ৰেগিঙৰ প্ৰকোপতেই প্ৰাণ হেৰুৱালে ফাইজানে
খড়গপুৰ আইআইটিক শ্ব’কজ, তদন্তৰ নিৰ্দেশ
আমাৰ অসম, ৪ নৱেম্বৰ: ৰেগিঙৰ বাবেই প্ৰাণ হেৰুৱালে অসমৰ ফাইজানে! আই আই টি খড়গপুৰত অধ্যয়নৰত অসমৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদ ৰেগিঙৰ ফলশ্ৰুতিতেই মৃত্যু মুখত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে কলকাতা উচ্ছ ন্যায়ালয়ে৷ আই আই টি খড়গপুৰত ৰেগিং চলে নেকি তাৰ তদন্তৰ পোষকতা কৰিছে কলকাতা উচ্ছ ন্যায়ালয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত বংগৰ উচ্ছ শিক্ষা প্ৰতিষ্ঠানখনত অসমৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত পশ্চিমবংগ আৰক্ষীক কেচ ডায়েৰী তলব কৰিছে কলকাতা উচ্ছ ন্যায়ালয়ে৷ বিগত ১৪ অক্টোবৰত আই আই টি খগড়পুৰৰ হোষ্টেল কোঠাত ৰহস্যজনকভাৱে ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল অসমৰ তিনিচুকীয়া জিলা নিবাসী তথা উচ্ছ শিক্ষা প্ৰতিষ্ঠানখনৰ বি টেকৰ মেকানিকেল ইঞ্জিনীয়াৰিঙৰ তৃতীয় বৰ্ষৰ ছাত্ৰ ফাইজানৰ নিথৰ মৃতদেহ৷ আই আই টি কতৃৰ্পক্ষই ফাইজান আহমেদৰ মৃত্যুক আত্মহত্যাৰ ঘটনা বুলি দাবী কৰিছে যদিও মেধাৱী ছাত্ৰজনৰ পৰিয়ালে এই ঘটনাক হত্যাকাণ্ড বুলিহে অভিযোগ কৰিছে৷ যাৰ বাবে শিক্ষানুষ্ঠানখনত পুত্ৰক হত্যা কৰাৰ অভিযোগ কৰি পিতৃ-মাতৃ ক্ৰমে চেলিম আহমেদ-ৰেহনা আহমেদ সমগ্ৰ ঘটনাৰ চি বি আই বা চি আই ডি নাইবা এছ আই টি গঠন কৰি তদন্তৰ আৰ্জিৰে কলকাতা উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হয়৷ বৃহস্পতিবাৰে কলকাতা উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজাশেখৰ মান্তাই ফাইজানৰ পিতৃ-মাতৃৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এসপ্তাহৰ ভিতৰত তদন্তকাৰী আৰক্ষীক গোচৰটোৰ কেচ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷ ন্যায়ালয়ে লগতে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলা আৰক্ষী অধীক্ষকক ফাইজানৰ মৃত্যুৰ ঘটনাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত তদন্তৰ নিৰ্দেশ দি তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদনসহ উক্ত বিষয়াজনক সো-শৰীৰে পৰৱৰ্তী শুনানিত আদালতত হাজিৰ হ’বলৈও নিৰ্দেশ দিয়ে৷ লগতে উচ্ছ ন্যায়ালয়ে তদন্তকাৰী আৰক্ষীক মৃত ছাত্ৰজনৰ ভিচেৰা পৰীক্ষা কৰিবলৈও কঠোৰ নিৰ্দেশ দিয়ে৷ ন্যায়ালয়ে ফাইজান আহমেদৰ মৃত্যুৰ ঘটনাত ৰেগিঙৰো সন্দেহ ব্যক্ত কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত আই আই টি খড়গপুৰত উচ্ছতম ন্যায়ালয়ৰ গাইডলাইন মতে এণ্টি ৰেগিং আন্তঃগাঁথনি আছে নে নাই, তাক তদন্ত কৰিবলৈও নিৰ্দেশনাটোত কোৱা হৈছে৷ ইয়াৰোপৰি মৃত ছাত্ৰজনৰ সৈতে ফোনত কথা পতা শেষৰজন ব্যক্তিৰ সন্ধান উলিয়াই জেৰা কৰিবলৈও আৰক্ষীক নিৰ্দেশ দিয়ে৷ তদন্তৰ স্বাৰ্থত প্ৰয়োজন হোৱা লোকৰ সাক্ষ্য গোপনে ৰখাৰো নিৰ্দেশ দিয়ে বিচাৰপীঠখনে৷ ন্যায়ালয়ে লগতে ১০ নৱেম্বৰত উক্ত গোচৰটো পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে৷ উল্লেখ্য, ফাইজান আহমেদৰ মৃত্যুৰ ঘটনাৰ পাছতেই বিগত ২০ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ লিখি মেধাৱী ছাত্ৰজনৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ আহ্বান জনাইছিল৷ আনকি পুত্ৰ হত্যাৰ ন্যায় বিচাৰি দুৰ্ভগীয়া পিতৃ-মাতৃয়ে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ পত্ৰও লিখিছে৷ লক্ষণীয়ভাৱে ফাইজান আহমেদৰ মৃত্যুৰ ঘটনাক লৈ আই আই টি কতৃৰ্পক্ষই উদাসীন ভূমিক গ্ৰহণ কৰাত ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদো সাব্যস্ত কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতে আই আই টি খড়গপুৰৰ ছাত্ৰ পৰিক্ৰমাৰ ডীন ধ্ৰুৱজ্যোতি সেনে পদত্যাগ কৰিবলৈও বাধ্য হৈছিল৷






