Logo
image

নিৰ্বাচনৰ পূৰ্বে বিজেপি এৰিলে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰীয়ে

ডিজিটেল ডেস্ক : গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন৷ নিৰ্বাচনৰ পূৰ্বে  এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি। দল ত্যাগ কৰিলে প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী তথা প্ৰবীণ বিজেপি নেতা জয়নাৰায়ণ ব্যাসে৷ জয় নাৰায়ণ ব্যাসে বিজেপিৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছে। গুজৰাটত ১৮২ খন আসনৰ বাবে দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব।  ১ ডিচেম্বৰত আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। 

জয় নাৰায়ণ ব্যাসে দলত্যাগ কৰাৰ পিছত তেওঁ কংগ্ৰেছ নতুবা আপত যোগদান কৰিব বুলি চৰ্চা চলিছে৷ শেহতীয়াকৈ তেওঁ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক সাক্ষাৎ কৰাৰ পাছৰে পৰা তেওঁ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিব বুলি অনুমান কৰা হৈছিল। দীৰ্ঘদিন ধৰি বিজেপিত একাষৰীয়া কৰি ৰখা জয়নাৰায়ণ ব্যাসে এতিয়া কংগ্ৰেছ নে আম আদমী পাৰ্টিত যোগদান কৰিব সেয়া লক্ষণীয় হ'ব৷

গুজৰাটত বৰ্তমান মুঠ ৪ কোটি ৯০ লাখ ভোটাৰ আছে৷ যাৰ ভিতৰত ২ কোটি ৫৩ পুৰুষ ভোটাৰ, ২ কোটি ৩৭ লাখ মহিলা ভোটাৰ থকাৰ লগতে ১,৪১৭ তৃতীয় লিংগৰ ভোটাৰ আছে।  ভোটদানৰ বাবে মুঠ ৫১,৭৮২ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে৷ লগতে ১৮২ টা আদৰ্শ ভোটকেন্দ্ৰ থাকিব। ৫০ শতাংশ ভোটকেন্দ্ৰ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। ৩৩ টা ভোটকেন্দ্ৰত যুৱ ভোটগ্ৰহণ দল থাকিব।