Logo
image

গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ বাবে বুজাবুজিৰ চুক্তি

‘আমাৰ অসম’ ৫ নৱেম্বৰ: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ একাডেমীক ব্লকৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ উল্লেখ্য যে অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং  আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ প্ৰমোটৰ তথা প্ৰতিষ্ঠাপক ৰাধাকিষণ দামানীয়ে এই চুক্তিত স্বাক্ষৰ কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসমৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন৷ অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ মাজত স্বাক্ষৰিত এই বুজাবুজিৰ চুক্তিয়ে ৰাজ্যৰ চিকিৎসা শিক্ষাৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিলে৷ অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ দিশত ব্যক্তিগত খণ্ডৰ সৈতে সহযোগিতাৰে পদক্ষেপ ল’বলৈ আগবাঢ়িছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ প্ৰমোটৰ তথা প্ৰতিষ্ঠাপক ৰাধাকিষণ দামানীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে দামানীয়ে তেখেতৰ কোম্পানীৰ জৰিয়তে শিক্ষা, স্বাস্থ্য, গৱেষণা, মহিলা সবলীকৰণ, জল সংৰক্ষণ, দক্ষতা বিকাশ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে৷ ক’ভিড মহামাৰীৰ সময়ত পি এম কেয়াৰছ আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সাহায্য আগবঢ়োৱাৰ কথাও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে৷ ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডে সামাজিক দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰি অসমত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষত বিভিন্ন শিক্ষানুষ্ঠান স্থাপন আৰু চিকিৎসালয়সমূহক সহায়-সহযোগিতা আগবঢ়োৱাৰ দিশত এই প্ৰতিষ্ঠানৰ এক বৰ্ণাঢ্য ইতিহাস আছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰত অধিক সুযোগ প্ৰদান কৰাৰ বাবে কৰ্প’ৰেট খণ্ডসমূহলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ৩ানৰ প্ৰতি সঁহাৰি জনাই ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডে অসমক প্ৰথমখন ৰাজ্য হিচাপে বাচি লৈ তেওঁলোকে সহযোগিতা আৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰায় ৬ দশক পূৰ্বে ১৯৬০ চনত ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গুৱাহাটীত প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল৷ তেতিয়াৰ তুলনাত বৰ্তমান ৰাজ্যখনত জনসংখ্যা বহুগুণে বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে৷ নিতৌ বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি বিবেচনা কৰি চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি চিকিৎসা শিক্ষা আৰু উন্নত স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধিৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰখনৰ কেন্দ্ৰবিন্দু হিচাপে গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰয়োজন আছিল দীৰ্ঘদিনীয়া৷ এই প্ৰয়োজনীয়তা পূৰণৰ বাবে এক বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰে গুৱাহাটীৰ কালাপাহাৰ আৰু এম এম চিত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম হাতত লৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক ব্লকৰ লগতে স্নাতক শ্ৰেণী আৰু ইণ্টাৰ্ণ হোষ্টেলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডে কোম্পানীৰ সামাজিক দায়বদ্ধতা পুঁজি হিচাপে ১৫০ কোটি টকাৰ অৱদান আগবঢ়াইছে৷ তেওঁ লগতে কয় যে গুৱাহাটীৰ এই চিকিৎসা মহাবিদ্যালয়খনৰ স্থাপনৰ কাম আগুৱাই নিয়াৰ পদক্ষেপ হিচাপে অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ মাজত এই বুজাবুজিৰ চুক্তি ৰূপায়ণ কৰা হৈছে৷ এই সহযোগিতাই চিকিৎসা মহাবিদ্যালয়খন স্থাপন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ চিকিৎসা বিজ্ঞান অধ্যয়নৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত বাৰুকৈয়ে সহায় কৰিব বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিখন জিলাত এখনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ লক্ষ্যৰে কাম কৰি আছে৷ বৰ্তমানৰ ৯ খন চিকিৎসা মহাবিদ্যালয়ৰ উপৰি ১৫ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে পদক্ষেপ লোৱা হৈছে৷ নতুন ১৫ খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ৭ খন চিকিৎসা মহাবিদ্যালয় ক্ৰমে নলবাৰী, নগাঁও, কোকৰাঝাৰ, তিনিচুকীয়া, চৰাইদেউ, বিশ্বনাথ চাৰিআলি আৰু গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম কৰি থকা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অহা ডিচেম্বৰ মাহৰ পৰা গোলাঘাট, বঙাইগাঁও, মৰিগাঁও, তামুলপুৰ আৰু ধেমাজিত নতুন ৫ খন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ’ব৷ প্ৰস্তাৱিত আন চিকিৎসা মহাবিদ্যালয়সমূহৰ কামো অতি শীঘ্ৰে আৰম্ভ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা ৫ বছৰৰ ভিতৰত অসমত সৰ্বমুঠ ২৪ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ লক্ষ্যৰে কাম কৰি আহিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ২০১৪ চনত এম