Logo
image

সভাপতি হৈয়েই পুনৰ মিত্ৰতাৰ প্ৰস্তাৱ আজমলৰ

আমাৰ অসম, ৫ নৱেম্বৰ: সভাপতি নিৰ্বাচিত হৈয়ে বদৰুদ্দিন আজমলে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী সকলো শক্তিক পুনৰ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়ায়৷ বদৰুদ্দিন আজমলক শুকুৰবাৰে পুনৰবাৰ এআইইউডিএফৰ সভাপতি নিৰ্বাচিত কৰে দলৰ সাধাৰণ পৰিষদে৷ পুনৰ দলৰ সভাপতিৰ দায়িত্ব লৈ আজমলে সংবাদমেল আয়োজন কৰি কয়–ৰাহুল গান্ধীয়ে ‘ভাৰত জোড়ো’ হওক বা ভাৰত তোড়ো হওক’ কিবা এটা কাৰ্যসূচী লৈছে৷ তাৰবাবে তেওঁক আদৰণি জনাইছো৷ আজিৰ তাৰিখত কংগ্ৰেছৰ মূল লক্ষ্য এআইইউডিএফ৷ কিন্তু এআইইউডিএফৰ মূল লক্ষ্য বিজেপি৷ কংগ্ৰেছ এতিয়া বিজেপিৰ বিচিডি টীম৷ বিজেপিৰ পৰা চিগনেল নোপোৱাকৈ একো কামেই নকৰে কংগ্ৰেছে৷ ধুবুৰী, শালমাৰাৰ পৰা কংগ্ৰেছক আমি জিকাই আনিলো৷ অসমৰ মানুহে এইবোৰ চাই আছে৷ কংগ্ৰেছৰ মূল লক্ষ্য হ’ব লাগিছিল বিজেপি, হৈছে কংগ্ৰেছ৷ বিধানসভা নিৰ্বাচনত আমি বাৰ খন আসনত কংগ্ৰেছক জয়ী কৰাই আনিছোঁ৷  ২০২৪ অতো আমি বিজেপিৰ ঘোৰ বিৰোধীৰ ভূমিকা ল’ম৷ ’২৪ অত আমাৰ লক্ষ্য পাঁচখন আসন৷ এতিয়া আমাৰ হাতত থকা তিনিখন আসনৰ উপৰি আৰু দুখন আসন জয় কৰা আমাৰ লক্ষ্য৷ ইতিমধ্যে আমাৰ খেলা আৰম্ভ হৈছে৷ বিগত লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ আমাৰ সমৰ্থনৰ বাবেহে জিকিছে৷ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আমি সকলো এক হ’ব লাগে৷ ২০২৪ ত সমগ্ৰ ভাৰত বৰ্ষৰ পৰা বিজেপিক বিদায় দিয়াতো আমাৰ লক্ষ্য৷ আগন্তুক সময়ত আমাৰ সন্মুখত ডাঙৰ পৰীক্ষা আছে৷ দেশজুৰি বিৰোধীৰ এক মহাজোঁট গঠন কৰাৰ পৰিকল্পনা চলি আছে৷ কংগ্ৰেছে আমাক বাৰম্বাৰ বেইমানি কৰিলেও বিজেপিক বিদায় দিয়াৰ স্বাৰ্থত আমি মহাজোঁটক সমৰ্থন দিবলৈ সাজু আছোঁ৷ অঞ্জন দত্ত মোৰ ভাল বন্ধু আছিল৷ কিন্তু তেওঁৰ ছোৱালীয়ে মোৰ বিষয়ে পাগলৰ দৰে কৈ আছে৷ কংগ্ৰেছ-ইউডিএফৰ ভোট একেখিনিয়েই৷ কংগ্ৰেছে ইউডিএফৰ লগত যুদ্ধ কৰি লি লাভ? উল্লেখ্য, বদৰুদ্দিন আজমলৰ নেতৃত্বতে দলটোৱে ১৮ বছৰপূৰ্ণ কৰিলে৷