Logo
image

এইবাৰ লোকেচন বিচাৰি কাৰ্বি আংলং চলাথ কৰিছে কংগনাই

আমাৰ অসম, ৪ নৱেম্বৰ: নিজৰ চিনেমাৰ দৃশ্যগ্ৰহণৰ বাবে লোকেচন বিচাৰি কাৰ্বি আংলং চলাথ কৰিছে কংগনা ৰাণাৱতে৷ কাজিৰঙাত লোকেচন চোৱাৰ পাছত বলিউডৰ মোহময়ী আৰু বিৰ্তকিত অভিনেত্ৰী কংগনা ৰাণাৱত আজি দুপৰীয়া হঠাতে আহি ডিফুত উপস্থিত হয়৷ ডিফুৰ হাম্ফি হোটেলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কংগনা যায় শিলনীলৈ৷ অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ ক্ৰ’ৱে কংগনাক শিলনীৰ লগতে ডিফুৰ আন আন লোকেচন তেওঁৰ ‘ইমাৰজেন্সি’ নামৰ ছবিৰ বাবে দেখুৱায়৷ শিনলীৰ অপৰূপ সৌন্দৰ্যত আত্মবিভোৰ হৈ পৰে অভিনেত্ৰীগৰাকী৷ তেওঁ শিলেৰে আবৰা লংনিট নদীৰ চেঁচা পানী আৰু শিলৰ লগতে বহুসময় ওমলে৷ শিলে শিলে ভালেমান সময় খোজ কাঢ়ি প্ৰকৃতিৰ লগত একাত্ম হোৱাৰ চেষ্টা কৰে অভিনেত্ৰীগৰাকীয়ে৷ তেওঁৰ ছবিৰ লোকেচন চাই অভিভূত হৈ পৰে কংগনা৷ তেওঁ কয় যে কাৰ্বি আংলঙৰ প্ৰকৃতিয়ে তেওঁক মুগ্ধ কৰিছে৷ তাৰ পাছতে তেওঁ পুনৰ কাজিৰঙালৈ যায়৷ দুপৰীয়া কাৰ্বি পৰম্পৰাগত খাদ্যৰ লগতে আন আন খাদ্য সম্ভাৰৰো ব্যৱস্থা কৰা হৈছিল যদিও তেওঁ অলপহে খাদ্য গ্ৰহণ কৰে৷ এই সময়ছোৱাত তেওঁক বেৰি ৰখা চি আৰ পি এফৰ জোৱান আৰু অন্যান্যসকলে ফটো আৰু ভিডিঅ’ লোৱাত বাধা প্ৰদান কৰে৷ বলিউডৰ বদ মেজাজী শিল্পীগৰাকীয়ে কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত কেতিয়া ইমাৰজেন্সি ছবিৰ ছুটিং কৰে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই৷