স্থানীয় লোকে হাতীৰ পোৱালিটো মৰণকাতৰ ভাৱে বোকাত চটফটাই থকা প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে আৰু হাতী পোৱালিটোক পাৰৰ শুকান ঠাইলৈ উঠাই অনাৰ কিছু সময়ৰ পিছত অত্যন্ত দুৰ্বল হৈ পৰাৰ ফলত মৃত্যুক সাৱতি লয় হাতী পোৱালিটো৷ বন বিভাগৰ লোক উপস্থিত হৈ পশু চিকিৎসকৰ দ্বাৰা মৰনোত্তৰ পৰীক্ষা কৰি সেই স্থানতে পুটি থয় হাতী পোৱালিটোক৷ অৱশ্যে নিশাৰ ভাগত দুটাকৈ হাতীৰ জাকৰ মাজত যুঁজ হোৱাৰ ফলতে হাতী পোৱালিটো বোকাত আৱদ্ধ হৈ পৰাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে৷ হাতী পোৱালিটো মৃত্যু হোৱাৰ স্থানৰ কিছু নিলগতে পুনৰ পোৱালিটোৰ সন্ধান বিচাৰি হাতীৰ জাকটোৱে অৱস্থান কৰা বুলি জানিব পৰা গৈছে৷ ইয়াকে লৈ আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলৰ মাজত৷ এটা মাহৰ ভিতৰতে ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত দুটাকৈ স্থানত দুটাকৈ বন্যহস্তীয়ে মৃত্যুক আকোঁৱালি লবলগীয়া হৈছে৷ যোৱা জ্জ অক্টোবৰত ৰংজুলিৰ কাহিবাৰী-আল্লিবাৰী পথাৰত ধাননিৰ মাজত উদ্ধাৰ কৰা হয় এটা চ্ছ্ৰ-প্ত বছৰীয়া হাতী পোৱালিৰ মৃতদেহ৷ এটা মাহ নহওতেই পুনৰ আন এক হাতীৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছে ৰংজুলি অঞ্চলক৷ দীৰ্ঘদিনৰ পৰা অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে খেতিপথাৰ উছন হৈ পৰাৰ লগতে হাতী-মানুহৰ সংঘাত ৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে৷ 

দুষ্প্ৰাপ্য পক্ষী নিধনৰ ভাইৰেল দৃশ্যক লৈ ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়া

‘আমাৰ অসম’ৰ প্ৰতিবেদক ধেমাজি : সামাজিক মাধ্যমত দুষ্প্ৰাপ্য পক্ষী নিধনৰ ভয়ংকৰ দৃশ্যই প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিৰল প্ৰজাতিৰ দুটাকৈ পৰিভ্ৰমী পেলিকান পক্ষী নিধন কৰি দুই হাতে মৃত পক্ষী ওলোমাই পৈশাচিক আনন্দৰে ফটো তুলি সামাজিক মাধ্যমত ধেমাজিৰ এজন দুষ্কৃতিকাৰীয়ে আপলোড কৰাৰ পিছতেই ধেমাজিৰ চৌদিশে সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ৷ ধেমাজিত এই হৃদয় বিদাৰক কাণ্ড সংঘটিত হোৱা বুলি চচিয়েল মেডিয়াত ব্যাপক প্ৰতিক্ৰিয়া হোৱাৰ পাছতেই ধেমাজিৰ মৰিধল হাহঁচৰাৰ পিংকু শইকীয়া নামৰ যুৱকজন এই কাৰ্য  সংঘটিত কৰাৰ অভিযোগ তুলি অভিযুক্তক আটক কৰাৰ দাবী তোলে প্ৰকৃতিপ্ৰেমী দল-সংগঠন আৰু ৰাইজে৷ চচিয়েল মেডিয়াত ধেমাজিৰ মৰিধল হাহঁচৰাত এনে ভয়ংকৰ কাণ্ড হোৱা বুলি চৰ্চা চলি থকাৰ পিছত স্বাভাৱিকতে সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ হৃদয় বিদাৰক পক্ষী নিধনৰ দৃশ্য সামাজিক মাধ্যমত প্ৰত্যক্ষ কৰি নেচাৰ্চ বেকনৰ সদস্যই আৰক্ষী আৰু বন বিভাগক শীৰ্ঘে পক্ষী নিধন কৰা দুষ্কৃতিকাৰীজনক কৰায়ত্ত কৰাৰ দাবী জনায়৷ আৰক্ষী আৰু বন বিভাগৰ লগতে ৰাইজে যুৱকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ ফোন যোগে যোগাযোগ কৰাত যুৱকজন বিগত দুবছৰ ধৰি কেৰেলাত থকাতো নিশ্চিত হয়৷ ইফালে নেচাৰ্চ বেকনৰ সদস্যই বিষয়টো সম্পৰ্কত আৰক্ষীকে ধৰি বিভিন্ন মহলৰ লগত অনুসন্ধান কৰি দুই হাতে দুস্পাপ্য মৃত পক্ষী ওলোমাই বীৰত্ব প্ৰকাশ কৰা ধেমাজিৰ মৰিধলৰ পিংকু শইকীয়া নামৰ যুৱকজন যোৱা দুবছৰ ধেমাজিত নাই আৰু বৰ্তমান তেওঁ কেৰেলাত কৰ্মৰত বুলি নিশ্চিত হয়৷ তেওঁ আপলোড কৰা ফটোখন কেৰেলাৰ কোনো স্থানৰ বুলি সন্দেহ প্ৰকাশ কৰে৷ ইফালে ঘটনা যতেই নহওক কিয়, বিষয়টোৰ সঠিক অনুসন্ধান কৰি দুষ্কৃতিকাৰী যুৱকজনৰ ওপৰত আইনগত ব্যৱস্থা লবলৈ দাবী উত্থাপন কৰে প্ৰকৃতি সংগঠন নেচাৰ্চবেকনে৷ লগতে সকলোকে বন্যপ্ৰাণী নিধন কাৰ্যৰপৰা বিৰত থাকিবলৈ সঁকিয়াই দিয়ে৷ উল্লেখ্য যে, শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী পক্ষীসমূহ ৰাজ্যৰ বিল, জলাহভূমি সমূহলৈ আহে আৰু একাংশ লোকে সেইসমূহ বন্যপ্ৰাণীক নিধন কৰি ভক্ষণ কৰি আহিছে৷