Logo
image

সন্তানৰ মৃতদেহ আঁতৰাবলৈ দিয়া নাই মমতাময়ী হস্তিনীয়ে

আমাৰ অসম, ৫ নৱেম্বৰ:  ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ গৰুৱাঝাৰ চয়াবস্তীত হাতী পোৱালিৰ কৰুণভাৱে মৃত্যু হয়৷ পোৱালিটোৰ কাষত অহৰহ মাতৃৰ আৰ্তনাদ৷ অশেষ কষ্ট কৰিও বন বিভাগ কিম্বা কোনোৱে সন্তানৰ কাষৰ পৰা আঁতৰাব পৰা নাই মমতাময়ী হস্তীনীক৷ বন্যপ্ৰাণীৰো যে সন্তানৰ প্ৰতি থকা মাতৃৰস্নেহৰ এয়া আন এক জীৱন্ত নিদৰ্শন৷ অকল যে জীৱ শ্ৰেষ্ঠৰে মমতা আছে তেনে নহয়৷ বন্য জীৱ-জন্তুৰো মমতা আছে সেয়া এই   হৃদয়বিদাৰক দৃশ্য দেখিলেই সহজে অনুমেয়৷ এই দৃশ্যই শ-শ লোকক কন্দুৱাইছে৷ সন্তানৰ প্ৰতি মাতৃস্নেহৰ এক অনন্য নিদৰ্শন৷ মৃত সন্তানৰ কাষত মাতৃৰ আৰ্তনাদ চিঞৰ৷ বন্যজীৱ হ’লেও সিহঁতৰ মাজতো যে মাতৃস্নেহ মায়া, মমতা আছে সেয়া যেন এই দৃশ্যই পুনৰবাৰ প্ৰমাণ কৰি দিলে৷ বন্যহস্তীৰ উপদ্ৰৱৰ ফলত দুষ্ট খেতিয়কে নিজৰ ধাননিডৰা ৰক্ষা কৰিবলৈ পথাৰত সংযোগ কৰা বিদু্যৎৰ তাঁৰত লাগি শুকুৰবাৰে চয়াবস্তীৰ এই পথাৰখনতে মৃত্যু হয় প্ৰায় ডেৰ বছৰীয়া হাতী পোৱালিটোৰ৷ পোৱালিটোৰ মৃত্যুৰ পাছতে পুৱতি নিশাৰ পৰাই মৃত পোৱালিটোৰ কাষত অৱস্থান কৰে মাতৃয়ে৷ কোনো কাৰণতে যেন এৰি নাযায় নিজ সন্তানক৷ এই দৃশ্যই এতিয়া সকলো জীৱ প্ৰেমীকে কন্দুৱাই তুলিছে৷ ঘটনাস্থলীত বন বিভাগ উপস্থিত হৈ মৃত পোৱালিটোৰ কাষৰ পৰা মাতৃক আঁতৰাই পঠাবলৈ বহু চেষ্টা কৰিও সন্ধিয়ালৈ বিফল হয়৷ টেক্টৰ, জেচিবিৰে খেদিবলৈ চেষ্টা চলাই বিফল হৈ বন বিভাগে শূন্যলৈ গুলীচালনাপৰ্যন্ত কৰে৷ কিন্তু সন্তানৰ স্নেহত বন্দী মাতৃয়ে যেন একোলৈকে ভ্ৰূক্ষেপ নকৰে৷ মানুহে যিমানেই হাতীটোক আঁতৰাই পঠাবলৈ চেষ্টা কৰিছে সিমানে হাতীটোৱে মৃত সন্তানক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে৷ যেন মমতাময়ী মাতৃয়ে মানি ল’ব পৰা সন্তানৰ মৃত্যুৰ কথা৷ সকলো বাধা ওফৰাই মাতৃয়ে লগতে লৈ যাব সন্তানক৷ ওদালগুৰিৰ গৰুৱাঝাৰৰ এনে মৰ্মন্তুদ ঘটনাই এতিয়া চকু সেমেকাই তুলিছে জীৱশ্ৰেষ্ঠ মানৱক৷