বি বি এছৰ আসনৰ সংখ্যা ৭২৬ খন থকাৰ বিপৰীতে ২০২২ চনত ১২০০ খনলৈ বৃদ্ধি পাইছে৷ ২০১৪ চনলৈকে অসমত মুঠ স্নাতকোত্তৰ শ্ৰেণীৰ আসনৰ সংখ্যা আছিল ৩৯৫৷ ২০২২ চনত পি জি আসনৰ সংখ্যা বৃদ্ধি হৈ ৭১১ খন হৈছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান ৪৪ খন ছুপাৰ স্পেচিয়েলিটি আসন উপলব্ধ আছে৷ ২০২৪ চনৰ ভিতৰত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ চিকিৎসা খণ্ডৰ সামগ্ৰিক বিকাশৰ প্ৰয়োজনীয়তা বিবেচনা কৰি প্ৰধানমন্ত্ৰীয়ে চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত চৰকাৰী খণ্ডৰ সৈতে সহযোগিতা আগবঢ়াবলৈ কৰ্প’ৰেট খণ্ডসমূহক আহ৩ান জনাইছে৷ ৰাজ্য চৰকাৰে স্বাস্থ্য আন্তঃগাঁথনি আৰু চিকিৎসা বিজ্ঞানৰ শৈক্ষিক সুযোগ বৃদ্ধি কৰাৰ উপৰি অত্যাধুনিক স্বাস্থ্য সেৱা প্ৰদানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ¸ প্ৰমোটৰ তথা প্ৰতিষ্ঠাপক ৰাধাকিষণ দামানী, দামানী ফাউণ্ডেচনৰ হেড ষ্ট্ৰাষ্টী মধু চন্দাইও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে নিৰ্মাণথলী পৰিদৰ্শন বিনিয়োগকাৰীৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ অসমত চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনি বিকশিত কৰাত ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়োৱা দেশৰ অগ্ৰণী বিনিয়োগকাৰী গোষ্ঠী ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ ৰাধাকৃষ্ণ ডামানীয়ে আজি ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণথলী পৰিদৰ্শন কৰে৷ বৃহস্পতিবাৰে আগবেলা দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ মাজত দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক আন্তঃগাঁথনি নিৰ্মাণত সহযোগিতা বিষয়ক এখন বুজাবুজি চুক্তি সম্পাদনৰ পাছতে স্বাস্থ্যমন্ত্ৰী মহন্তই দুপৰীয়া দেশৰ আগশাৰীৰ বিনিয়োগকাৰী গোষ্ঠীটোৰ অধ্যক্ষজনৰ সৈতে মহানগৰীৰ কালাপাহাৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক নিৰ্মাণকাৰ্যৰ আভাস লোৱাৰ লগতে নিৰ্মাণ প্ৰকল্পৰ সবিশেষ বুজ লয়৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে কলাপাহাৰৰ পুৰণি যক্ষ্মাৰোগ চিকিৎসালয়ৰ বিশাল ভূমিত স্থাপন কৰিবলৈ লোৱা গুৱাহাটীৰ এই দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক ভৱনৰ লগতে শিক্ষাৰ্থী আৱাসসহ চিকিৎসা মহাবিদ্যালয়খনৰ মূল চৌহদটোৰ নিৰ্মাণকাৰ্যৰ ইতিমধ্যে আৰম্ভণি কৰা হৈছে৷ এই পৰিদৰ্শনৰ সময়ত স্বাস্থ্যমন্ত্ৰী আৰু শীৰ্ষ বিনিয়োগকাৰীজনৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ অতিৰিক্ত সচিব মানস নাথ আৰু মুম্বাইৰ ডামানী ফাউণ্ডেছনৰ মুখ্য ন্যাসৰক্ষী তথা ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ অন্যতম সঞ্চালক মধু চন্দাকো৷ কালাপাহাৰত চিকিৎসা মহাবিদ্যালয়খনৰ মূল চৌহদ প্ৰত্যক্ষ কৰাৰ পাছতে স্বাস্থ্যমন্ত্ৰী মহন্ত আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ মুৰব্বীজনে পানবজাৰৰ পুৰণি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় চৌহদত উপস্থিত হৈ এই চিকিৎসা মহাবিদ্যালয়ৰে সংলগ্ন ১০০খন বিছনাযুক্ত চিকিৎসালয়ৰ নিৰ্মাণথলীও নিৰীক্ষণ কৰে৷ মহানগৰীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ অন্যতম অংশ এই চিকিৎসালয়ক ছুপাৰস্পেচিয়েলিটী সেৱাৰে সমৃদ্ধ চিকিৎসালয়ৰূপে নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে৷ ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ মুৰব্বী ডামানীয়ে কালাপাহাৰ আৰু পানবজাৰৰ পুৰণি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় চৌহদৰ দুয়োটা নিৰ্মাণথলীতে চিকিৎসা শিক্ষা সঞ্চালক আৰু চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এল এণ্ড টিৰ প্ৰকল্প তত্ত্বাৱধায়কৰ সৈতেও মত বিনিময় কৰে৷ উল্লেখ্য যে, ৰাজ্যত চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনি সবলীকৰণৰ বাবে অসম চৰকাৰে অব্যাহত ৰখা প্ৰয়াসলৈ মহত্ত্বপূৰ্ণ সহযোগিতাৰে ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডে দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক ভৱন আৰু শিক্ষাৰ্থী আৱাসসহ আন্তঃগাঁথনি বিকশিত কৰিবলৈ কৰ্পোৰেট সামাজিক দ্বায়বদ্ধতা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰলৈ ১৫০ কোটি টকাৰ পুঁজি আগবঢ়াইছে৷ ইফালে, স্বাস্থ্যমন্ত্ৰী মহন্তই সন্ধিয়া মহানগৰীৰ ভিৱান্তাত ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ মুৰব্বী ডামানী আৰু মুম্বাইৰ ডামানী ফাউণ্ডেছনৰ মুখ্য ন্যাসৰক্ষী মধু চন্দাকৰ সৈতে এখন চাহমেলতো মিলিত হয়৷ ৰাজ্যৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ধ্ৰৱজ্যোতি বৰা, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অতিৰিক্ত সচিব মানস নাথ, স্বাস্থ্য সেৱা সঞ্চালক [পৰিয়াল কল্যাণ] কমলজিৎ তালুকদাৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচু্যৎ বৈশ্য, জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ লগতে স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও ভাগ লোৱা এই চাহমেলত দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত শৈক্ষিক আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে শীৰ্ষ বিনিয়োগকাৰীজনৰে চৰ্চা কৰা হয়৷