Logo
image

অখিলৰ অস্ত্ৰোপচাৰ সম্পন্ন

আমাৰ অসম, ৫ নৱেম্বৰ: সুকলমে অস্ত্ৰোপচাৰ সম্পন্ন হ’ল কৃষক নেতা অখিল গগৈৰ৷ বেংগালুৰুৰ নাৰায়ণা হেল্‌থ চিটি হাস্পতালত শুকুৰবাৰে পুৱা ৯ বজাত ছুপ্ৰা ভেণ্টিকুলাৰ টেকিকাৰ্ডিয়া ৰোগত আক্ৰান্ত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰে বিশেষজ্ঞ চিকিৎসকে৷ নাৰায়ণা হেলথ চিটিৰ বিশেষজ্ঞ  ডাঃ শ্ৰেচা শংকৰ মাইৰা আৰু ডাঃ কপিল কুমাৱতৰ তত্বাৱধানত জটিল ইপিএছ-আৰ এফ এ অস্ত্ৰোপচাৰ সম্পন্ন হয়৷ প্ৰায় দুঘণ্টা ধৰি চলা অস্ত্ৰোপচাৰ অন্তত বিধায়ক অখিল গগৈক চিচিইউ কক্ষত চিকিৎসকৰ নজৰত ৰখা হৈছে৷ বৰ্তমান অখিল গগৈ বিপদমুক্ত বুলি চিকিৎসকে পৰিয়ালক জানিবলৈ দিছে৷ অস্ত্ৰোপচাৰৰ পাছত অখিল গগৈয়ে কথা পতা বুলিও দলীয় নেতৃত্বই সদৰী কৰিছে৷ সম্পূৰ্ণ সুস্থ হৈ উঠাৰ বাবে অখিল গগৈৰ কিছু দিন সময় লাগিব বুলিও চিকিৎসকে পৰিয়ালক জানিবলৈ দিছে৷ ৰাইজৰ দলৰ মুৰব্বী তথা প্ৰিয় নেতাজনৰ সফল অস্ত্ৰোপচাৰৰ বাবে দলীয় কৰ্মী তথা শুভাকাংক্ষীসকলে শিৱসাগৰৰ ঐতিহ্যাসিক শিৱদৌল আৰু লাংকুৰি দেওশালাত পূজা অৰ্চনা আগবঢ়োৱা দেখা গৈছিল৷ অখিল গগৈক চিকিৎসাৰ বাবে অসম বিধানসভাৰ ফালৰ পৰা ৫০ শতাংশ আগধন দিয়া হৈছে৷ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় অসম বিধানসভাৰ ফালৰ পৰা নিয়ম অনুসৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে৷ ইফালে অখিল গগৈক সাক্ষাৎ কৰাৰ বাবে বেংগালুৰুত কৰ্মৰত অসমৰ বিভিন্ন ব্যক্তি তথা শুভাকাংক্ষীয়ে নাৰায়ণা হাস্পতালত ভিৰ কৰাও পৰিলক্ষিত হৈছে৷